নগাঁও, ১৯ জুলাই :লাওখোৱা অভয়াৰণ্যৰ পৰা ওলাই অহা এটা প্ৰকাণ্ড ঢেকীয়াপতীয়াই নগাঁৱৰ উত্তৰ-পশ্চিম অঞ্চলত তীব্ৰ আতংকৰ সৃষ্টি কৰাৰ পাচতো বাঘটো খেদাত চূড়ান্তভাৱে ব্যৰ্থ হৈছে ৰাজ্যৰ বিয়াগোম বন বিভাগ । জুৰীয়াৰ জেঙনি, পুঠিমাৰী, বলিকটীয়া আদি অঞ্চলত একপ্ৰকাৰ সন্ত্ৰাসৰ সৃষ্টি কৰি অহাৰ পাচত বিগত তিনিটা দিন ধৰি বাঘটোৱে ত্ৰাসৰ সৃষ্টি কৰি আহিছে নগাঁৱৰ ধিঙৰ বিলতীয়া, আঠগাঁৱকে ধৰি বৃহত্তৰ ধিং অঞ্চলত ।
সম্প্ৰতি ধিঙৰ আঠগাঁৱত বিচৰণ কৰি থকা বাঘটোক কৰায়ত্ত কৰিবলৈ বন বিভাগে চাৰিটাকৈ পিঞ্জৰা, ট্ৰেংকুলাইজ কৰিবলৈ মোতায়েন কৰা তিনিটাকৈ বিশেষজ্ঞ চিকিৎসকৰ দলে প্ৰচেষ্টা অব্যাহত ৰাখিছে যদিও এই পৰ্যন্ত লাভ কৰিব পৰা নাই সফলতা । শুকুৰবাৰেও চলোৱা চেষ্টাত বিফল হৈছে বন বিভাগৰ লোক । আনহাতে, বাঘটোৰ গতিবিধি নিৰীক্ষণৰ বাবে আই আৰ কেমেৰাৰ লগতে ড্ৰোণ আদিৰ দৰে অত্যাধুনিক প্ৰযুক্তিৰ বহু কেমেৰা ব্যৱহাৰ কৰা বুলিও জানিব পৰা গৈছে ।