অসম

assam

ETV Bharat / state

দুৰ্নীতিৰ গোচৰত অভিযুক্ত ৰাজু মেদকক জেললৈ প্ৰেৰণ - Raju Medak sent to jail

Raju Medak sent to jail: দুৰ্নীতিৰ গোচৰত অভিযুক্ত MAC ৰ প্ৰাক্তন কাৰ্যবাহী সদস্য ৰাজু মেদকক আদালতত হাজিৰ । শুকুৰবাৰে আদালতত হাজিৰ কৰোৱাৰ পিছতে জেললৈ প্ৰেৰণ কৰে নেতাগৰাকীক । আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ নিৰ্মাণ আঁচনিৰ দুৰ্নীতিৰ গোচৰত ৰাজু মেদকক সোমবাৰে অৰুণাচলত গ্ৰেপ্তাৰ কৰা হৈছিল ৷

Raju Medak, an accused in a corruption case in Jonai, sent to jail
দুৰ্নীতিৰ গোচৰত অভিযুক্ত ৰাজু মেদকক জেললৈ প্ৰেৰণ

By ETV Bharat Assamese Team

Published : Mar 16, 2024, 1:39 PM IST

দুৰ্নীতিৰ গোচৰত অভিযুক্ত ৰাজু মেদকক জেললৈ প্ৰেৰণ

জোনাই,১৬ মাৰ্চ: দুৰ্নীতিৰ গোচৰত দীৰ্ঘদিন ধৰি অভিযুক্ত হৈ থকা মিচিং জনগোষ্ঠীৰ প্ৰাক্তন নেতা তথা MAC ৰ প্ৰাক্তন কাৰ্যবাহী সদস্য ৰাজু মেদকক শুকুৰবাৰে দিনৰ ২ বজাত পুনৰ জোনাই মহকুমা ন্যায়িক আদালতত হাজিৰ কৰোৱা হয় ৷ আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ নিৰ্মাণ আঁচনিৰ দুৰ্নীতিৰ গোচৰত অভিযুক্ত মিচিং বাঃনে কৌবাঙৰ সাধাৰণ সম্পাদক ৰাজু মেদকক সোমবাৰে অৰুণাচলত গ্ৰেপ্তাৰ কৰা হৈছিল ৷

তাৰ পিছতে জোনাইত সৃষ্টি হয় এক উত্তেজনাময় পৰিৱেশৰ ৷ সোমবাৰে নিশা নেতাগৰাকীৰ সমৰ্থকে জোনাই আৰক্ষী থানা ঘেৰাও কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ মঙলবাৰে জোনাই আৰক্ষীয়ে কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজৰে নেতাগৰাকীক জোনাই মহকুমা আদালতত হাজিৰ কৰাই আৰু আদালতে দুদিনৰ বাবে তেওঁক আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছিল ৷

শুকুৰবাৰে পুনৰ জোনাই মহকুমা ন্যায়িক আদালতত হাজিৰ কৰোৱা পিছত ৰাজু মেদকক জেল হাজোলৈ প্ৰেৰণ কৰে আৰক্ষীয়ে ৷ উল্লেখযোগ্য যে জোনাই আৰক্ষী থানাত ৰাজু মেদকৰ বিৰুদ্ধে 159/23 নং ভাৰতীয় দণ্ড বিধিৰ 406/420/409/34 আইনৰ অধীনত এটা গোচৰ পঞ্জীয়ন কৰে । গোচৰ পঞ্জীয়নৰ ১০ দিনৰ পাছত অৰ্থাৎ ৮ জানুৱাৰীৰ পৰা গ্ৰেপ্তাৰ হোৱাৰ ভয়ত নিৰাপদ স্থানত আত্মগোপন কৰি আছিল মেদকে ।

আত্মগোপন কৰিয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ত কেইবাবাৰো অগ্ৰিম জামিন বিচাৰি বাৰে-বাৰে মুখ থেকেচা খাই বিফল হৈছিল ৰাজু মেদক। জোনাই মহকুমা আৰক্ষীয়ে কেইবাবাৰো অভিযান চলাই গ্ৰেপ্তাৰ কৰিবলৈ ব্যৰ্থ হৈছিল । আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি আধুনিক প্ৰযুক্তিৰ সহায়ত অৰুণাচলৰ চিয়াং জিলাৰ বলেঙত অভিযান চলায় ১১ মাৰ্চ তাৰিখে ৰাজু মেদকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ ইফালে তেওঁৰ বিৰুদ্ধে উত্থাপন হোৱা এই অভিযোগক নস্যাৎ কৰে নেতাগৰাকীয়ে ।

লগতে পঢ়ক:গোলাঘাটত সুদখোৰৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান; উদ্ধাৰ আপত্তিজনক নথিপত্ৰ

ABOUT THE AUTHOR

...view details