গুৱাহাটী, ২৬ ছেপ্টেম্বৰ :মাতৃ-পিতৃক সময় দিয়াৰ বাবে অসম চৰকাৰে ৰাজ্যিক কৰ্মচাৰীসকলৰ বাবে বিশেষ ছুটীৰ ব্যৱস্থা কৰিছে । ২০২১ বৰ্ষৰ পৰা প্ৰৱৰ্তন কৰা এই বিশেষ ছুটীৰ ব্যৱস্থা ৰাজ্য চৰকাৰে এই বছৰো কৰিছে ।
'মাতৃ-পিতৃ বন্দনা' শীৰ্ষক এই আঁচনিৰ যোগেদি ৰাজ্যিক কৰ্মচাৰীসকলে লাভ কৰি আহিছে বিশেষ নৈমিত্তিক ছুটী । চলিত বৰ্ষতো ৰাজ্য চৰকাৰে এই বিশেষ ছুটীৰ ব্যৱস্থা কৰিছে । এই বছৰ ৬ আৰু ৮ নৱেম্বৰত ৰাজ্যিক কৰ্মচাৰীক বিশেষ নৈমিত্তিক ছুটী প্ৰদান কৰিছে ৰাজ্য চৰকাৰে । লক্ষ্যণীয় বিষয় যে এই বিশেষ দুটা দিনৰ ছুটীৰ উপৰি ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে তিনিটাকৈ স্বাভাৱিক ছুটী লাভ কৰিব ।
৭ নৱেম্বৰত ষঠ পূজাৰ বন্ধ । আনহাতে ৯ নৱেম্বৰ দ্বিতীয় শনিবাৰ আৰু ১০ নৱেম্বৰ দেওবাৰ । অৰ্থাৎ লগতে তিনিদিন স্বাভাৱিক বন্ধ । মাতৃ-পিতৃ বন্দনা আঁচনিৰ সুবিধা লাভ কৰা কৰ্মচাৰীসকলে এই বন্ধ মিলাই একেলেথাৰিয়ে পাঁচদিনৰ বন্ধৰ সুবিধা লাভ কৰিব । এই সন্দৰ্ভত ৰাজ্য চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগৰ যুটীয়া সচিবে চৰকাৰী সকলো বিভাগৰ সংশ্লিষ্ট কৰ্তৃপক্ষলৈ পত্ৰ প্ৰেৰণ কৰিছে । পত্ৰযোগে চৰকাৰী বিশেষ ছুটীৰ নিৰ্দেশনাৰ বিষয়ে সদৰী কৰা হৈছে ।
নিৰ্দেশনাটোত কোৱা হৈছে যে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে 'মাতৃ-পিতৃ বন্দনা আঁচনি'ৰ অধীনত চলিত বৰ্ষৰ বাবে দুদিনৰ বিশেষ নৈমিত্তিক ছুটী ঘোষণা কৰা হৈছে । সেই অনুসৰি ৬ নৱেম্বৰ আৰু ৮ নৱেম্বৰত এই বিশেষ ছুটীৰ ব্যৱস্থা কৰা হৈছে । এই দুদিন ছুটীৰ লগতে ৭ নৱেম্বৰৰ ষঠ পূজাৰ বন্ধ আৰু ৯ নৱেম্বৰৰ দ্বিতীয় শনিবাৰ আৰু ১০ নৱেম্বৰৰ দেওবাৰৰ বন্ধ লাভ কৰিব । পাঁচদিন সময় মাতৃ-পিতৃক দিব পাৰিব । এই বিশেষ ছুটীৰ বাবে আবেদন কৰিবলৈ প'ৰ্টেল মুকলি কৰা হৈছে । মাতৃ-পিতৃৰ বন্দনাৰ বাবে বিশেষ নৈমিত্তিক ছুটী ল'ব বিচৰা কৰ্মচাৰীসকলে https://matripitrivandana.assam.gov.in প'ৰ্টেলত আবেদন কৰিব লাগিব । আবেদনৰ বাবে প'ৰ্টেল মুকলি কৰা হৈছে ।