টীয়ক, ৩০ জুন :ৰাজ্য়ৰবিভিন্ন অঞ্চলত বানে ভয়াবহ ৰূপ ধাৰণ কৰিছে । আন ঠাইৰ লগতে ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীয়ে টীয়কৰ জাঁজীমুখৰ বিস্তীৰ্ণ অঞ্চল প্লাৱিত কৰিছে । সমান্তৰালকৈ মেলেং বালিচাপৰিৰ ৰঙাজান বাঘজান শ্লুইছ গেটৰ এটা অংশ দেওবাৰে বাঢ়নী পানীয়ে ভাঙি নিয়াত আতংকিত হৈ পৰিছে বৃহত্তৰ অঞ্চলটোৰ ৰাইজ । ভগা শ্লুইছ গেটেৰে সোমোৱা বাঢ়নী পানীয়ে বিস্তৃত কৃষিভূমি প্লাৱিত কৰাৰ লগতে আৱাসসমূহ পানীত বুৰ যোৱাৰ আশংকা কৰা হৈছে ।
উল্লেখ্য় যে ভূমি সংৰক্ষণ বিভাগে ২০১৪ চনত নিৰ্মাণ কৰিছিল এই শ্লুইছ গেটখন । দীৰ্ঘদিন ধৰি মেৰামতি নকৰাৰ বাবেই এইদৰে বাঢ়নি পানীয়ে শ্লুইছ গেটখন ভাগি পেলালে বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে । ৰাইজে জনপ্ৰতিনিধি আৰু সংশ্লিষ্ট বিভাগৰ বিৰুদ্ধে ক্ষোভ উজাৰি কয় যে এই শ্লুইছ গেটখনৰ দীৰ্ঘদিনেই কোনোধৰণৰ মেৰামতিৰ কাম কৰা হোৱা নাই । সেইবাবে আজি ৰাইজে জীয়াতু ভুগিবলগীয়া হৈছে ।