গুৱাহাটী : এটা অমাত জীৱ ৷ যিয়ে মানুহৰ দৰে ব্যক্ত কৰিব নোৱাৰে নিজৰ বেথা ৷ জংঘলৰ মাজত যি পাই তাকে খোৱা এটা অমাত জীৱই খদ্যটো দূৰৰ কথা এচলু পানী খাবলৈও ৰাস্তাৰে পাৰ হৈ যোৱা মানুহৰ বাবে সি অপেক্ষা কৰে ৷ এই প্ৰতিবেদনটোত আমি ক’বলৈ লৈছে এটা গজৰাজৰ কথা ৷ হয়, আজি আমি বন্যহস্তী আৰু মানুহৰ সংঘাতৰ কথা নহয়, বৰঞ্চ ক’বলৈ লৈছো এটা গজৰাজৰ দোষৰ কথাহে ৷
গুৱাহাটী মহানগৰীৰ বীৰকুচি অঞ্চলত শাৰীৰিক যান্ত্ৰণাত চটফটাই আছে লালি নামৰ এটা বন্যহস্তীয়ে ৷ স্থানীয় ৰাইজে উল্লেখ কৰা মতে, প্ৰায় ৩ মাহৰ আগতে খাদ্যৰ সন্ধানত আমচিং অভয়াৰণ্যৰ পৰা ওলাই অহা বনৰীয়া হাতীটোৱে ভৰিত আঘাত পাইছিল ৷ সেই তেতিয়াৰে পৰা নাৰেংগী সেনা শিবিৰৰ চৌহদৰ চাৰিসীমাৰ ভিতৰতে আবদ্ধ হৈ আছে লালি ৷
স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, ভৰিত আঘাতপ্ৰাপ্ত হাতীটোৰ বিষয়ে সকলো জানিও বন বিভাগৰ ফালৰ পৰা কোনো উপযুক্ত চিকিৎসা প্ৰদান কৰা নাই ৷ আনকি পৰ্যাপ্ত পৰিমাণৰ খাদ্য যোগান ধৰাৰ ক্ষেত্ৰতো বন বিভাগে কৃপণালি কৰাৰো অভিযোগ তুলিছে স্থানীয় ৰাইজে ।