গুৱাহাটী :চাৰিগৰাকী নতুন মন্ত্ৰীৰ অন্তৰ্ভুক্তিৰে মন্ত্ৰীসভাৰ সালসলনিৰ পিচত ড৹ হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে মন্ত্ৰীসভাৰ দপ্তৰসমূহ বিতৰণ কৰাৰ লগতে সালসলনি কৰে পূৰ্বৰ বহুকেইগৰাকী মন্ত্ৰীৰ দপ্তৰ । বহুকেইগৰাকী ৰথী-মহাৰথীৰ দপ্তৰ সালসলনি আৰু কৰ্তনৰ বিপৰীতে চাৰিওগৰাকী নতুন মন্ত্ৰীক দিলে গুৰুত্বপূৰ্ণ বিভাগ । নিজৰ হাতত মুখ্যমন্ত্ৰীয়ে ৰাখিলে পূৰ্বৰ দৰেই বহু গুৰুত্বপূৰ্ণ বিভাগ ।
মুখ্যমন্ত্ৰীৰ হাতত কি কি বিভাগ
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পূৰ্বৰ দৰেই নিজৰ অধীনত ৰাখিলে গুৰুত্বপূৰ্ণ গৃহ বিভাগ । কাৰাগাৰ, গৃহৰক্ষী, অসামৰিক সুৰক্ষা আদি গৃহ বিভাগৰ বিষয়সমূহ সময়ে সময়ে মন্ত্ৰী ৰূপেশ গোৱালাক তদাৰকৰ দায়িত্ব প্ৰদান । লগতে মুখ্যমন্ত্ৰীয়ে নিজৰ লগত ৰাখিলে পাৰ্চনেল বিভাগ, লোক নিৰ্মাণ বিভাগ (গৃহ নিৰ্মাণ আৰু ৰাষ্ট্ৰীয় ঘাইপথ, পথ), স্বাস্থ্য শিক্ষা আৰু গৱেষণা বিভাগৰ লগতে বিতৰণ নকৰা অন্যান্য বিভাগসমূহ ।
কোন মন্ত্ৰীৰ হাতত কি কি বিভাগ
১৮ জনীয়া মন্ত্ৰীসভাত পীযুষ হাজৰীকা, জয়ন্ত মল্লবৰুৱা, ৰণজিৎ দাস, যোগেন মহন, অশোক সিংহল আদিৰ গুৰুত্বপূৰ্ণ বিভাগ কৰ্তনৰ বিপৰীতে অগপৰ দুই মন্ত্ৰী কেশৱ মহন্ত আৰু অতুল বৰাৰ মন্ত্ৰীসভাত বিভাগীয় শক্তি বৃদ্ধি পালে ।
ৰণজিৎ কুমাৰ দাস :মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ হাতৰ পৰা কৰ্তন কৰিলে খাদ্য আৰু অসামৰিক যোগান বিভাগ । নতুনকৈ ৰণজিৎ কুমাৰ দাসৰ হাতত অৰ্পণ কৰা হ'ল মুখ্যমন্ত্ৰী ঘনিষ্ঠ জয়ন্ত মল্লবৰুৱাৰ হাতত থকা পৰ্যটন বিভাগ । পূৰ্বৰ দৰেই ৰণজিৎ কুমাৰ দাসৰ হাতত থাকিল পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, আইন বিভাগ আৰু সাধাৰণ প্ৰশাসন বিভাগ আৰু নতুনকৈ পৰ্যটন বিভাগ ।
অতুল বৰা :মন্ত্ৰী অতুল বৰাৰ হাতত এইবাৰ দিয়া হ'ল পাঁচটাকৈ বিভাগ । নতুনকৈ অগপৰ মন্ত্ৰীগৰাকীক দিয়া হ'ল আবকাৰী বিভাগ । পূৰ্বৰ দৰেই বাহাল থাকিল কৃষি বিভাগ, সীমান্ত সুৰক্ষা আৰু উন্নয়ন বিভাগ, উদ্যানশস্য বিভাগ, অসম চুক্তি ৰূপায়ণ বিভাগৰ দায়িত্ব ।
কেশৱ মহন্ত :মন্ত্ৰী কেশৱ মহন্তৰ হাতৰ পৰা মুখ্যমন্ত্ৰীয়ে আবকাৰী আৰু মীন বিভাগ কৰ্তন কৰিলেও প্ৰদান কৰিলে ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ দৰে গুৰুত্বপূৰ্ণ বিভাগ । আনহাতে, পূৰ্বৰ তথ্য-প্ৰযুক্তি বিভাগ, বিজ্ঞান-প্ৰযুক্তি আৰু জলবায়ু পৰিৱৰ্তন বিভাগ মন্ত্ৰী কেশৱ মহন্তৰ হাততে থাকিল । নতুন মন্ত্ৰীসভাত দপ্তৰ বিতৰণত দেখা গ'ল অগপৰ দুই মন্ত্ৰীৰ বিভাগ সালসলনি হ'লেও অব্যাহত থাকিল গুৰুত্বপূৰ্ণ বিভাগৰ দায়িত্ব ।
উৰ্খাও গৌড়া ব্ৰহ্ম :মন্ত্ৰী উৰ্খাও গৌড়া ব্ৰহ্মৰ অধীনত পূৰ্বৰ দৰেই আছে বড়োলেণ্ড কল্যাণ বিভাগ, হস্ততাঁত আৰু বস্ত্ৰশিল্প, ভূমি সংৰক্ষণ বিভাগ ।
চন্দ্ৰমোহন পাটোৱাৰী : মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক মুখ্যমন্ত্ৰীৰ নতুন দায়িত্ব অৰ্পণ । পীযুষ হাজৰীকাৰ হাতৰ পৰা আনি মুখ্যমন্ত্ৰীয়ে পাটোৱাৰীক দিলে সংসদীয় পৰিক্ৰমা বিভাগৰ দায়িত্ব । আনহাতে, পূৰ্বৰ দৰেই পাটোৱাৰীৰ হাতত থাকিল এক্ট ইষ্ট পলিচি পৰিক্ৰমা বিভাগ, বন আৰু পৰিৱেশ বিভাগ ।
ডাঃ ৰণোজ পেগু :বিশেষ সালসলনি নাই ডাঃ ৰণোজ পেগুৰ বিভাগৰ । শিক্ষা, ভৈয়াম-জনজাতি উন্নয়ন বিভাগেই আৱণ্টন কৰা হৈছে মন্ত্ৰী ডাঃ ৰণোজ পেগুক ।
অশোক সিংহল :২০২১ চনৰ পৰা হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাত গুৰু দায়িত্ব বহন কৰি অহা অশোক সিংহলৰ হাতৰ পৰা মুখ্যমন্ত্ৰীয়ে কৰ্তন কৰিলে কেইবাটাও গুৰুত্বপূৰ্ণ বিভাগ । মন্ত্ৰী অশোক সিংহলৰ পৰা কৰ্তন কৰা হ'ল নগৰ উন্নয়ন আৰু গুৱাহাটী উন্নয়ন প্ৰাধিকাৰী বিভাগ । তেওঁৰ হাতত এতিয়া নতুনকৈ থাকিব স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ আৰু পূৰ্বৰ জলসিঞ্চন বিভাগ ।