অসম

assam

ETV Bharat / state

কলেজ শিক্ষক নিযুক্তিৰ নতুন নিয়মৰ বিৰোধিতাৰে গুৱাহাটীত উত্তাল প্ৰতিবাদ - COLLEGE TEACHER APPOINTMENT DRAFT

এছ এফ আই, ডি ৱাই এফ আই, এ আই ৱাই এফ, আইছা, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে গুৱাহাটীত আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰে ।

college teacher appointment draft
কলেজ শিক্ষক নিযুক্তিৰ নতুন নিয়মৰ বিৰোধিতাৰে গুৱাহাটীত উত্তাল প্ৰতিবাদ (RTV Bharat Assam)

By ETV Bharat Assamese Team

Published : Nov 29, 2024, 3:44 PM IST

গুৱাহাটী : কলেজ শিক্ষক নিযুক্তিৰ প্ৰস্তাৱিত নতুন নিয়মৰ বিৰোধিতা কৰি শুকুৰবাৰে গুৱাহাটীত বিভিন্ন ছাত্ৰ-যুৱ সংগঠনে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । এই নতুন নিয়মৰ বিৰোধিতা কৰি এছ এফ আই, ডি ৱাই এফ আই, এ আই ৱাই এফ, আইছা, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে গুৱাহাটীত এই আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰে ।

সংগঠনকেইটাৰ পূৰ্বঘোষিত কাৰ্যসূচী অনুসৰি প্ৰতিবাদকাৰীসকল দীঘলীপুখুৰী পাৰত মিলিত হয় । তাৰ পিচত প্ৰতিবাদকাৰীসকলে হাতে‌ হাতে বেনাৰ, ফেষ্টুন লৈ বিভিন্ন শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে ।

কলেজ শিক্ষক নিযুক্তিৰ নতুন নিয়মৰ বিৰোধিতাৰে গুৱাহাটীত উত্তাল প্ৰতিবাদ (RTV Bharat Assam)

কাৰ্যসূচীত অংশগ্ৰহণ কৰি ডি ৱাই এফ আইৰ ৰাজ্যিক নেতা নিৰংকুশ নাথে কয়, "গৱেষণা আৰু নিৰ্দিষ্ট বিষয়ৰ অভিজ্ঞতাক সম্পূৰ্ণৰূপে অৱজ্ঞা কৰি কলেজ শিক্ষক নিযুক্তিৰ বাবে যি নিয়মৰ প্ৰস্তাৱ কৰিছে তাক তীব্ৰ বিৰোধিতা কৰিছে ৰাজ্যৰ ছাত্ৰ আৰু যুৱ সংগঠনসমূহে ।"

তেওঁ লগতে কয়, "অসম মহাবিদ্যালয় কৰ্মচাৰী (প্ৰাদেশিকীকৰণ) নীতি, ২০২৪ৰ খচৰাত কলেজ শিক্ষক নিযুক্তিৰ নতুন নিয়ম প্ৰস্তাৱ কৰা হৈছে । ইয়াৰ বিৰুদ্ধে ৰাজ্যত বিৰোধিতা হৈছে । গৱেষক, স্নাতকোত্তৰ শিক্ষাৰ্থী আৰু শিক্ষক-শিক্ষয়িত্ৰী, কলেজ শিক্ষক সন্থাৰ পৰা আৰম্ভ কৰি বিভিন্ন ছাত্ৰ সংগঠনে ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছে ।"

চৰকাৰক সমালোচনা কৰি তেওঁ কয়, ‘‘এই নতুন নিয়মত গৱেষণাৰ দিশটোক উপেক্ষা কৰিছে । আকৌ নিযুক্তি পৰীক্ষা অনুষ্ঠিত কৰিব লোৱা বিষয়টোৱে নেট বা শ্লেট পৰীক্ষাৰ বৈধতাকে প্ৰশ্ন কৰিছে । চৰকাৰৰ এই সিদ্ধান্তই ভৱিষ্যৎ দিনত গৱেষণাৰ দিশটোক কোঙা কৰিব ।’’

মুখ্যমন্ত্ৰীৰ মন্তব্য প্ৰসংগত তেওঁ কয়, "মুখ্যমন্ত্ৰীয়ে কালি কৈছে যে এই নতুন নিয়ম ২০২৬ চনৰ পৰা বলৱৎ কৰা হ'ব । যদি সেয়ে হয় তেন্তে এতিয়াই ইমান খৰখেদাকৈ খচৰা কিয় প্ৰস্তুত কৰিবলগা হ'ল । মুখ্যমন্ত্ৰীয়ে কোনো‌ পক্ষৰ লগত আলোচনা নকৰাকৈয়ে এনেদৰে নিজে সিদ্ধান্ত লৈ উচ্চ শিক্ষাক ধ্বংসৰ মুখলৈ‌ ঠেলি‌ দিব‌‌ বিচাৰিছে ।"

লগতে পঢ়ক :কলেজ শিক্ষক নিযুক্তিৰ নতুন নিয়মে কি প্ৰভাৱ পেলাব উচ্চ শিক্ষাৰ ক্ষেত্ৰত ?
লগতে পঢ়ক :শিক্ষক নিযুক্তিৰ খচৰাৰ বিৰোধিতাৰে প্ৰতিবাদ

ABOUT THE AUTHOR

...view details