গুৱাহাটী, ৩১ আগষ্ট :অসমত শীঘ্ৰেই বৃদ্ধি হ’ব আৰু এখন অভয়াৰণ্য । ধেমাজি জিলাৰ অন্তৰ্গত পবা সংৰক্ষিত বনাঞ্চলক এক বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে গঢ় দিয়াৰ পৰকল্পনা কৰিছে অসম চৰকাৰে । শীঘ্ৰেই ইয়াৰ বাবে অধিসূচনাও জাৰী কৰিব অসম চৰকাৰে । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ উদ্ধৃতিৰে শুকুৰবাৰে সামৰণি পৰা অসম বিধান সভাৰ শৰৎকালীন অধিৱেশনত এই কথা সদৰী কৰে পৰিৱেশ আৰু বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ।
বিধানসভাত জোনাইৰ বিধায়ক ভূৱন পেগুৱে শুকুৰবাৰে উত্থাপন কৰা শূন্যকালীন ঘণ্টাৰ এক জাননী সন্দৰ্ভত উত্তৰ দি পৰিৱেশ আৰু বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কয়, “মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই অঞ্চলটোৰ প্ৰাকৃতিক সম্পদৰাজিৰ লগতে জৈৱ-বৈচিত্ৰৰ সংৰক্ষণ আৰু বিকাশৰ ওপৰত গুৰুত্ব প্ৰদান কৰি পবা সংৰক্ষিত বনাঞ্চলক বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে গঢ়ি তুলিব বিচাৰিছে । পবা সংৰক্ষিত বনাঞ্চল, কবু চাপৰি প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চল আৰু নদী অঞ্চল সামৰি ২৫৭.২৯ বৰ্গ কিলোমিটাৰৰ পবা বন্যপ্ৰাণী অভয়াৰণ্য গঢ়ি তোলা হ’ব ।”
লগতে পঢ়ক :কলিয়াবৰত অমৃত বৃক্ষ আন্দোলনৰ বাবে চাৰি লাখ গছপুলিৰে সাজু বন বিভাগ - Amrit Brikshya Andolan 2024
- পবা সংৰক্ষিত বনাঞ্চলক লৈ মুখ্যমন্ত্ৰীৰ মন্তব্য :
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো নিজৰ সামাজিক মাধ্যমত এই প্ৰসংগত কয়, “আপোনালোকক জনাবলৈ পাই সুখী হৈছো যে শীঘ্ৰেই ধেমাজিৰ পবা সংৰক্ষিত বনাঞ্চলক বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে স্বীকৃতি প্ৰদান কৰিবলৈ আমি আগবাঢ়িছো । ১০,০০০ হেক্টৰতকৈ অধিক ভূমিৰে আৱৰা পবাৰ এই সেউজ আবৃত পৰিৱেশ বিভিন্ন উদ্ভিদ আৰু প্ৰাণীৰ সমৃদ্ধিৰে এক উল্লেখনীয় জৈৱ বৈচিত্ৰৰ কেন্দ্ৰ ।”
- বর্ষা-অৰণ্য পবা সংৰক্ষিত বনাঞ্চলৰ বৈশিষ্ট :
উল্লেখ্য যে, পবা সংৰক্ষিত বনাঞ্চল অসমৰ উত্তৰ পূব প্ৰান্তত অৱস্থিত বন্য জীৱ-জন্তুৰে সমৃদ্ধ এক জৈৱ বৈচিত্ৰপূর্ণ বর্ষা-অৰণ্য । ডি এৰিং বন্যপ্ৰাণী অভয়াৰণ্য-কবু চাপৰি প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চল আৰু ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান সংযোগ হৈ থকাৰ বাবে জীৱ-জন্তু, বিশেষকৈ হাতীৰ প্ৰৱজনৰ পথ হিচাপে ই অতি গুৰুত্বপূর্ণ ।