কাজিৰঙা, 29 জানুৱাৰী :আৰক্ষীৰ বেষ্টনী ফালি নিশা বোকাখাতত হেণ্ডকাফসহ ব্ৰহ্মপুত্ৰত জপিয়াই নিখোঁজ দুধৰ্ষ গঁড় চিকাৰী জগু পেগু ৷ এই ঘটনাত আহত হৈছে হীৰক জ্যোতি বৰদলৈ আৰু মোহিত বৰা নামৰ দুজন আৰক্ষী ৷ ঘটনা সন্দৰ্ভত গোলাঘাটৰ আৰক্ষী অধীক্ষক ৰাজেন সিঙে কয় যে, কিছু দিনৰ আগত অত্যাধুনিক মাৰণাস্ত্ৰৰে দুটাকৈ গঁড় হত্যা কৰি খৰ্গ লৈ উধাও হৈছিল চোৰাং চিকাৰী ৷ 26 জানুৱাৰীৰ নিশা ঘটনাৰ সৈতে জড়িত চোৰাং চিকাৰীৰ জগুক গ্ৰেপ্তাৰ কৰা হৈছিল ৷ পেগুক সোধা-পোচ কৰাৰ অন্তত আৰক্ষীয়ে এটা খৰ্গ পুতি থোৱা অৱস্থাৰ পৰা উদ্ধাৰ কৰিছিল ৷
আৰক্ষী বিষয়া সিঙে কয়, ‘‘পেগুৰ স্বীকাৰোক্তিৰ ভিত্তিত দ্বিতীয়টো খৰ্গ উদ্ধাৰতৰ বাবে নিশা আৰক্ষীয়ে আগৰাতলি বনাঞ্চলৰ উত্তৰে থকা চাপৰিলৈ যাত্ৰা কৰিছিল ৷ চাপৰিলৈ যাবলৈ ব্ৰহ্মপুত্ৰ পাৰ হ’ব লাগে ৷ সেয়ে নাও যোগাৰ কৰিবলৈ ধৰোতে হেণ্ডকাফসহ ব্ৰহ্মপুত্ৰত জাপ দিয়ে পেগুৱে ৷ ইফালে হেণ্ডকাফ ধৰি থকা জোৱান মোহিত বৰাও পানীত পৰি যায় ৷ দুয়োকে উদ্ধাৰ কৰিবলৈ জোৱান হীৰক জ্যোতি বৰদলৈয়েও পানীত জাঁপ দিয়ে ৷ বৰ্তমানেও চোৰাং চিকাৰী জগু পেগুৰ নাই সন্ধান ৷’’ পানীত পৰা দুইগৰাকী আৰক্ষী জোৱানক বোকাখাতৰ শ্বহীদ কমলা মিৰি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷