নলবাৰী, ২৬ জুন : এফালে উৎকট গৰম আৰু আনফালে বিদ্যুতৰ লুকাভাকু । শক্তি বিভাগে বিৰক্ত কৰিছে নলবাৰীৰ ৰাইজক । নিয়মীয়া বিদ্যুৎ যোগানত ব্যৰ্থ শক্তি বিভাগৰ বিৰুদ্ধে এতিয়া জিলাখনৰ প্ৰায়ভাগ লোকেই অতিষ্ঠ । 'ঘৰ ঘৰ বিজলী' শ্ল'গান দিয়া বিজেপি চৰকাৰখনে ২৪ ঘন্টাৰ ভিতৰত ৪ ঘন্টাও বিদ্যুৎ যোগান ধৰিব পৰা নাই ৷ বিশেষকৈ নলবাৰী জিলাত বিগত কেইবাদিন ধৰি বিদ্যুতৰ অনিয়মীয়া যোগানে অতিষ্ঠ কৰিছে ৰাইজক ।
একাংশ বিদ্যুৎ গ্ৰাহকে বিভাগটোৰ বিৰুদ্ধে সৰৱ হৈ কয় যে দিনৰ ভাগত লুকাভাকুৰে বিদ্যুৎ যোগান ধৰি নিশা হ'লে কৰা কৰ্তনে ৰাইজৰ টোপনি কাঢ়িছে । প্ৰচণ্ড গৰমত ওৰেটো নিশাই ৰাইজে উজাগৰে কটাবলগীয়া হোৱাত মঙলবাৰে অতিষ্ঠ হৈ কাষ চাপিছে সংবাদ মাধ্যমৰ । জিলাখনৰ প্ৰতিটো প্ৰান্তৰ লগতে বৰক্ষেত্ৰী অঞ্চলৰ বিদ্যুৎ গ্ৰাহকসকলে বিভাগটোৰ বিৰুদ্ধে ক্ষোভ উজাৰি শীঘ্ৰেই ইয়াৰ যোগান নিয়মীয়া কৰাৰ দাবী জনাইছে ।
উল্লেখ্য যে, বিদ্যুৎ বিভাগৰ চৰম হেমাহি, গাফিলতিৰ বাবেই কিছুদিন ধৰি বিদ্যুৎ যোগান অনিয়মীয়া হৈ পৰিছে । ফলত অতিষ্ঠ হৈছে গ্ৰাহকসকল । এ পি ডি চি এলৰ পৰা বিদ্যুতৰ বিল সময়মতে ঠিকে আহিছে, কিন্তু বিদ্যুতহে যোগান ধৰিব পৰা নাই বুলি অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে ।
প্ৰাপ্ত তথ্য় অনুসৰি, নলবাৰী জিলাৰ চামতাস্থিত বিদ্যুৎ উপ-সংমণ্ডলৰ অধীনষ্ঠ মুকালমুৱা, ৰামপুৰ, মুগদি, বৰ্ণিবাৰী, জয়সাগৰ, নাৰায়ণপুৰ, আদাবাৰী, ঘোগা, লোহাৰকাঠা, দৰঙীপাৰা, দাগাপাৰাকে ধৰি বৰক্ষেত্ৰীৰ কেইবাখনো গাঁৱত যেতিয়াই তেতিয়াই বিদ্যুৎ কর্তনৰে গ্ৰাহকসকলক জলা-কলা খুৱাই আহিছে এ পি ডি চি এলে ৷