অসম

assam

পৰৱৰ্তী পাঁচদিনলৈ উত্তৰ পূৰ্বাঞ্চলৰ লগতে অসমত অব্যাহত থাকিব বৃষ্টিপাত - ASSAM WEATHER FORECAST

By ETV Bharat Assamese Team

Published : Jun 27, 2024, 12:38 PM IST

Rainfall In Assam : সাগৰপৃষ্ঠত উৎপত্তি হোৱা ধুমুহাৰ ফলত উত্তৰ পূৰ্বাঞ্চলৰ লগতে ৰাজ্যতো প্ৰভাৱ পৰিব বৰষুণৰ ৷ পৰৱৰ্তী 5 দিনলৈ বৰষুণ অব্যাহত থকাৰ সম্ভাৱনা জাৰি কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই ৷ পঢ়ক সবিশেষ ...

ASSAM WEATHER FORECAST
গৰমৰ পৰা পাব সকাহ (ETV Bharat Assam)

গুৱাহাটী, 27 জুন:পৰৱৰ্তী পাঁচদিনলৈ উত্তৰ-পূৰ্বাঞ্চলৰ লগতে অসমত অব্যাহত থাকিব বৃষ্টিপাত ৷ বতৰৰ এই আগলি বতৰা দিছে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই ৷ সাগৰপৃষ্ঠত উৎপত্তি হোৱা ধুমুহাৰ ফলত উত্তৰ পূৰ্বাঞ্চলৰ লগতে ৰাজ্যতো প্ৰভাৱ পৰিব বৰষুণৰ ৷

বৰষুণৰ সম্ভাৱনা জাৰি (ETV Bharat Assam)

বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰা নিৰ্দেশনা অনুসৰি, 28 জুনলৈ অসম, মেঘালয়, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাৰ কিছু কিছু অঞ্চলত ধাৰাসাৰ বৰষুণৰ লগতে বিজুলী-ঢেৰেকণি হোৱাৰো সম্ভাৱনা আছে ৷

ঠিক তেনেদৰে, 29 আৰু 30 জুনত অসম-মেঘালয়ৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ কিছু কিছু ঠাইত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা প্ৰবল ৷ নিৰ্দেশনা অনুসৰি, প্ৰথম দুদিনত অসম, মেঘালয়, অৰুণাচলৰ কেইবাটাও প্ৰান্তত মধ্যমীয়া বৰষুণ হোৱাৰ পূৰ্ণ সম্ভাৱনা থকা বুলি বতৰ বিজ্ঞান কেন্দ্ৰই জনাইছে ৷ সমান্তৰালকৈ নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাতো মধ্যমীয়া বৰষুণৰ আশংকা প্ৰকাশ কৰা হৈছে ৷

পৰৱৰ্তী তিনিদিনত সাতভনীৰ আটাইকেইখন ৰাজ্যতে মজলীয়া বৰষুণৰ সম্ভাৱনা ব্যক্ত কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই ৷ আনহাতে, দ্বিতীয় আৰু চতুৰ্থটো দিনত অসম, অৰুণাচলৰ দুই-এক স্থানত প্ৰবল বৃষ্টিপাতৰ সম্ভাৱনা আছে ৷

উৎকট গৰমৰ পৰা কিছু পৰিমাণে সকাহ দিব এই বৰষুণে ৷ সাগৰীয় ধুমুহাৰ ফলতে ৰাজ্যত সলনি হ’ব বতৰৰ ৰূপৰেখা ৷ এই ধুমুহাজাক পশ্চিমবংগৰ পৰা অসম হৈ গতি কৰিব মণিপুৰলৈ ৷ যাৰ প্ৰভাৱৰ অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ আন আন ৰাজ্যসমূহত বৰষুণ হ’ব ৷

উল্লেখ্য যে, বিগত সময়ত নেৰানেপেৰা বৰষুণৰ ফলতে ৰাজ্যত সৃষ্টি হৈছিল বান পৰিস্থিতি ৷ শেহতীয়াকৈ কিছু পৰিমাণে ৰাজ্যৰ বান পৰিস্থিতি উন্নত হোৱা দেখিবলৈ পোৱা গৈছে ৷

লগতে পঢ়ক:ৰেমলৰ পিচতে এইবাৰ আহি আছে মৌচুমী - weather forecast

সুস্থিৰ হোৱাৰ দিশে ৰাজ্যৰ বান পৰিস্থিতি; মৃতকৰ সংখ্যা ৩০ লৈ বৃদ্ধি - Assam Flood 2024

ABOUT THE AUTHOR

...view details