যোৰহাট, 13 মাৰ্চ: ৰাজ্যৰ সাহিত্য জগতৰ বাবে দুঃসংবাদ । বিশিষ্ট ঔপন্যাসিক, ৰাজনৈতিক বিশ্লেষক অৰুণ গোস্বামী আৰু নাই । মঙলবাৰৰ নিশা 9 বাজি 45 মিনিটত গোস্বামীয়ে শেষ নিশ্বাস ত্যাগ কৰে । যোৰহাটৰ মিছন হাস্পতালত চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট ঔপন্যাসিকগৰাকীয়ে । বিগত কেইবাদিনো ধৰি ICU ত চিকিৎসাধীন হৈ আছিল গোস্বামী । মৃত্যুৰ সময়ত অৰুণ গোস্বামীৰ বয়স আছিল 82 বছৰ।
দেৰগাঁৱৰ বঙালগাঁৱত জন্মগ্ৰহণ কৰিছিল অৰুণ গোস্বামীয়ে । কালক্ষণ, চলন্ত বিৱৰণী অন্যতম জনপ্ৰিয় গ্ৰন্থ আছিল প্ৰয়াত অৰুণ গোস্বামীৰ । অৰুণ গোস্বামীৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ উপন্যাস ‘পটভূমি’ । পৃথিৱীৰ সৰ্ববৃহৎ গ্ৰন্থ, 10160 পৃষ্ঠাৰ ‘অগ্নিশিখা’ তেওঁৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছিল ।
স্তম্ভ লেখক, ৰাজনৈতিক বিশ্লেষক হিচাপেও বিশেষ সুনাম আছিল অৰুণ গোস্বামীৰ । যোৰহাট জে বি কলেজত একেৰাহে 4 বাৰ শ্ৰেষ্ঠ সাহিত্য আৰু আবৃত্তিকাৰ হিচাপে যি অভিলেখ গঢ়িলে, সেয়া আজি পৰ্যন্ত কোনেও ভংগ কৰিব পৰা নাই ৷ প্ৰয়াত গোস্বামীৰ গল্প আৰু নাট বঙালী, হিন্দী, ইংৰাজী, ওড়িয়া আদি ভাষালৈ অনুবাদ হৈছে ।
'মাছমৰীয়া ছোৱালীৰ লাজ নামৰ গল্পৰ আধাৰত কৰা ‘লাজ’ আৰু 'আই ক'ত নাই' একে নামতে কৰা বোলছবি দুখন প্ৰথমখন ভাৰতীয় পেনৰামালৈ নিৰ্বাচিত আৰু 'আই ক’ত নাই' ছবিখনে সৰ্বভাৰতীয় 'নাৰ্গিছ দত্ত সংহতী বঁটা লাভ কৰিছিল । দূৰদৰ্শনযোগে সম্প্ৰচাৰিত হৈছিল প্ৰয়াত গোস্বামীৰ অসমীয়া আৰু হিন্দী ভাষাৰ 14 খনকৈ ধাৰাবাহিক ৷