অসম

assam

By ETV Bharat Assamese Team

Published : Mar 16, 2024, 6:57 PM IST

ETV Bharat / state

২৪ মাৰ্চৰ পৰা বটদ্ৰৱা থানত অনুষ্ঠিত হ'ব দৌল উৎসৱ

Allegation against Secretary of Batadrwa Than: অৱহেলা, অন্যমনস্কতা, দুৰ্বলতাৰ বাবেই বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সম্পাদকক আঁতৰাই ৰখা হৈছে বুলি মন্তব্য থান পৰিচালনা সমিতিৰ সভাপতি সভাপতি যোগেন্দ্ৰ নাৰায়ণ মহন্তৰ ।

Daul yatra in Batadrwa
বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সভাপতি

বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সভাপতি

নগাঁও, ১৬ মাৰ্চ: মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থান পৰিচালনা সমিতিৰ বিৰুদ্ধে বিত্তীয় খেলিমেলি, ধন-সোণ হৰলুকি আদি একাধিক অভিযোগক কেন্দ্ৰ কৰি সৃষ্টি হোৱা বিতৰ্কৰ অব্যাহত থকাৰ মাজতে বটদ্ৰৱা থানত দৌলযাত্ৰাৰ ব্যাপক প্ৰস্তুতি আৰম্ভ হৈছে । আন বছৰৰ দৰে এই বছৰো বটদ্ৰৱা থানত পাঁচদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব শ্ৰীকৃষ্ণৰ দৌলযাত্ৰা । কিন্তু দৌলযাত্ৰা অনুষ্ঠিত হোৱাৰ পূৰ্বেই মূল অভিযুক্ত তথা বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সম্পাদক অৰূপ শইকীয়াক আঁতৰাই ৰখাৰ বিষয়ে অৱগত কৰে থান পৰিচালনা সমিতিৰ সভাপতি যোগেন্দ্ৰ নাৰায়ণ মহন্তই ।

বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সম্পাদক অৰূপ শইকীয়াৰ বিৰুদ্ধে উত্থাপিত অভিযোগ সন্দৰ্ভতো মন্তব্য কৰে থান পৰিচালনা সমিতিৰ সভাপতি যোগেন্দ্ৰ নাৰায়ণ মহন্তই। সম্পাদক অৰূপ শইকীয়াৰ বিৰুদ্ধে বিগত সময়ত উত্থাপিত অভিযোগ সন্দৰ্ভত থান পৰিচালনা সমিতিৰ সভাপতি যোগেন্দ্ৰ নাৰায়ণ মহন্তই সম্পাদকগৰাকীৰ অৱহেলা, অন্যমনস্কতা, দুৰ্বলতাৰ বাবেই বিশৃংখলতাৰ সৃষ্টি হোৱা বুলি একপ্ৰকাৰ স্বীকাৰোক্তি দিয়ে । উল্লেখযোগ্য যে অহা ২৪ মাৰ্চৰ পৰা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থানত পাঁচদিনীয়া কাৰ্য্যসূচীৰে অনুষ্ঠিত হ'ব শ্ৰীকৃষ্ণৰ দৌলযাত্ৰা মহোৎসৱ । ইয়াৰ পূৰ্বে এনে পৰিস্থিতিৰ সৃষ্টি হোৱা বাবে থান পৰিচালনা সমিতিৰ সভাপতি যোগেন্দ্ৰ নাৰায়ণ মহন্তই এইক্ষেত্ৰত তেওঁলোকৰ স্থিতি স্পষ্ট কৰি দিয়ে ।

ৰঙৰ উৎসৱ ফাকুৱা উপলক্ষে পাঁচদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'বলগীয়া দৌল মহোৎসৱৰ শনিবাৰে নগাঁও জিলা প্ৰশাসনৰ সৈতে এক আলোচনাত মিলিত হয় বটদ্ৰৱা থান পৰিচালনা সমিতি । জিলা প্ৰশাসনৰ লগতে অন্যান্য বিভাগৰো জিলা মূৰব্বীৰ সৈতে বৈঠকত মিলিত হোৱাৰ অন্তত সংবাদ মাধ্যমৰ জৰিয়তে দৌল মহোৎসৱত সকলোৰে সহায় সহযোগিতা কামনা কৰে বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সভাপতি যোগেন্দ্ৰ নাৰায়ণ মহন্তই ।

লগতে পঢ়ক:জুলাইৰ পৰা মহানগৰীৰ লক্ষাধিক পৰিয়ালে লাভ কৰিব খোৱাপানীৰ সুবিধা : অশোক সিংহল

ABOUT THE AUTHOR

...view details