অসম

assam

ETV Bharat / state

শিক্ষক নিযুক্তিৰ খচৰাৰ বিৰোধিতাৰে প্ৰতিবাদ - DRAFT OF TEACHERS APPOINTMENT

নেট-শ্লেট, পি এইচ ডি অৰ্জন কৰাৰ পিছত বিশেষ লিখিত পৰীক্ষা অনুষ্ঠিত নকৰিবলৈ আহ্বান ।

Protest against Draft Of Teachers Appointment
ৰিচাৰ্ছ স্ক'লাৰছ এছোচ্য়িশ্যনৰ প্ৰতিবাদ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Nov 25, 2024, 10:08 PM IST

ডিফু:অসমৰ মহাবিদ্যালয় সমূহত শিক্ষক নিযুক্তিৰ বাবে নেট-শ্লেট অথবা পি এইচ ডি, এম ফিল আদি অৰ্জন কৰাৰ পিছতো আন এক বিশেষ লিখিত পৰীক্ষা অনুষ্ঠিত কৰিবলৈ প্ৰস্তুতি চলাইছে চৰকাৰে । ইয়াৰ পিছতেই কলেজ শিক্ষকৰ চাকৰি প্ৰত্যাশীসকলৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । ইয়াৰে অংশ হিচাপে সোমবাৰে ডিফুত অসম বিশ্ববিদ্যালয়ৰ ডিফু চৌহদত গৱেষক ছাত্ৰ-ছাত্ৰী সকলে শিক্ষা বিভাগৰ এনে সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ।

গৱেষণাৰ গুৰুত্বক নস্যাৎ নকৰিবলৈ আহ্বান :

ৰিচাৰ্ছ স্ক'লাৰছ এছোচ্য়িশ্যনৰ প্ৰতিবাদ (ETV Bharat Assam)

প্ৰতিবাদকাৰীসকলে হাতে হাতে ʼ আমি কলেজ শিক্ষক নিযুক্তিৰ বাবে প্ৰস্তুত কৰা খচৰাখনৰ সম্পূৰ্ণ বিৰোধিতা কৰিছো ʼ,ʼ উচ্চ শিক্ষাৰ ক্ষেত্ৰখনত গৱেষণাৰ গুৰুত্বক নস্যাৎ কৰি নেপেলাব ʼ,ʼ বছৰজোৰা সাধনাৰে লাভ কৰা গৱেষণা কৰ্ম আৰু গৱেষক সকলক মূল্যহীন নকৰিব ʼ আদি শ্লʼগান সম্বলিত প্লেকাৰ্ড প্ৰদৰ্শন কৰি প্ৰতিবাদ সাব্যস্ত কৰে । এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰা একাংশ গৱেষক ছাত্ৰই চৰকাৰৰ এনে পদক্ষেপৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি কয় যে ৰাষ্ট্ৰীয় শিক্ষা নীতি অনুসৰি বিশ্ববিদ্যালয় অনুদান আয়োগ (ইউ জি চি)ৰ গৱেষণা বিষয়ত ভিত্তি কৰি মহাবিদ্যালয়সমূহত শিক্ষকতা কৰাৰ কথা কোৱা হৈছে । কিন্তু অসম চৰকাৰে ইয়াৰ বিপৰীত স্থিতি গ্ৰহণ কৰিছে ।

তেওঁলোকে পুনৰ কয় যে শিক্ষা বিভাগৰ নতুন পাঠ্য়ক্ৰমত এম ফিল তথা পি এইচ ডি কৰাসকলক কোনো মান্যতা প্ৰদান কৰা নাই । লগতে নেট-শ্লেটৰ দৰে সৰ্বভাৰতীয় পৰ্যায়ৰ পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত পুনৰ অসম চৰকাৰে আয়োজন কৰা পৰীক্ষাত অৱতীৰ্ণ হোৱাটোৱে এইসকল প্ৰাৰ্থীক নস্যাৎ কৰা বুলি তেওঁলোকে মন্তব্য় কৰে । স্নাতক মহলাৰ পাঠ্যক্ৰম তিনি বছৰীয়া আৰু চাৰি বছৰীয়া হোৱাৰ প্ৰসংগ উল্লেখ কৰি চতুৰ্থ বৰ্ষত গৱেষণাৰ পাঠ্যক্ৰম অন্তৰ্ভুক্ত কৰা হৈছে যদিও শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত গৱেষণাৰ বিষয়টোক যদি নস্যাৎ কৰা হয় তেন্তে চতুৰ্থ বৰ্ষৰ এইসকল শিক্ষাৰ্থীক কোনে পাঠদান কৰিব বুলিও প্ৰশ্ন উত্থাপন কৰে ।

বছৰ বছৰজোৰা কষ্টসাধ্য গৱেষণাৰ অন্তত একো একোখন গৱেষণাপত্ৰ প্ৰস্তুত কৰা হয় বুলি মন্তব্য কৰি অসম চৰকাৰে এনে গৱেষণাক মূল্যহীন কৰি পূৰ্বৰ এ পি এছ চি কেলেংকাৰীৰ দৰে স্বজন তোষণেৰে কলেজ শিক্ষক নিযুক্তিৰ ব্যৱস্থা কৰা বুলি আশংকা প্ৰকাশ কৰে প্ৰতিবাদকাৰীসকলে । এনে ব্যৱস্থাই এ পি এছ চিৰ দৰে এক বৃহৎ কেলেংকাৰীৰ সূচনা কৰিব বুলি সন্দেহ ব্যক্ত কৰি খচৰাখন শীঘ্ৰে বাতিল কৰাৰ দাবী জনায় ।

লগতে পঢ়ক:চৰকাৰৰ প্ৰতি আস্থা হেৰুৱালে ন্যায়ালয়লৈ যোৱাৰ হুংকাৰ দুই সহস্ৰাধিক শিক্ষকৰ

শিক্ষক দিৱসৰ দিনাই ক'লা বেজ পৰিধান কৰি প্ৰতিবাদ - Teachers Day 2024

ABOUT THE AUTHOR

...view details