অসম

assam

ETV Bharat / state

আগন্তুক দুদিনত ৰাজ্যজুৰি অৰেঞ্জ এলাৰ্ট জাৰি, গুৱাহাটীত সৰ্বোচ্চ তাপমাত্ৰা ৩০ ডিগ্ৰীলৈ হ্ৰাসৰ সম্ভাৱনা - Weather in Assam - WEATHER IN ASSAM

Assam weather report : বিগত কেইবাদিনো ধৰি অসহ্য গৰমে ৰাজ্যবাসীক দহি নিয়াৰ পিছত সোমবাৰে সন্ধিয়া গুৱাহাটীকে ধৰি ৰাজ্যৰ কেইবাঠাইতো হোৱা ধুমুহা আৰু বৰষুণৰ ফলত তাপমাত্ৰা কিছু হ্ৰাস পাইছে । লগতে গৰমৰ প্ৰকোপৰ পৰা কিছু সকাহ লাভ কৰিছে জনসাধাৰণে । ইয়াৰ মাজতে বতৰ বিজ্ঞান কেন্দ্ৰই আগন্তুক দুট দিনত ৰাজ্যজুৰি বৰষুণৰ সম্ভাৱনা ব্যক্ত কৰি সতৰ্কবাণী জাৰি কৰিছে । লগতে গুৱাহাটী মহানগৰীৰ বাবেও তাপমাত্ৰাৰ এক সকাহজনক সম্ভাৱনাৰ কথা উল্লেখ কৰিছে ।

Assam weather report
আগন্তুক দুদিনত ৰাজ্যজুৰি অৰেঞ্জ এলাৰ্ট জাৰি (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Sep 24, 2024, 4:16 PM IST

গুৱাহাটী, ২৪ ছেপ্টেম্বৰ : সৰ্বোচ্চ তাপমাত্ৰাই ৰেকৰ্ড সৃষ্টি কৰাৰ পিছত ৰাজ্যত বতৰ সলনিৰ আগজাননী দিছে গুৱাহাটীত থকা আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই । আগন্তুক দুদিনৰ বাবে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই ৰাজ্যজুৰি অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে ।

আগন্তুক দুদিনত ৰাজ্যত ঠায়ে ঠায়ে প্ৰবলৰ পৰা প্ৰবলতৰ বৰষুণ হ'ব । ঠায়ে ঠায়ে পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হ'ব । লগতে মঙলবাৰে ৰাজ্যৰ কেইবাখনো জিলাত পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে । আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য মতে, মঙলবাৰে কামৰূপ মহানগৰ জিলাৰ লগতে তিনিচুকীয়া, ডিব্ৰুগড়, হোজাই আৰু ধেমাজি জিলাত ৭.৬ মিলিমিটাৰৰ পৰা ৩৫ মিলিমিটাৰলৈ বৰষুণ হোৱাৰ সম্ভাৱনা আছে ।

ৰাজ্যত তাপমাত্ৰাৰ পূৰ্বাভাস (@GuwahatiRMC)

গুৱাহাটীত বুধবাৰৰ পৰা সৰ্বোচ্চ তাপমাত্ৰা হ্ৰাস হ'ব

আনহাতে, গুৱাহাটী মহানগৰীত বুধবাৰৰ পৰা সৰ্বোচ্চ তাপমাত্ৰা হ্ৰাস হ'ব । আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য মতে, মঙলবাৰে গুৱাহাটীৰ সৰ্বোচ্চ তাপমাত্ৰা ৩৫ ডিগ্ৰী চেলচিয়াছ ৰেকৰ্ড কৰা হৈছে । ইফালে বুধবাৰে গুৱাহাটীৰ সৰ্বোচ্চ তাপমাত্ৰা ৩২ ডিগ্ৰী চেলচিয়াছ আৰু অহা ৩০ ছেপ্টেম্বৰলৈকে গুৱাহাটীৰ সৰ্বোচ্চ তাপমাত্ৰা ৩০ ডিগ্ৰী চেলচিয়াছ থাকিব ।

বতৰ বিজ্ঞান কেন্দ্ৰৰ বতৰৰ পূৰ্বাভাস (@GuwahatiRMC)

এই সন্দৰ্ভত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ জ্যেষ্ঠ বিজ্ঞানী সঞ্জয় ওনিল শ্ব'ৱে কয়, "এই সময়ছোৱাত বতৰ সলনিৰ দক্ষিণৰ পৰা আহিবলগীয়া বতাহৰ চাপ ক্ৰমাৎ বৃদ্ধি হৈছে । এই সময়ছোৱাত ৰাজস্থান হৈ পশ্চিমবংগৰ মাজেৰে দক্ষিণ দিশৰ‌ পৰা এই বতাহৰ চাপ অসমত বৃদ্ধি পাব লাগিছিল, কিন্তু অহা নাছিল । দক্ষিণ-পশ্চিমৰ পৰা অহা বতাহত আৰ্দ্ৰতা আছে । দক্ষিণৰ পৰা আহিবলগীয়া বতাহৰ চাপ ক্ৰমাৎ বৃদ্ধিয়ে বৰষুণৰ পৰিমাণ বৃদ্ধি কৰিব ।"

ৰাজ্যত বৰষুণৰ পৰিমাণ হ্ৰাস

ৰাজ্যৰ কেইখনমান জিলাৰ বৰষুণৰ পৰিমাণ হ্ৰাসৰ তথ্য (ETV Bharat Assam)

উল্লেখ্য যে বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা লাভ কৰা তথ্য অনুসৰি, বিগত ১ জুনৰ পৰা (বর্ষাকাল আৰম্ভ হোৱা সময়ৰ পৰা) মঙলবাৰলৈকে ৰাজ্যৰ ১২ খন জিলাত কমকৈ বৰষুণ হৈছে । উক্ত জিলাকেইখন হৈছে বঙাইগাঁও (-৩৬ শতাংশ), চিৰাং (-৪২ শতাংশ), দৰং (-৬০ শতাংশ), ধেমাজি (-৩৪ শতাংশ), ডিমা হাছাও (২৩ শতাংশ), গোৱালপাৰা (-৩৮ শতাংশ), কামৰূপ (-৪১ শতাংশ), কার্বি আংলং (-২৩ শতাংশ), লখিমপুৰ (-২৭ শতাংশ), নগাঁও (-৩৮ শতাংশ), শোণিতপুৰ (-৩০ শতাংশ) আৰু ওদালগুৰি (-২৭ শতাংশ) ।

বাকীকেইখন জিলাতো বৰষুণ কম পৰিমাণে হৈছে যদিও ‘-১৯ 'শতাংশলৈ বতৰ বিজ্ঞানে স্বাভাৱিক বৰষুণ হোৱা বুলিয়েই হিচাপ কৰে ।

লগতে পঢ়ক :ছেপ্টেম্বৰ মাহৰ তাপমাত্ৰা: ৰাজ্যৰ কোনকেইখন চহৰ-নগৰে ৰচিলে অভিলেখ - Assam Weather report
লগতে পঢ়ক :যোৰহাটত গ্ৰীষ্মপ্ৰবাহত দুজন লোকৰ কৰুণ মৃত্যু - Heatstroke in Jorhat

ABOUT THE AUTHOR

...view details