চামগুৰি, 18 মে’:সন্ত্ৰাসবাদীক নথি-পত্ৰৰ লগতে চিম কাৰ্ড যোগান ধৰা অভিযুক্তৰ বাসগৃহত আৰক্ষীয়ে আৰম্ভ কৰিছে অভিযান । নগাঁৱৰ চামগুৰিৰ কনুৱামাৰীৰ মতিউৰ ৰহমানৰ বিৰুদ্ধে উত্থাপিত হৈছে সন্ত্ৰাসবাদীক বিভিন্ন নথিৰ লগতে চিম কাৰ্ড যোগান ধৰাৰ ভয়ংকৰ অভিযোগ ।
সন্ত্ৰাসবাদীক চিম কাৰ্ড যোগান ধৰাৰ অভিযোগত চামগুৰিৰ মতিউৰ ৰহমানৰ বাসগৃহত গুৱাহাটীৰ পৰা অহা বিশেষ অভিযানকাৰী দলে চলাইছে অভিযান । মতিউৰ ৰহমানে সন্ত্ৰাসবাদীক নথি-পত্ৰ আৰু চিম-কাৰ্ড আদি যোগান ধৰি অহাৰ কিছু তথ্য আৰক্ষীয়ে লাভ কৰা বুলিও এক বিশেষ সূত্ৰে জানিব পৰা গৈছে ।
আৰক্ষীৰ বিশেষ অভিযানকাৰী দল এটাই গুৱাহাটীত আটক কৰা এজন অভিযুক্তক লগত লৈ শনিবাৰে বিয়লি অভিযান চলায় মতিউৰ ৰহমানৰ বাসগৃহত । আনছাৰুল্লা বাংলা টীমৰ সৈতে জড়িত থকাৰ অভিযোগত গুৱাহাটীত আটক হোৱা বাহাৰ মিঞাৰ সৈতে মতিউৰ ৰহমানে পূৰ্বে বাংগালুৰুত একেলগে কাম কৰিছিল বুলিও জানিব পৰা গৈছে ।