অসম

assam

ETV Bharat / state

জ্যোতিষ শাস্ত্ৰৰ মতে অসমৰ মুখ্যমন্ত্ৰীৰ ২০২৫ বছৰটো কেনে যাব ? - ASTROLOGER SRI SRI GHOSH

প্ৰাকৃতিক দুৰ্যোগৰ কৱলত পৰিব সমগ্ৰ বিশ্বৰ লগতে অসম ! অসমৰ মুখ্যমন্ত্ৰীৰ বাবেও উল্লেখযোগ্য হ'ব এই বছৰটো ।

Jorhat astrologer Sri Sri Ghosh
জ্যোতিষ শাস্ত্ৰৰ মতে অসমৰ মুখ্যমন্ত্ৰীৰ ২০২৫ বছৰটো কেনে যাব ? (ETV Bharat)

By ETV Bharat Assamese Team

Published : Jan 3, 2025, 8:59 AM IST

যোৰহাট :২০২৪ক বিদায় দি ইতিমধ্যে বিশ্ববাসীয়ে ২০২৫ক আদৰি লৈছে । কিন্তু জ্যোতিষ শাস্ত্ৰ ফালৰ পৰা এই ২০২৫ বছৰটো কেনে যাব ? কোন কেইটা ৰাশিৰ বাবে ভাল হ'ব ? অসম আৰু অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বাবে এই বছৰটো কেনেকুৱা হ'ব ? সেই বিষয়ে বিস্তৃত তথ্য আগবঢ়ালে দেশ তথা এছিয়াৰ প্ৰখ্যাত আৰু সোণৰ পদক প্ৰাপ্ত তন্ত্ৰ সম্ৰাট আৰু জ্যোতিষী শ্ৰীশ্ৰী ঘোষে ।

কেনে যাব ২০২৫ চনটো ?

তেওঁ কয় যে ২০২৫ চনতো আমাৰ বাবে বৰ সুবিধাজনক নহয়, কাৰণ এই বৰ্ষত তিনিটা গ্ৰহৰ ৰাশি পৰিৱৰ্তন হ'ব । এই তিনিটা গ্ৰহ হ'ল বৃহস্পতি, শনি আৰু ৰাহু । ৰাশি পৰিৱৰ্তনৰ ফলত আমাৰ বাবে কোনো ইতিবাচক ফলাফল নাহিব । এই বৰ্ষত বৃহস্পতিৰ গতি বৃদ্ধি পাব আৰু এই গতি বৃদ্ধিয়ে প্ৰকৃতিৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাব ।

জ্যোতিষ শাস্ত্ৰৰ মতে অসমৰ মুখ্যমন্ত্ৰীৰ ২০২৫ বছৰটো কেনে যাব ? (ETV Bharat)

জ্যোতিষী শ্ৰীশ্ৰী ঘোষে কয়, "এইবাৰ অধিক বৃষ্টিপাত, তুষাৰপাত, সাগৰীয় ঘূৰ্ণীবতাহ আৰু বানপানী দৰে প্ৰাকৃতিক দুৰ্যোগৰ সন্মুখীন হ'ব অসম তথা দেশবাসী । কাৰণ ২০১৮ চনত আঢ়ৈ বছৰ ধৰি বৃহস্পতিৰ গতি দ্ৰুত হাৰত বৃদ্ধি পাইছিল, সেই সময়ত ক'ভিডৰ দৰে মহামাৰীয়ে ভয়াৱহ ৰূপ ধাৰণা কৰিছিল । সেই অনুৰূপ ঘটনা ২০২৫ বৰ্ষত দেখা পোৱা যাব আৰু বৃহস্পতিৰ গতি ২০৩২-৩৩ চনলৈ থাকিব ।"

লগতে তেওঁ কয় যে এই বৰ্ষত অগ্নিকাণ্ড, চুৰি, ডকাইতি, পথ দুৰ্ঘটনা, ধৰ্ষণ আদিৰ দৰে ঘৃণনীয় ঘটনা বৃদ্ধি পাব ।

উত্তৰ-পূৰ্বাঞ্চল ভূমিকম্পৰ ৰেড জ'ন

জ্যোতিষী শ্ৰীশ্ৰী ঘোষে কয়, "অসম তথা উত্তৰ-পূব এইবাৰ ভূমিকম্পৰ ৰেড জ'নত পৰিছে । ৰেড জ'নত দিল্লী, এনচিআৰ, জম্মু-কাশ্মীৰ আদি আছে । অসমৰ ভিতৰত গুৱাহাটী, লখিমপুৰ, উত্তৰ লখিমপুৰ, যোৰহাট, তেজপুৰ এইকেইটা স্থানত বেছি হোৱাৰ সম্ভাৱনা আছে ।’’

অসমত বানৰ প্ৰকোপ বৃদ্ধি পোৱাৰ লগতে বন্যপ্ৰাণীৰ মৃত্যুৰ সংখ্যা বৃদ্ধি পাব বুলি জ্যোতিষীগৰাকীয়ে উল্লেখ কৰিছে । তেওঁৰ মতে চৰকাৰী উচ্চ পদস্থ বিষয়া আৰু জনপ্ৰতিনিধি মৃত্যুমুখত পৰিব পাৰে । চিনেমা জগতৰ নাম থকা ব্যক্তিৰো মৃত্যু হ'ব পাৰে বুলি তেওঁ উল্লেখ কৰে ।

ৰাজনীতি আৰু অসমৰ মুখ্যমন্ত্ৰীৰ ভৱিষ্যৎ

জ্যোতিষী শ্ৰীশ্ৰী ঘোষৰ মতে অসমৰ ৰাজনীতিত বিজেপিৰ শক্তি বৃদ্ধি পাব, দলটো অধিক মজবুত হ'ব । ইফালে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ জনপ্ৰিয়তা অধিক বৃদ্ধি পাব আৰু তেওঁ পুনৰ দলৰ নতুন দায়িত্ব লাভ কৰিব ।

তেওঁ কয়, "অন্য ৰাজনৈতিক দলৰ শীৰ্ষ নেতা বিজেপিলৈ আহিব ।" তেওঁ কয় যে এইবাৰ বিশ্বত যুদ্ধৰ নতুন মুখ খোল খাব । ভাৰত আৰু বাংলাদেশৰ মাজৰ কূটনৈতিক সম্পৰ্কৰো উত্থান পতন থাকিব বুলি জ্যোতিষীয়ে উল্লেখ কৰে । এই বছৰ শেষৰ ফালে ক'ভিডৰ দৰে অধিক মাৰাত্মক মহামাৰী বা ভাইৰাছৰ উদ্ভৱ হ'ব বুলিও তেওঁৰ গণনাত ধৰা পৰিছে ।

লগতে পঢ়ক :জ্যোতিষশাস্ত্ৰৰ মতে আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল... - DAILY HOROSCOPE

ABOUT THE AUTHOR

...view details