অসম

assam

পথ দুৰ্ঘটনাত পিতা-পুত্ৰৰ মৃত্যুক কেন্দ্ৰ কৰি ৰাইজৰ উত্তাল প্ৰতিবাদ : মাজুলী পুৰণিবাৰীত উত্তপ্ত পৰিস্থিতি - Protest in Majuli

By ETV Bharat Assamese Team

Published : Jul 17, 2024, 5:33 PM IST

Public protest in Majuli : দোষীক উচিত শাস্তিৰ দাবীত মাজুলী পুৰণিবাৰীত ৰাইজৰ উত্তাল প্ৰতিবাদ ৷ মঙলবাৰে সংঘটিত হোৱা শোকাৱহ পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি ৰাইজে সাব্যস্ত কৰে প্ৰতিবাদ ৷

PUBLIC PROTEST IN MAJULI
মাজুলী পুৰণিবাৰীত ৰাইজৰ উত্তাল প্ৰতিবাদ (ETV BHARAT ASSAM)

মাজুলী, 17 জুলাই : মঙলবাৰে মাজুলীত সংঘটিত হোৱা শোকাৱহ পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি ৰাইজৰ উত্তাল প্ৰতিবাদ ৷ উদণ্ড বাইক আৰোহীৰ খুন্দাত মঙলবাৰে দিনৰভাগত মৃত্যুক আকোঁৱালি লৈছিল পিতা-পুত্ৰই ৷ এই ঘটনাৰ পিচতে দোষীক উচিত শাস্তিৰ দাবীত মাজুলী পুৰণিবাৰীত স্থানীয় ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে ৷ জেংৰাইমুখ-গড়মূৰ পথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৰাইজে ৷ আৰক্ষী-প্ৰশাসন মুৰ্দাবাদ ধ্বনিৰে এই ঘটনাৰ ন্যায় বিচাৰি প্ৰতিবাদ সাব্যস্ত কৰে শ শ পুৰুষ-মহিলাই ৷

পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি ৰাইজৰ উত্তাল প্ৰতিবাদ (ETV BHARAT ASSAM)

2 ঘন্টা ধৰি প্ৰতিবাদকাৰীসকলে অৱৰোধ কৰি ৰাখে পথটো ৷ ফলত গুৰুত্বপূৰ্ণ পথটোত বহু যান-বাহন আৱদ্ধ হৈ পৰে ৷ পৰৱৰ্তী সময়ত প্ৰতিবাদস্থলীত যোৰহাট লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ তপন কুমাৰ গগৈ আৰু জিলা প্ৰশাসনৰ হৈ অতিৰিক্ত আয়ুক্ত ভৰত কোঁৱৰ আৰু আৰক্ষী অধীক্ষক বিবেকানন্দ দাস উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ৷ আনহাতে প্ৰতিবাদস্থলীত জিলা আয়ুক্ত উপস্থিত নোহোৱাত ক্ষোভ প্ৰকাশ কৰে ৰাইজে ৷ এই ঘটনা সন্দৰ্ভত জিলা প্ৰশাসনক এখন স্মাৰক পত্ৰ প্ৰদান কৰে প্ৰতিবাদকাৰীসকলে ৷ ৰাইজৰ দাবী সমাধানৰ আশ্বাস দিয়ে অতিৰিক্ত আয়ুক্তই ৷

উল্লেখ্য যে, মঙলবাৰে মাজুলীত উদণ্ড বাইক চালকৰ খুন্দাত নিহত হৈছিল দুজনকৈ লোক ৷ নিহত দুয়োজন লোক সম্পৰ্কত পিতা-পুত্ৰ ৷ দুৰ্ঘটনাত মৃত্যু হোৱা ভোগেশ্বৰ নাথ (81) এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষক আছিল, আনহাতে পুত্ৰ বসন্ত নাথে (50) সৰু-সুৰা ব্যৱসায় কৰি পৰিয়াল পোহপাল দিছিল ৷ মঙলবাৰে চেঙেলীবাৰী গাঁৱৰ ঘৰৰ পৰা বিশেষ কামত একেলগে ওলাই আহিছিল পিতা-পুত্ৰ ৷ কিন্তু হঠাৎ উদণ্ড বাইক চালকে পথৰ ওপৰতে খুন্দিয়াই আহত কৰে দুয়োজনক ৷ দুয়োজনকে ততাতৈয়াকৈ গড়মূৰ জিলা চিকিৎসালয়লৈ নিয়া হৈছিল যদিও কোনো উপযুক্ত সা-সুবিধা নথকাত পিতৃ ভোগেশ্বৰ নাথক ডিব্ৰুগড়লৈ নিয়া হয় ৷ কিন্তু চিকিৎসালয়লৈ নিয়াৰ পথতে তেখেতৰ মৃত্যু হয় ৷ ইফালে পুত্ৰ বসন্ত নাথকো উন্নত চিকিৎসাৰ বাবে নিয়া হৈছিল যদিও তেখেতেও মৃত্যুক আকোঁৱালি লয় ৷

ইফালে এই ঘটনাৰ পিচতে চেঙেলীবাৰীৰ পিতা-পুত্ৰৰ ঘৰত শোকাকুল পৰিৱেশে বিৰাজ কৰিছে ৷ ভোগেশ্বৰ নাথৰ বৃদ্ধা পত্নী আৰু বসন্ত নাথৰ পত্নী আৰু 16 বছৰীয়া সন্তান এতিয়া কান্দোনত ভাগি পৰিছে ৷

লগতে পঢ়ক :ৰোগী থ’বলৈ আহি মাজুলীৰ পুৰণিবাৰীত দুৰ্ঘটনাত পতিত হ’ল এম্বুলেন্স - Accident In Majuli

ABOUT THE AUTHOR

...view details