অসম

assam

সুৰাপান কৰি গাড়ী চলাই জৰিমনা ভৰিলে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ গাড়ীৰ চালকে - Drink and drive

By ETV Bharat Assamese Team

Published : Jun 21, 2024, 3:27 PM IST

Assam CM office driver fined : সুৰাপান কৰি মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ গাড়ী চলাই জৰিমনা ভৰিলে চালকে ৷ ভৰিবলগীয়া হ’ল 10 হাজাৰ টকা ৷

Assam CM office driver fined
সুৰাপান কৰি গাড়ী চলাই জৰিমনা ভৰিলে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ গাড়ীয়ে (ETV Bharat Assam)

গুৱাহাটী, ২১ জুন : সুৰাপান কৰি নিশাৰ ৰাজপথত গাড়ী চলোৱাৰ অপৰাধত পৰিবহণ বিভাগৰ জৰিমনাৰ সন্মুখীন হ’ল ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ কাৰ্যালয়ৰ গাড়ী । বৃহস্পতিবাৰে মাজনিশা মহানগৰীৰ নাৰেংগী তিনিআলিত কামৰূপ মহানগৰ জিলাৰ পৰিবহন বিভাগৰ Drink & drive বিৰোধী অভিযানত ধৰা পৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যালয়ৰ এখন বিলাসী বাহন ।

সুৰাপান কৰি গাড়ী চলাই জৰিমনা ভৰিলে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ গাড়ীয়ে (ETV Bharat Assam)

জানিব পৰা মতে সুৰাপায়ী চালকজনে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ মানুহ বুলি পৰিচয় দি Govt of Assam লিখা বাহনখন পাঞ্জাবাৰীৰ পৰা নাৰেংগী হৈ জু-ৰোড তিনিআলিলৈ পৰিয়ালৰ সদস্যৰ সৈতে গৈ আছিল । তেনে সময়তে নিশাৰ ভাগত নাৰেংগী তিনিআলিৰ ৰাজপথত পৰিবহণ বিভাগে চলোৱা অভিযানত Govt of Assam লিখা বাহনখনৰ ওপৰত চকু পৰে । পৰিবহণ বিভাগৰ লোকসকলৰ সন্দেহ ওপজাত গাড়ীখন ৰখাই তালাচী চলোৱাত চালকজনে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যালয়ৰ লোক বুলি দাম্ভিকতাৰে কৈ সেই স্থানৰ পৰা আঁতৰি যাবলৈ বিচাৰে ।

লগতে পঢ়ক:৩ টা চকাৰে স্কৰপিঅ' চলাই ডিব্ৰুগড়ত সন্ত্ৰাস সুৰামত্ত চালকৰ

প্ৰথম অৱস্থাত Govt of Assam লিখা গাড়ীখন পৰিবহণ বিভাগে মুখ্যমন্ত্ৰীৰ গাড়ী বুলি ধৰি লৈছিল যদিও পিচত গাড়ীখনৰ ভিতৰত সাধাৰণ মানুহ বহি থকা দেখা পাই সন্দেহ ওপজে । লগে লগে পৰিবহণ বিভাগে গাড়ীখনৰ এ এছ -০১- ই এল - ২২৬৯ নম্বৰটো অনলাইনত পৰীক্ষা কৰাত উৰহি গছৰ ওৰ ওলাই পৰে । উক্ত ব্যক্তিগত গাড়ীখন মুখ্যমন্ত্ৰী কাৰ্যালয়ত ভাড়া মৰাৰ বাবে ব্যৱহাৰ কৰা বুলি জানিব পাৰে ।

পৰিবহণ বিভাগে চালকজনক পৰীক্ষা কৰাত অত্যধিক সুৰাপান কৰি গাড়ী চলোৱা বুলি ধৰা পেলায় । সুৰাপান কৰি গাড়ী চালনা কৰাৰ অপৰাধত পৰিবহণ বিভাগে চালকজনক ১০ হাজাৰ টকা জৰিমনা বিহে ।

লগতে পঢ়ক:ৰঞ্জিৎ দত্তৰ পুত্ৰক আটক, সুৰাসক্ত হৈ গাড়ী চলাই আৰক্ষীৰে তৰ্ক

ABOUT THE AUTHOR

...view details