অসম

assam

By ETV Bharat Assamese Team

Published : Jun 9, 2024, 11:59 AM IST

ETV Bharat / state

ৰাজ্যত ৮ হাজাৰ বিঘা মাটিত মাকৈ খেতিৰে কৃষি বিপ্লৱৰ সূচনা - Agricultural Revolution In Assam

Agricultural Revolution : ৰাজ্যৰ ৮ হাজাৰ বিঘা মাটিত মাকৈ খেতি কৰি কৃষি ক্ষেত্ৰত এক বিপ্লৱ সূচনা কৰিছে কাইজেন এগ্ৰিটেকে । কেনেকৈ কৰিছে এই খেতি ? মাকৈ খেতি সন্দৰ্ভত কাইজেন এগ্ৰিটেকৰ সহ প্ৰতিষ্ঠাপক অমৰজিৎ লহকৰৰ সৈতে এক বাৰ্তালাপ...

AGRICULTURAL REVOLUTION IN ASSAM
ৰাজ্যত বৃদ্ধি পাইছে মাকৈৰ চাহিদা (ETV Bharat)

গুৱাহাটী, ৯ জুন : ৰাজ্যত বৃদ্ধি পাইছে মাকৈৰ চাহিদা । সেয়ে বৰ্ধিত মাকৈৰ চাহিদাৰ ওপৰত লক্ষ্য ৰাখি মাকৈ খেতি কৰি ৰাজ্যত কৃষি ক্ষেত্ৰত এক বিপ্লৱ সূচনা কৰিছে এটা সংস্থাই । কৃষি ক্ষেত্ৰত এক বিপ্লৱ সূচনা কৰা সংস্থাটো হৈছে কাইজেন এগ্ৰিটেক ৷

ৰাজ্যত বৃদ্ধি পাইছে মাকৈৰ চাহিদা (ETV Bharat Assam)

কাইজেন এগ্ৰিটেকে ৰাজ্যত বৰ্ধিত মাকৈৰ চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰায় ৪ হাজাৰ কৃষকক মাকৈ খেতিৰ লগত জড়িত কৰা হৈছে । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ৮ হাজাৰ বিঘা মাটিত মাকৈ খেতি কৰা হৈছে ।

মাকৈ খেতি সন্দৰ্ভত কি কয় কাইজেন এগ্ৰিটেকৰ সহ প্ৰতিষ্ঠাপক অমৰজিৎ লহকৰে, জানো আহক -

  • ৰাজ্যৰ কোন কোন জিলাত কৰা হৈছে মাকৈ খেতি ?

কোকৰাঝাৰ, বঙাইগাঁও, চিৰাং, দৰং, বাক্সা, নগাঁও, মৰিগাঁৱত প্ৰায় ৬ হাজাৰ বিঘা মাটিত মাকৈ খেতি কৰা হৈছে । বিগত বৰ্ষৰ অক্টোবৰৰ পৰা এই মাকৈ খেতি আৰম্ভ কৰা হৈছিল । অহা সপ্তাহৰ পৰা মাকৈৰ শস্য চপাব পৰা হ'ব । ইপিনে ওদালগুৰি, শিৱসাগৰ,সোণাৰীৰ চাহ বাগানত প্ৰায় ২ হাজাৰ বিঘা মাটিত মাকৈ খেতি আৰম্ভ কৰা হ'ব ।

  • মাকৈৰে কি তৈয়াৰ কৰা হয় ?

মাকৈ এবিধ পুষ্টিকৰ শক্তিদায়ক খাদ্য । মাকৈ পূৰঠ হ’লে পুৰি খাব পাৰি । মাকৈৰ পৰা পপকৰ্ণ, কৰ্ণফ্লেক্স, আটা, চাগুগুৰি আদি উৎপাদন কৰা হয় । মাকৈৰ পৰা মুৰ্গিৰ দানা, মাছৰ খাদ্য, পশু খাদ্য আদিও প্ৰস্তুত কৰা হয় । বৰ্তমান সময়ত মাকৈ খেতিক কেন্দ্ৰ কৰি অসমত সৰু-সুৰা বহুত উদ্যোগ গঢ় লৈ উঠিছে ।

  • প্ৰতিদিনে ৰাজ্যত কিমান মাকৈৰ প্ৰয়োজন হয় ?

প্ৰতিদিনে অসমত ১৬ হাজাৰ মেট্ৰিক টন মাকৈৰ প্ৰয়োজন হয় । সেই অনুপাতে অসমত তাৰ আধা অংশহে উৎপাদন হয় । যাৰ বাবে বিহাৰ, ওৰিশ্যাৰ পৰা মাকৈ আনিবলগীয়া হয় ।

  • ৰাজ্যত মাকৈ খেতি কৰিবলৈ কৃষকসকলক কোনে আগবঢ়াই আনিছে ?

ৰাজ্যৰ কৃষি ক্ষেত্ৰখনত কাম কৰি আহিছে কাইজেন এগ্ৰিটেক নামৰ সংস্থাটোৱে । ৰাজ্যৰ মাকৈ খেতি সন্দৰ্ভত কাইজেন এগ্ৰিটেকৰ সহ প্ৰতিষ্ঠাপক অমৰজিৎ লহকৰে কয়, ‘‘মাকৈৰ বৰ্ধিত চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি আমি মাকৈ খেতি কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিলো । প্ৰথমে কৃষকসকলৰ পৰি থকা মাটিত মাকৈ খেতি কৰিবলৈ প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰি হ'ল । কৃষকসকল আৰ্থিকভাৱে দুৰ্বল বাবে উন্নতমানৰ বীজ যোগান ধৰা হ’ল ।’’

‘‘কোকৰাঝাৰ, বঙাইগাঁও, চিৰাং, দৰং, বাক্সা , নগাঁও, মৰিগাঁৱত মাকৈৰ খেতি আৰম্ভ কৰা হ'ল । পৰৱৰ্তী সময়ত ৰাজ্যত প্ৰায় ২০ হাজাৰ খেতিয়কক মাকৈ খেতিৰ লগত জড়িত কৰি ৩০ হাজাৰ বিঘা মাটিত মাকৈ খেতি কৰাৰ লক্ষ্য লোৱা হৈছে ।’’ লহকৰে কয় ৷

মাকৈৰ খেতিয়ে কৃষকসকলক আৰ্থিকভাৱে সৱল কৰাৰ উপৰিও কৃষকসকলে বজাৰ বিচাৰি ফুৰিব লগীয়া নহয় আৰু উৎপাদিত মাকৈৰ উচিত মূল্য পায় তাৰ বাবেও ব্যৱস্থা কৰা হ'ব বুলি মন্তব্য কৰে কাইজেন এগ্ৰিটেকৰ সহ প্ৰতিষ্ঠাপক অমৰজিৎ লহকৰে ।

লগতে পঢ়ক :ধেমাজিত এদল শিক্ষিত যুৱকৰ কণীধান খেতিৰে সেউজ বিপ্লৱ - Agricultural Revolution In Dhemaji

ABOUT THE AUTHOR

...view details