ধেমাজি:শীতৰ বোকোচাত উঠি আকৌ আহি পদূলি পালেহি অসমীয়া প্ৰাণৰ হেঁপাহৰ ভোগালী বিহুটি । চৌদিশে বিয়পিছে উচাহৰ বতৰা । ঢেঁকীৰ গুমগুমনিত কঁপিছে আকাশ-বতাহ । পথাৰত নৰা কাটি মেজি তথা ভেলাঘৰ সজাত ব্যস্ত হৈ পৰিছে ডেকা-বুঢ়া । ইফালে বিধে বিধে পিঠা-পনা তৈয়াৰ কৰাত ব্যস্ত গৃহিনীসকল ।
ভোগালীৰ জলপান তৈয়াৰ কৰাৰ মাজতে ঢেঁকী শালত গাঁৱৰ বোৱাৰী আৰু আইতাহঁতৰ না না আমোদজনক কথাৰ মেলৰ মাজতে পাৰভঙা ব্যস্ততা । কোনোৱে যদি ঢেঁকীশালত পিঠা খুন্দাত ব্যস্ত কোনো কোনোৱে বিধে বিধে পিঠা প্ৰস্তত কৰাত আন কোনোৱে চিৰা বচাত ব্যস্ত । মাজতে উঠিছে জাকৈয়া হাঁহিৰ ৰোল ।
ব্যস্ততাৰ অন্ত নাই ধেমাজি নিলখ তৰাণিপথাৰতো । এঘৰত চিৰা পিঠা প্ৰস্তত কৰি ঘৰলৈ আলহী অতিথিক আপ্যায়নৰ বাবে সাজু কৰা লগতে বিহু বজাৰত বিক্ৰী কৰি পৰিয়ালৰ বাবে কিছু আৰ্থিক সকাহ পোৱাৰ বাবে সাজু কৰিছে চিৰা পিঠা সান্দহ কোমল চাউল আদি । বানে কোঙা কৰা ধেমাজিৰ চহা ৰাইজৰ মুখত এতিয়া প্ৰাপ্তিৰ হাঁহি ।