ডিফু, 15 জুন : যোৱা মঙলবাৰ অৰ্থাৎ ১১ জুনৰ নিশা ১ বজাত ডিফুৰ আৰ্তংলাংচত শুকুৰী তিচ’পী নামৰ এগৰাকী যুৱতীক নিজ বাসগৃহৰ শোৱাপাটীতে গুলীয়াই হত্যা কৰা ঘটনাই সমগ্ৰ জিলাৰ লগতে ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছিল ৷ ঘটনাৰ চাৰিদিনৰ পিচত শুকুৰবাৰে হত্যাৰ লগত জড়িত দুজন যুৱকক কৰায়ত্ত কৰা হয় বুলি আৰক্ষীয়ে সদৰী কৰে ৷ কাৰ্বি আংলং জিলা আৰক্ষীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (অপৰাধ) জয়ন্ত বৰুৱাই এক সংবাদমেল যোগে এই কথা জানিবলৈ দিয়ে ৷
আৰক্ষীৰ ভাষ্য (ETV Bharat Assam) আৰক্ষী বিষয়াগৰাকীয়ে কয় যে, এই হত্যাকাণ্ডৰ সন্দৰ্ভত তেওঁৰ নেতৃত্বত এক এছ আইটি গঠন কৰা হৈছে ৷ হত্যা সংক্ৰান্তত ডিফু থানাত ৩৯/২০২৪ গোচৰ ৰুজু কৰি ১২০ বি, ৩০২ আইপিচি, ২৫(১)এ আৰ্মছ অস্ত্ৰ আইনৰ অধীনত দুজন যুৱকক সোধ-পোছৰ অন্তত শুকুৰবাৰে গ্ৰেপ্তাৰ কৰা হয় ৷
গ্ৰেপ্তাৰ দুই (ETV Bharat Assam) লগতে পঢ়ক :বিবাহিত আছিল নৃশংসতাৰ বলি কাৰ্বি পাহাৰৰ যুৱতীগৰাকী : নেপথ্যৰ কাৰণ কি ? - young girl shot dead in Diphu
তদন্তৰ খাতিৰত আৰক্ষীয়ে যুৱকদ্বয়ৰ নাম প্ৰকাশ কৰাৰ পৰা বিৰত থাকে ৷ শুকুৰবাৰে দুয়োকে আদালতত হাজিৰ কৰি চাৰিদিনৰ বাবে আৰক্ষীৰ জিম্মাত লোৱা হৈছে বুলি আৰক্ষী বিষয়াগৰাকীয়ে সদৰী কৰে ৷ আনহাতে এই হত্যাকাণ্ডত ৭ পইণ্ট ৫৬এমএম পিষ্টল ব্যৱহাৰ কৰা হৈছিল বুলিও আৰক্ষী বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে ৷
উল্লেখ্য যে, হত্যাৰ প্ৰকৃত কাৰণ এতিয়াও উদ্ঘাটন হোৱা নাই ৷ যুৱতীগৰাকীৰ পিতৃয়ে জনোৱা অনুসৰি প্ৰায় ডেৰ মাহ পূৰ্বে তেওঁলোকে ডকমকাৰ পৰা আহি এই নতুন ঠিকনাত থাকিবলৈ লৈছিল ৷ নিশা প্ৰায় ১ বজাত এই লোমহৰ্ষক হত্যাকাণ্ডটো সংঘটিত হয় । তেওঁৰ তিনিগৰাকী কন্যা সন্তানে নিশা পঢ়া-শুনা কৰি আছিল ৷
সেই সময়তে দুই দুৰ্বৃত্তই ঘৰত প্ৰৱেশ কৰি এগৰাকীক গুলীয়াই থৈ যায় । ঘটনাৰ খবৰ পোৱাৰ লগে লগে কাৰ্বি আংলং আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় ৷
লগতে পঢ়ক :ডিফুত ঘৰৰ ভিতৰতে গুলীয়াই থৈ গ'ল যুৱতীক - Diphu murder case