অসম

assam

ETV Bharat / state

জহি-খহি যোৱা বিদ্যালয় গৃহতে অব্যাহত পাঠদান - Poor condition of school

Poor condition of school: শিৱসাগৰৰ নাজিৰা শিক্ষখণ্ডৰ অন্তৰ্গত এখন বিদ্যালয়ে চকু কঁপালত তুলিছে সকলোৰে । জহি-খহি যোৱা বিদ্যালয় গৃহ, উৱলি যোৱা টিনপাতেৰে আকাশ দেখা বিদ্যালয়খনৰ পৰিৱেশ দেখিলে আপুনিও হয়তো ভাবিবলৈ বাধ্য হ'ব এয়াই উন্নয়ননে ?

Poor condition of school at Najira in Sivsagar
জহি-খহি যোৱা বিদ্যালয় গৃহতে অব্যাহত পাঠদান (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Aug 8, 2024, 9:03 PM IST

আমগুৰি,৮ আগষ্ট:ৰাজ্যৰ শিক্ষা বিভাগলৈ আমূল পৰিৱৰ্তন অনা বুলি ডাংকোপ মৰা শিক্ষা বিভাগে প্ৰকৃতাৰ্থত কিমান উন্নয়ন কৰিছে বা কিমান পৰিৱৰ্তন কৰিছে সেয়া সময়ে সময়ে পোহৰলৈ আহিছে । চৰকাৰী খণ্ডৰ কোনো শিক্ষানুষ্ঠানত যদি শিক্ষকৰ অভাৱ, আন কোনো শিক্ষানুষ্ঠানত নাই পৰ্যাপ্ত শিক্ষাৰ্থী । এইবাৰ পোহৰলৈ আহিছে জৰাজীৰ্ণ এটি শিক্ষানুষ্ঠান ।

জহি-খহি যোৱা বিদ্যালয় গৃহতে অব্যাহত পাঠদান (ETV Bharat Assam)

শিৱসাগৰ জিলাৰ নাজিৰা শিক্ষাখণ্ডৰ অন্তৰ্গত নামতি চাৰিআলিৰ নৱজ্যোতি প্ৰাথমিক বিদ্যালয়ত জৰাজীৰ্ণ বাসগৃহতেই চলিছে ছাত্ৰ-ছাত্ৰীক শিক্ষাদান কাৰ্য । যিকোনো সময়তে অঘটন সংঘটিত হোৱাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে শিক্ষানুষ্ঠানখনত । শিক্ষাৰ অধিকাৰ আইনক ভেঙুচালি কৰি শিক্ষা বিভাগৰ দুটা সৰু গৃহত প্ৰাথমিক বিদ্যালয়ৰ ৬ টাকৈ শ্ৰেণীকোঠাৰ লগতে এটা অংগনৱাড়ী কেন্দ্ৰৰ পাঠদান অব্যাহত ৰাখিছে ।

শিক্ষাৰ অধিকাৰ আইনৰ যোগেদি ছাত্ৰ-ছাত্ৰীয়ে শিক্ষাগ্ৰহণৰ উপযুক্ত পৰিৱেশ লাভ কৰিব লাগে যদিও নাজিৰা শিক্ষাখণ্ডৰ অন্তৰ্গত নামতি চাৰিআলিৰ নৱজ্যোতি প্ৰাথমিক বিদ্যালয়ত জৰাজীৰ্ণ বাসগৃহত ছাত্ৰ-ছাত্ৰীক শিক্ষাদান কৰাত শিক্ষাদান আৰু গ্ৰহণ প্ৰক্ৰিয়াত ব্যাঘাত জন্মিছে । ১৯৭৭ চনতে স্থাপিত হোৱা এই বিদ্যালয়খনৰ পকীগৃহ ১৯৯৫ চনত নিৰ্মাণ কৰা পিচৰে পৰা আজি পৰ্যন্ত হোৱা নাই মেৰামতি ।

শিলাবৃষ্টি, বতাহ-বৰষুণ, প্ৰতিকূল বতৰৰ প্ৰভাৱত বিদ্যালয় গৃহটো জহি-খহি যোৱাৰ লগতে উৱলি গৈছে টিনপাত, খহি পৰিছে পাৰ্লিং, মজিয়াৰ পৰা আকাশ দেখা এক পৰিৱেশ । চাৰিটাকৈ শ্ৰেণীকোঠাত শিক্ষাদান কৰিব নোৱাৰি অতিৰিক্ত দুটা শ্ৰণীকোঠাতে ৬ টাকৈ শ্ৰেণীৰ পাঠদান কৰিব লগা হোৱাত অসুবিধাত পৰিছে বিদ্যালয় কৰ্তৃপক্ষ । বিভাগীয় কৰ্তৃপক্ষক সমস্যাৰাজিৰ সম্পৰ্কত অৱগত কৰাৰ পাচতো আজি পৰ্যন্ত গ্ৰহণ নকৰিলে কোনো ব্যৱস্থা । উল্লেখ্য যে শিৱসগৰ জিলাৰ আভিভাৱক মন্ত্ৰীৰ দায়িত্বত থকা শিক্ষা মন্ত্ৰী ৰণোজ পেগুৰ হস্তক্ষেপ বিচাৰিছে বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ তথা সচেতন মহলে ।

লগতে পঢ়ক:আয়ুষ্মান আৰোগ্য মন্দিৰতেই চিকিৎসকৰ অভাৱ - Ayushman Arogya Mandir

কৃত্ৰিম বান ডুবিল শিক্ষামন্ত্ৰীৰ ঘৰৰ পৰা মাত্ৰ ৫০০ মিটাৰ নিলগৰ এখন বিদ্যালয় - Flash flood in Dhemaji

এটা পৰীক্ষা গ'ল, ছেপ্টেম্বৰত আৰু এটা: চৰকাৰী বিদ্যালয়ত এতিয়াও শিক্ষাৰ্থীয়ে নাপালে পাঠ্যপুথি - Free textbook in govt School

ABOUT THE AUTHOR

...view details