ডিব্ৰুগড়, 14 জুন :ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা । কেন্দ্ৰীয় কাৰাগাৰত কৰ্তৃপক্ষই লজ্জানকভাৱে উলংঘন কৰিছে মানৱ অধিকাৰ । কাৰাগাৰত মৃত্যু হোৱা কয়েদীক বৃহস্পতিবাৰে সন্ধিয়া হুইল চেয়াৰত বহুৱাই বাহিৰলৈ উলিয়াই গটাই দিলে পৰিয়ালক ।
ঘটনা অনুসৰি টিংখাঙৰ 2 নং গন্ধীয়া পুৰণি গাঁৱৰ শৈলজা বৰগোঁহাই নামৰ যুৱকজনৰ ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰতে ৰহস্যজনকভাৱে মৃত্যু হয় । মৃত্যুৰ পাচতে বৃহস্পতিবাৰে মৃত কয়দীজনক চমজাই দিবলৈ বুলি হুইল চেয়াৰত বহুৱাই উলিয়াই দিলে মৃতদেহ । অতি গুৰুত্বপূৰ্ণ বিষয়টো হ'ল তিনিদিনৰ পূৰ্বে ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰলৈ অনা হৈছিল শৈলজা বৰগোঁহাইক ।
বৃহস্পতিবাৰে পৰিয়ালৰ লোকে জামিন লৈ কাৰাগাৰৰ পৰা শৈলজা বৰগোঁহাইক নিবলৈ আহিছিল । কিন্তু কাৰাগাৰ কৰ্তৃপক্ষই ব্যক্তিজনৰ মৃত্যু হোৱা বুলি অৱগত কৰা নাছিল পৰিয়ালক । পৰিয়ালৰ অভিযোগ কাৰাগাৰলৈ অনাৰ পূৰ্বে স্বাস্থ্য পৰীক্ষা কৰিছিল আৰক্ষীয়ে । তেনেস্থলত কেনেকৈ তিনিদিনৰ পিছত সুস্থ ব্যক্তিজনৰ মৃত্যু হ'ব পাৰে ?