গুৱাহাটী:অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বি-বাৰ্ষিক পাঠশালা অধিৱেশনৰ প্ৰস্তুতি তুংগত উঠিছে । ৩১ জানুৱাৰীৰ পৰা ৪ ফেব্ৰুৱাৰীলৈ পাঁচদিনীয়া কাৰ্যসূচীৰে পাঠশালাৰ ভট্টদেৱ ক্ষেত্ৰত অসম সাহিত্য সভা অধিবেশন অনুষ্ঠিত হ'ব । এই কথা সদৰী কৰে অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম পাঠশালা অধিৱেশনৰ প্ৰচাৰ উপ-সমিতিয়ে ।
বুধবাৰে অসম সাহিত্য সভাৰ গুৱাহাটীৰ কাৰ্যালয়ত সংবাদমেল সম্বোধন কৰি প্ৰচাৰ উপ-সমিতিৰ সভাপতি ড৹ মনোৰঞ্জন দাসে কয়, "৩১ জানুৱাৰীৰ পুৱা ৮:৩০ বজাত নামঘৰৰ দ্বাৰ মুকলি হোৱাৰ লগতে ৯ বজাত ভট্টদেৱ ক্ষেত্ৰ আৰু মূল তোৰণ উদ্বোধন কৰাৰ পিছতেই বিজ্ঞানমেলা, গ্ৰন্থ মেলা, প্ৰদৰ্শনী, বজালীহাট উদঘাটন কৰা হ'ব । তদুপৰি সেইদিনা অন্যান্য কাৰ্যসূচীৰ লগতে সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব ।"
তেওঁ লগতে জনাই, "পহিলা ফেব্ৰুৱাৰীত পুৱা সাহিত্য সভাৰ পতাকা উত্তোলন কৰাৰ পিছতেই অন্যান্য কাৰ্যসূচী থাকিব । ২ ফেব্ৰুৱাৰীত অসম সাহিত্য সভাৰ নৱ-নিৰ্বাচিত সভাপতিক লৈ শোভাযাত্ৰা কৰা হ'ব । এই শোভাযাত্ৰা গীতাশ্ৰমৰ পৰা আৰম্ভ হৈ ভট্টদেৱ ক্ষেত্ৰত সামৰণি পৰিব । এই শোভাযাত্ৰাত ২০-২৫ হাজাৰ লোকৰ সমাগম হ'ব বুলি আশা কৰা হৈছে ।"