অসম

assam

ETV Bharat / state

কা বলৱৎ: শিৱসাগৰত ভীষণ প্ৰতিবাদ - citizenship amendment act 2019

Citizenship Amendment Act 2019: দেশজুৰি বলৱৎ হ’ল নাগৰিকত্ব সংশোধনী আইন চমুকৈ ‘কা’ ৷ সোমবাৰে কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰে এই কথা ৷

protest against govt implementing citizenship amendment act 2019
ৰাজ্যজুৰি প্ৰতিবাদ

By ETV Bharat Assamese Team

Published : Mar 11, 2024, 10:27 PM IST

ৰাজ্যজুৰি প্ৰতিবাদ

শিৱসাগৰ, 11 মাৰ্চ :শিৱসাগৰত কা বলৱৎ কৰাক লৈ প্ৰতিবাদ ৷ সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ ৷ সোমবাৰে কা বলৱৎ হোৱাৰ পাচতে কা বিৰোধিতা কৰি অহা জাতীয় দল-সংগঠন সকলো নামিল ৰাজপথত । শিৱসাগৰত আন্দোলনকাৰীক ৰুধিবলৈ সষ্টম আৰক্ষী বাহিনী । আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত তীব্ৰ বাক-বিতণ্ডা । প্ৰতিবাদকাৰীক প্ৰতিহত কৰিবলৈ আৰক্ষীয়ে কৰে গেছ নিক্ষেপ ।

ৰাইজৰ দল, কৃষক মুক্তি, ছাত্ৰ মুক্তি, অসম ছাত্ৰ যুৱ সন্মিলনি, উজনি অসম মুছলিম পৰিষদ, মৰিয়া ছাত্ৰ সন্থা, অসমীয়া যুৱ মঞ্চ আদি সংগঠনে সাব্যস্ত কৰিলে প্ৰতিবাদ । গেছ নিক্ষেপতে ক্ষান্ত নাথাকি প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীয়ে কৰে লাঠি চাৰ্জ । আগন্তুক সময়ত আৰু অধিক উত্তপ্ত হৈ পৰিব পাৰে শিৱসাগৰৰ পৰিস্থিতি ‌। প্ৰতিবাদ ৰোধ কৰিবলৈ সাজু হৈছে আৰক্ষী প্ৰশাসন ।

আনহাতে মুখ্যমন্ত্ৰীক কঠোৰ ভাষাৰে সমালোচনা কৰি দেশত কা বলৱৎ হোৱাৰ বিৰুদ্ধে অসমত ৰাজপথলৈ অসমপ্ৰেমীক ওলাই অহাৰ উদাত্ত আহ্বান জনাইছে কৃষক মুক্তি‌ সংগ্ৰাম সমিতিৰ নেতা বিদ্যুৎ শইকীয়াই । তেওঁ কয়, ‘কা কেতিয়াও মানি লোৱা নহ’ব । কাপুৰুষৰ বাহিৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা তথা বি জে পি চৰকাৰক কোনেও ভয় নকৰে । অসমীয়া জাতিৰ ৰক্ষাৰ বাবে আৰক্ষীৰ হাজাৰ‌ বেৰিকেড ভাঙি পেলোৱা হ’ব ।‌ অসমত ২০১৯ চনৰ পৰিৱেশ সৃষ্টি হ’ব ।’ লোকসভা নিৰ্বাচনৰ‌ পূৰ্বে অসমত যদি কিবা অপ্ৰীতিকৰ পৰিৱেশ সৃষ্টি হয় তাৰ বাবে বি জে পি চৰকাৰ দায়ী হ’ব বুলি কৃষক মুক্তিৰ নেতাজনে সকীয়াই দিয়ে ।

সোমবাৰে দেশত বলৱৎ কৰা হৈছে নাগৰিকত্ব সংশোধনী আইন চমুকৈ কা । কেন্দ্ৰীয় চৰকাৰে এই সন্দৰ্ভত জাৰি কৰিছে অধিসূচনা । সামাজিক মাধ্যমত পোষ্ট দিছে গৃহ মন্ত্ৰণালয়ে । ইয়াকে লৈ অসমৰ সৰ্বত্ৰে তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে । ইপিনে ‘কা’ৰ অধিসূচনা জাৰি কৰাক লৈ হাই-এলাৰ্ট জাৰি কৰিছে অসম আৰক্ষীয়ে । মহানগৰীত বেৰিকেডসহ সাজু হৈছে আৰক্ষী । জনতা ভৱনতো আৰক্ষীৰ বিশাল নিৰাপত্তা বেষ্টনী গঢ়ি তোলা দেখা গৈছে । অসমৰ গৃহ মন্ত্ৰণালয়ৰ পৰা গুৱাহাটীৰ লগতে সকলো আৰক্ষী থানাক সষ্টম হোৱাৰ নিৰ্দেশ দিছে । আন্দোলন প্ৰতিহিত কৰাৰ‌ বাবে ঠায়ে ঠায়ে আৰক্ষী মকৰল কৰা দেখা গৈছে ।

লগতে পঢ়ক :ৰাজপথৰ সমান্তৰালভাৱে ন্যায়ালয়তো অব্যাহত থাকিব কা বিৰোধী যুঁজ: আছু

ABOUT THE AUTHOR

...view details