অসম

assam

ETV Bharat / state

৭০ লাখ টকাত বিক্ৰী কৰিছিল একোটাকৈ খৰ্গ: চোৰাংচিকাৰী চাংপু ধৰা পৰিল - RHINO POACHER ARRESTED

এটা বছৰে আৰক্ষীৰ চকুত ধূলি দি পলাই ফুৰা মণিপুৰৰ এই দুৰ্ধৰ্ষ চিকাৰীটোক কাছাৰ আৰক্ষীৰ সহযোগত শিলচৰৰ পৰা গ্ৰেপ্তাৰ কৰিছে গোলাঘাট আৰক্ষীয়ে ।

rhino poacher arrested
চাংপু (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Feb 25, 2025, 9:51 PM IST

গোলাঘাট: ২০২৪ চনৰ ২৫ জানুৱাৰীত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলি ৰেঞ্জত সংঘটিত গঁড় হত্যাৰ লগত জড়িত মূল অভিযুক্ত চাংপুক সোমবাৰে গ্ৰেপ্তাৰ কৰে গোলাঘাট আৰক্ষীয়ে ।

বিগত প্ৰায় এটা বছৰে আৰক্ষীৰ চকুত ধূলি দি পলায়ন কৰি ফুৰা মণিপুৰৰ এই দুৰ্ধৰ্ষ চিকাৰীটোক সোমবাৰে কাছাৰ আৰক্ষীৰ সহযোগত শিলচৰৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় গোলাঘাট আৰক্ষী । গোলাঘাট জিলাৰ আৰক্ষী অধীক্ষক ৰাজেন সিঙে এক বাৰ্তাযোগে জানিবলৈ দিয়া মতে, "কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড় হত্যা কৰি খৰ্গ কাটি নিয়া কেইবাটাও ঘটনাৰ লগত জড়িত থকা এই চিনজাছন ভেলটে ওৰফে চাংপুক আটক কৰি আজি গোলাঘাট আদালতত হাজিৰ কৰিবলৈ সক্ষম হোৱাটো স্বাভাৱিকতেই গোলাঘাট আৰক্ষীৰ এক বিৰাট সফলতা বুলি গণ্য কৰা হৈছে ।"

ঘটনা সন্দৰ্ভত আৰক্ষী অধীক্ষক সিঙে এক প্ৰেছ বাৰ্তাত উল্লেখ কৰা অনুসৰি, "বিগত ২০২৪ বৰ্ষৰ ২৫ জানুৱাৰীত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলি ৰেঞ্জত এটা গঁড় হত্যাৰ ঘটনা সংঘটিত হৈছিল । এই ঘটনাৰ পিছত বোকাখাত আৰক্ষী থানাত ১৭ /২০২৪ নম্বৰত ৰুজু হোৱা গোচৰমৰ্মে আৰক্ষীয়ে মূল অভিযুক্ত চিনজাছন ভেলটে ওৰফে চাংপুৰ কেইবাজনো সহযোগীক আটক কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছিল যদিও মূল অভিযুক্ত চাংপু পলাতক অৱস্থাত আছিল । তেতিয়াৰে পৰা গোলাঘাট আৰক্ষীয়ে চাংপুৰ সন্ধানত অভিযান চলাই আছিল আৰু এক নিৰ্ভৰযোগ্য সূত্ৰৰ খবৰৰ ভিত্তিত যোৱা ১৬ ফেব্ৰুৱাৰীত এই দুৰ্ধৰ্ষ চোৰাং চিকাৰীটো শিলচৰত খোপনি পুতি থকা বুলি নিশ্চিত হয় । লগে লগে গোলাঘাট আৰক্ষীয়ে কাছাৰ আৰক্ষীৰ সৈতে যোগাযোগ কৰি চাংপুৰ অৱস্থিতিৰ কথা অৱগত কৰে । সেই অনুসৰি কাছাৰ আৰক্ষীয়ে ১৭ ফেব্ৰুৱাৰীৰ পুৱতি নিশা এক অভিযান চলাই চাংপুক আটক কৰে ।"

সমান্তৰালকৈ আৰক্ষীয়ে চাংপুৰ জিম্মাৰ পৰা কেইবাটাও চাবোনৰ বাকচত কঢ়িয়াই অনা ড্ৰাগছ জব্দ কৰি সেই সন্দৰ্ভত এক গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰে । ইয়াৰ পাছতে গোলাঘাট আৰক্ষীয়ে জিলাখনৰ আদালতৰ পৰা প্ৰডাকচন ৱাৰেণ্ট লৈ চোৰাং চিকাৰীটোক নিজৰ জিম্মাত লয় ৷

গোলাঘাট আৰক্ষীয়ে মঙলবাৰে চোৰাং চিকাৰী চাংপুক আদালতত হাজিৰ কৰি ৭ দিনৰ বাবে আৰক্ষীৰ জিম্মাত ৰাখিছে । আৰক্ষী অধীক্ষক ৰাজেন সিঙৰ মতে, এই চোৰাং চিকাৰীটো আন কেইবাটাও গঁড় চিকাৰৰ সৈতে জড়িত আছে । আৰক্ষীয়ে এই সকলো দিশ তন্ন-তন্নকৈ অনুসন্ধান কৰিছে আৰু পৰৱৰ্তী সময়ত ইয়াৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিব ৷

উল্লেখ্য যে ২৫ জানুৱাৰীত অগৰাতলি ৰেঞ্জত গঁড় হত্যা কৰি খৰ্গটো কাটি নি চাংপুৱে উক্ত নিশাটো নুমলীগড়ৰ বিলাশ পেগুৰ ঘৰত কটাইছিল ৷ এই ঘটনাৰ পাছদিনাই মণিপুৰলৈ খৰ্গটো লৈ যোৱা বুলি আৰক্ষীৰ আগত স্বীকাৰ কৰিছে চোৰাং চিকাৰীটোৱে । পৰৱৰ্তী সময়ত চোৰাং চিকাৰীটোৱে প্ৰায় ৭০০ গ্ৰাম ওজনৰ এই খৰ্গটো ম্যানমাৰৰ এটা বেপাৰীক ৭০ লাখ টকাত বিক্ৰী কৰা বুলিও আৰক্ষীৰ জেৰাত প্ৰকাশ কৰে ৷

লগতে পঢ়ক:দিন-ডকাইতি ! বেংক এজেণ্টৰ হাত কাটি লুটি নিলে ধন

ABOUT THE AUTHOR

...view details