শিলচৰ, 7 জুলাই:পুনৰ মণিপুৰলৈ আহিব কংগ্ৰেছ নেতা ৰাহুল গান্ধী ৷ হিংসাজৰ্জৰ মণিপুৰৰ পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যৰে সোমবাৰে মণিপুৰলৈ আহিব লোকসভাৰ বিৰোধী দলনেতা ৰাহুল গান্ধী । প্ৰাণৰ মমতাত মণিপুৰৰ পৰা কাছাৰৰ ফুলেৰতলত আশ্ৰয় লোৱা আশ্ৰয় শিবিৰো ৰাহুল গান্ধীয়ে পৰিদৰ্শন কৰিব বুলি অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই দেওবাৰে জনায় ৷
শিবিৰত আশ্ৰয় লোৱা লোকসকলৰ সৈতে মত বিনিময়ত অংশগ্ৰহণ কৰিব বিৰোধী দলপতি ৰাহুল গান্ধীয়ে ৷ পুৱা 9 টা বজাত শিলচৰ কুম্ভীৰগ্ৰাম বিমানবন্দৰৰ পৰা পোনে পোনে লক্ষীপুৰৰ ফুলেৰতল আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰি পুনৰ পথেৰে মণিপুৰৰ জিৰিবাম জিলালৈ যাব ৰাহুল গান্ধী । জিৰিবামত গৈ ৰাজ্যৰ শেহতীয়া পৰিস্থিতিৰ বুজ লৈ পুনৰ শিলচৰ বিমানবন্দৰলৈ উভতি আহিব ৰাহুল গান্ধী ।
অসম প্ৰদেশ কংগ্ৰেছে জানিবলৈ দিয়া অনুসৰি শিলচৰ বিমানবন্দৰত অসম প্ৰদেশ কংগ্ৰেছৰ নেতা-কৰ্মীৰ লগত অসমৰ শেহতীয়া বান পৰিস্থিতি সন্দৰ্ভত আলোচনাত মিলিত হ’ব ৰাহুল গান্ধী । ইয়াৰ পাছত দুপৰীয়া শিলচৰ বিমানবন্দৰৰ পৰা বিশেষ বিমানেৰে মণিপুৰৰ ইম্ফললৈ যাব কংগ্ৰেছ নেতাগৰাকী ৷ ইম্ফলত কেইবাটাও আশ্ৰয় শিবিৰলৈ গৈ পৰিস্থিতিৰ বুজ লোৱাৰ পাছত নিশা ইম্ফলতে কটাব ৰাহুল গান্ধীয়ে ।
তাৰ পিছদিনা অৰ্থাৎ মঙলবাৰে সাংসদগৰাকীয়ে ইম্ফলৰ পৰা নাগালেণ্ড অভিমুখে ৰাওনা হ’ব বুলি আজি শিলচৰত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই জনায় ৷