বৰপেটা, ৯ ছেপ্টেম্বৰ :সত্ৰনগৰী বৰপেটাত নিৰ্বাচনক লৈ ব্য়স্ততা ৷ এয়া পঞ্চায়ত অথবা বিধানসভাৰ উপ-নিৰ্বাচনৰ আখৰা নহয় । ৪৪৪ বছৰীয়া পৰম্পৰা ৰক্ষাৰ নিৰ্বাচনহে । গণতান্ত্ৰিক পদ্ধতিৰে সত্ৰত অনুষ্ঠিত হৈ অহা নিৰ্বাচনক লৈহে এই ব্য়স্ততা । দুবছৰ পূৰ্বে বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱশৰ্মাৰ পৰলোক প্ৰাপ্তিৰ পিচত খালি হৈ থকা উক্ত পদটোৰ লগতে পৰিচালনা সমিতিৰ সদস্যৰ নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পিচতেই সত্ৰনগৰীত দেখা গৈছে এই ব্য়স্ততা ৷
- সত্ৰ পৰিচালনা সমিতিৰ সদস্যৰ নিৰ্বাচন :
অহা ২৯ ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া পদৰ লগতে বৰপেটা সত্ৰ পৰিচালনা সমিতিৰ সদস্যৰ নিৰ্বাচন ৷ বৰপেটাৰ প্ৰথমজনা সত্ৰাধিকাৰ মথুৰাদাস বুঢ়াআতাই আৰম্ভ কৰি যোৱা পৰম্পৰা অনুসৰি বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া আৰু ডেকাসত্ৰীয়া দুজনাৰ লগতে সত্ৰ পৰিচালনা সমিতিৰ সদস্য সকলক ভোটৰ জৰিয়তে নিৰ্বাচন কৰা হয় ৷
বৰপেটা সত্ৰৰ প্ৰথমজনা সত্ৰাধিকাৰ মথুৰা দাস বুঢ়াআতাক মাধৱদেৱে সত্ৰাধিকাৰ পদত নিয়োজিত কৰিছিল ৷ মথুৰা দাস বুঢ়া আতাৰ পিছত আটাইবোৰ বুঢ়াসত্ৰীয়া আৰু ডেকাসত্ৰীয়াক ভোটৰ জৰিয়তে গণতান্ত্ৰীক পদ্ধতিৰে নিৰ্বাচন কৰি অহা হৈছে ৷
- সত্ৰত মথুৰা দাস বুঢ়াআতাই প্ৰতিষ্ঠা কৰিছিল গণতন্ত্ৰ
প্ৰায় ৪৪৪ বছৰ পূৰ্বে বৰপেটা সত্ৰত মথুৰা দাস বুঢ়াআতাই গণতন্ত্ৰ প্ৰতিষ্ঠা কৰি গৈছিল ৷ আজিও বৰপেটা সত্ৰত সেই পৰম্পৰা অটুত আছে ৷ দুবছৰ পূৰ্বে বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱশৰ্মাৰ পৰলোক প্ৰাপ্তিৰ পিচত বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া পদটো খালি হৈ আছিল ৷ বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়াৰ পদটো পূৰ্ণ কৰাৰ বাবে বৰপেটা জিলা প্ৰশাসনে ২৯ ছেপ্টেম্বৰৰ দিনটো ধাৰ্য কৰিছে ভোটগ্ৰহণৰ বাবে ৷ ২৯ ছেপ্টেম্বৰত বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া পদৰ লগতে বৰপেটা সত্ৰ পৰিচালনা সমিতি সদস্য সকলৰো নিৰ্বাচন অনুষ্ঠিত হ'ব ৷