মৰাণ, ২৩ জানুৱাৰী :ৰাজ্যত দুৰ্নীতি নিৰ্মূল কৰাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বিভিন্ন কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে । চৰকাৰী আঁচনিৰ দুৰ্নীতি ৰোধৰ বাবেও কঠোৰ হৈছে চৰকাৰ । মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে ঘোষণা কৰিছে যে আঁচনি ৰূপায়ণত ধন আত্মসাৎ কৰা ঠিকাদাৰ, বিষয়াৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰ ব্যৱস্থা । কিন্তু মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশনাৰ প্ৰতি যেন কোনো গুৰুত্ব নাই একাংশ বিষয়া তথা ঠিকাদাৰৰ । ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিদিনে চৰকাৰী আঁচনিত দুৰ্নীতিৰ অভিযোগ উঠিছে ।
এইবাৰ ডিব্ৰুগড় জিলাৰ চাবুৱাত পথ নিৰ্মাণত ব্যাপক কেলেংকাৰীৰ অভিযোগ উঠিছে । পথ নিৰ্মাণৰ ১০ দিন সম্পূৰ্ণ নহওঁতেই চপৰা-চপৰে খহি গৈছে পথটোৰ অংশ । অঞ্চলটোৰ অতি গুৰুত্বপূৰ্ণ চেতিয়া পথাৰ পথটোৰ এনে অৱস্থা দেখি হতবাক স্থানীয় লোকসকল । ঠিকাদাৰে অতি নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰি পথটো নিৰ্মাণ কৰাৰ অভিযোগ কৰিছে স্থানীয় লোকসকলে ।