নলবাৰী,৩০ আগষ্ট:বিধানসভাৰ অধিৱেশনত শুকুৰবাৰৰ নামাজৰ বিৰতি উঠাই দিয়া সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে । শুকুৰবাৰে নলবাৰীত যুৱ-কংগ্ৰেছৰ উন্মীলন অনুষ্ঠানত উপস্থিত হৈ কেইবাটাও বিষয়ত প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ লগতে হিমন্ত বিশ্ব শৰ্মা তথা বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰে কংগ্ৰেছী সাংসদগৰাকীয়ে ।
হিমন্ত বিশ্ব শৰ্মাই পৰম্পৰাবোৰ ভাঙিছে:
সাংসদ বৰদলৈয়ে কয়,"হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এটা এটাকৈ যিবোৰ আমাৰ পৰম্পৰা আছিল সেইবোৰ ভাঙিছে । তেওঁলোকে উৎকট সাম্প্ৰদায়িক দৃষ্টিভংগীৰে সকলোবোৰ কথা বিচাৰ কৰে । গতিকে ইয়াত আচৰিত হ'বলগীয়া একো নাই । প্ৰত্যেক ক্ষেত্ৰতে তেওঁলোকে এনেবোৰ কাম কৰি যাব । কিন্ত ৰাইজে এইবোৰ ভাল পোৱা নাই । অতীজৰে পৰা এটা পৰম্পৰা চলি আহিছিল, গতিকে সেইটো বন্ধ কৰাটো একো বীৰত্বৰ কাম নহয় ।"
দলে যি দায়িত্ব দিয়ে সেয়া পালন কৰি যাম:
ইফালে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি প্ৰসংগত সাংবাদিকে কৰা এক প্ৰশ্নৰ উত্তৰত তেওঁ কয়,"মই ১৬ বছৰ বয়সৰে পৰা কংগ্ৰেছ দলৰ লগত জড়িত । দলে আজিলৈ যি দায়িত্ব দি আহিছে তাকেই পালন কৰি আহিছো । আৰু আগন্তুক সময়তো দলে যি দায়িত্ব দিয়ে সেয়া পালন কৰি যাম ।"