ডিব্ৰুগড় : অসমৰ চাহ পৃথিৱী বিখ্যাত । এই চাহৰ লগতে অসমৰ সমাজ জীৱন আৰু অৰ্থনৈতিক ব্যৱস্থা বহু পৰিমাণে জড়িত । ইংৰাজৰ শাসনকালতে অসমত চাহ খেতি আৰু চাহ উদ্যোগ আৰম্ভ হৈছিল আৰু সেই চাহে বৰ্তমান সময়ত অসমৰ অৰ্থনীতি শক্তিশালী কৰিছে ।
ব্ৰিটিছসকলে চাহ বাগিচা স্থাপন কৰি নিৰ্মাণ কৰিছিল বাংলো । কালক্ৰমত চাহ বাগিচাসমূহৰ মালিক, পৰিচালক সলনি হোৱাত নতুনত্ব আহিল চাহ বাগিচাসমূহলৈ । কিন্তু ইয়াৰ মাজতো অসমৰ কিছু কিছু বাগিচাত আজিও দেখিবলৈ পোৱা যায় স্বাধীনতাৰ পূৰ্বৰ ব্ৰিটিছৰ দিনৰ ঐতিহাসিক স্মৃতি । ঠিক তেনেদৰে চাহ বাগিচাৰ মাজত আজিও জিলিকি আছে ইংৰাজে নিৰ্মাণ কৰা বাংলো ।
ব্ৰিটিছসকলে নিৰ্মাণ কৰা চাহ বাগিচাৰ মাজত থকা তেনেকুৱা এটা বাংলো চাবলৈ আপুনি আহিব লাগিব ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ মধ্যভাগত অৱস্থিত চাবুৱাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপতে থকা শিয়ালকাটি চাহ বাগিচালৈ । ভাৰত স্বাধীন হোৱাৰ পূৰ্বে অৰ্থাৎ ১৯৩১ চনতে ব্ৰিটিছে নিৰ্মাণ কৰা বাংলোটো আজিও ব্যৱহাৰোপযোগী হৈ আছে । ইংৰাজ শাসনৰ স্মৃতি জড়িত বাংলোটো সংৰক্ষণৰ চিন্তা কৰিছে ৰাজ্য চৰকাৰে । চাহ পৰ্যটন আঁচনিৰ অধীনত বাংলোটো পুনঃনিৰ্মাণৰ ব্যৱস্থা কৰিছে চৰকাৰে । 'অসম চাহ পৰ্যটন উন্নয়ন আঁচনি'ৰ অধীনত বাংলোটোৰ পুনঃনিৰ্মাণৰ কাম-কাজ ইতিমধ্যে আৰম্ভ কৰা হৈছে । কিছুদিন পূৰ্বে অসম চৰকাৰৰ পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱাই বাংলোটোত উপস্থিত হৈ কাম-কাজৰ অগ্ৰগতিৰ বুজ লৈছে ।
ব্ৰিটিছে কেনেকৈ নিৰ্মাণ কৰিছিল বাংলোটো ?
শিয়ালকাটি চাহ বাগিচাত ১৯৩১ চনতে ব্ৰিটিছে নিৰ্মাণ কৰা বাংলোটো আজিও অতি সুন্দৰ ৰূপত আছে । বাগিচা কৰ্তৃপক্ষই জানিবলৈ দিয়া অনুসৰি ব্ৰিটিছে দুমহলীয়া বাংলোটোৰ খুটাবোৰ লোৰ, বেৰবোৰ বাঁহৰ য'ত চিমেণ্টৰ প্ৰলেপ আছে আৰু মজিয়া কাঠেৰে নিৰ্মাণ কৰিছিল । স্বাধীনতাৰ পূৰ্বে নিৰ্মাণ কৰা ঘৰটোৰ খুটাবোৰ সলনি নকৰাকৈয়ে পুনঃনিৰ্মাণৰ কাম কৰিছে চৰকাৰ আৰু বাগিচা কৰ্তৃপক্ষই । বাংলোটোৰ ভিতৰত আজিও ব্ৰিটিছসকলে ব্যৱহাৰ কৰা দুই এবিধ সামগ্ৰী দেখিবলৈ পোৱা যায় ।