অসম

assam

ETV Bharat / state

নিযুক্তিৰ নামত প্ৰৱঞ্চনা, ডিব্ৰুগড়ত গ্ৰেপ্তাৰ ক্ৰীড়া বিভাগৰ কৰ্মচাৰী - Job scam - JOB SCAM

Job scam: স্পৰ্টছ কোটাত নিযুক্তি প্ৰদানৰ নামত একোজন প্ৰাৰ্থীৰ পৰা ২-৩ লাখ টকাকৈ সংগ্ৰহ কৰিছিল লোহিত দাস নামৰ ক্ৰীড়া বিভাগৰ এজন কৰ্মচাৰীয়ে । ভুক্তভোগীৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰিছে লোহিত দাসক ।

Job scam
ডিব্ৰুগড়ত গ্ৰেপ্তাৰ ক্ৰীড়া বিভাগৰ কৰ্মচাৰী (ETV Bharat)

By ETV Bharat Assamese Team

Published : Sep 20, 2024, 5:58 PM IST

ডিব্ৰুগড়,২০ ছেপ্টেম্বৰ : ৰাজ্যত প্ৰতিদিনে লাখ লাখ নিবনুৱাই চাকৰিৰ নামত হাহাকাৰ কৰিছে । তেনে সময়তে নিবনুৱা সমস্যাৰ সুযোগ গ্ৰহণ কৰিছে একাংশ দুষ্টচক্ৰই । চৰকাৰৰ বিভিন্ন বিভাগত নিযুক্তি প্ৰদানৰ প্ৰলোভনেৰে কোটি কোটি টকা সংগ্ৰহ কৰিছে দুষ্টচক্ৰই । একপ্ৰকাৰ ৰাজ্যত চাকৰিৰ বজাৰ মেলি দিছে সেই চক্ৰটোৱে । চাকৰিৰ নামত কোনেও এটকাও সংগ্ৰহ কৰিব নোৱাৰিব বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰি থকাৰ সময়তে চক্ৰটোৱে বিভিন্নজনৰ পৰা ধন সংগ্ৰহ কৰাত ব্যস্ত হৈছে ।

চৰকাৰী চাকৰিৰ নামত কেলেংকাৰী

ডিব্ৰুগড়তো চৰকাৰী চাকৰিত নিযুক্তিৰ নামত ধন সংগ্ৰহ কৰি গ্ৰেপ্তাৰ হৈছে এজন চৰকাৰী কৰ্মচাৰী । ভুক্তভোগীৰ অভিযোগৰ ভিত্তিতে ডিব্ৰুগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে প্ৰৱঞ্চক লোহিত দাসক । লোহিত দাস অসম চৰকাৰৰ ক্ৰীড়া বিভাগৰ কৰ্মচাৰী ।

ডিব্ৰুগড়ত গ্ৰেপ্তাৰ ক্ৰীড়া বিভাগৰ কৰ্মচাৰী (ETV Bharat)

অভিযোগ অনুসৰি বিগত কেইবা বছৰ ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লোকক ক্ৰীড়া কোটাত চাকৰি দিয়াৰ নামত লোহিত দাসে ২ৰ পৰা ৪ লাখ টকা সংগ্ৰহ কৰিছে । ইতিমধ্যে ডিব্ৰুগড় জিলাৰ বিভিন্ন থানাত লোকজনৰ বিৰুদ্ধে ভুক্তভোগীসকলে অভিযোগ দাখিল কৰিছে । বহুদিন ধৰি আত্মগোপন কৰি থকা লোহিত দাসক বৃহস্পতিবাৰে ডিব্ৰুগড় আৰক্ষীয়ে আটক কৰে । অভিযোগ অনুসৰি জিলা আয়ুক্তৰ চহী জালিয়াতি কৰি বহুতকে চাকৰিৰ নামত নিযুক্তি পত্ৰ দিছিল লোহিত দাস নামৰ চৰকাৰী কৰ্মচাৰীজনে । চাকৰিৰ প্ৰলোভন দি কোটি কোটি টকা সংগ্ৰহৰ অভিযোগত ডিব্ৰুগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি শুকুৰবাৰে কাৰাগাৰলৈ প্ৰেৰণ কৰিছে ক্ৰীড়া বিভাগৰ কৰ্মচাৰী লোহিত দাসক ।

ইফালে ক্ৰীড়া বিভাগেও চাকৰিৰ পৰা নিলম্বন কৰিছে লোহিত দাসক । এগৰাকী ভুক্তভোগীৰ মতে লোহিত দাসে ইতিমধ্যে বিভিন্নজনৰ পৰা প্ৰায় ৫-৬ কোটি সংগ্ৰহ কৰিছে । লোকজনে অভিযোগ কৰা মতে গুৱাহাটীকে ধৰি বিভিন্ন স্থানত মাটি আৰু বিলাসী ফ্লেট ক্ৰয় কৰি থৈছে লোহিতে ।

ভুক্তভোগীজনে কয়,"লোহিত দাস ডিব্ৰুগড়ৰ ক্ৰীড়া বিভাগৰ কৰ্মচাৰী । তেওঁ ২০১৭ চনৰ পৰাই স্পৰ্টছ কোটাত চাকৰি দিয়াৰ নামত ধন সংগ্ৰহ কৰি আহিছে । লোহিতে জিলা আয়ুক্তৰ লগতে ক্ৰীড়া বিভাগৰ শীৰ্ষ বিষয়াৰ চহী থকা নিযুক্তি পত্ৰ ডাকযোগে বিভিন্নজনলৈ প্ৰেৰণ কৰে । আনকি যোগদান কৰিবলৈও প্ৰাৰ্থীৰ লগতে আহে আৰু কাৰ্যালয়ত প্ৰৱেশৰ পূৰ্বে বিভিন্ন অজুহাত দেখুৱাই পলায়ন কৰে । বিভিন্নজনক ধন ঘূৰাই দিম বুলি কৈছে যদিও এতিয়ালৈ দিয়া নাই ।"

লগতে পঢ়ক :চুমী-তাৰ্কিক জেলত, বিশালক পুনৰ জিম্মাত ল’লে আৰক্ষীয়ে - Online trading scam

ABOUT THE AUTHOR

...view details