তেজপুৰ:সমাগত পোহৰৰ উৎসৱ দীপাৱলী । দীপাৱলীলৈ মাজত মাথো এটা দিন । চৌদিশে এতিয়া আৰম্ভ হৈছে ফটকা, আতচবাজী আৰু ৰং-বিৰঙৰ পোহৰৰ মেলা । এই দীপাৱলীত ফটকা, আতচবাজীৰ নামত ধোঁৱাত উৰি যাব কোটি কোটি টকা আৰু শব্দৰ প্ৰদূষণৰ লগতে বিনষ্ট হ'ব বায়ু । জীৱকুলৰ মাজত হাঁহাকাৰ পৰিৱেশে বিৰাজ কৰিব ৷ অথচ এই সকলোবোৰ জানিও যেন একো কৰিব নোৱাৰি । তাৰ মাজতে সমাজৰ আৰু প্ৰকৃতিৰ হিতৰ বাবে যেন চিন্তা কৰিছে কিছুসংখ্যক লোকে ।
বিশ্বনাথ জিলাৰ গহপুৰ মহকুমাৰ এখন গাঁও । এই গাঁওখন হৈছে গহপুৰৰ দক্ষিণ অঞ্চলৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজনৰ সমীপৰ গোপাল জাৰণি গাঁও । তেওঁলোকৰ ব্যক্তিত্ব আৰু চিন্তাধাৰা দেখিলে আপুনি আচৰিত হৈ পৰিব । এই গাওঁখনৰ ৰাইজে দীপাৱলীত বিগত কেইবাটাও বছৰ ধৰি ফটকা, আতচবাজী ফুটুৱাৰ পৰা বিৰত থাকি ব্যতিক্ৰমী পদক্ষেপ দাঙি ধৰিছে ।
অগ্নিক সাক্ষী কৰি ফটকা নুফুটুৱাৰ সংকল্প গঞাৰ (ETV Bharat Assam) উল্লেখ্য যে, ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৰ এই গাঁওখনৰ ৰাইজে দীপাৱলীত ফটকা ফুটালে ইয়াৰ শব্দৰ সম্পূৰ্ণ সুযোগ লৈ চোৰাং চিকাৰীয়ে ৰাষ্ট্ৰীয় উদ্যানখনত জীৱ-জন্তু বিশেষকৈ গঁড় চিকাৰ কৰাৰ সুযোগ গ্ৰহণ কৰে । আতচবাজীৰ শব্দৰ মাজতে গুলীয়াই গঁড় নিধন কৰাৰ পূৰ্ণ সম্ভাৱনা থাকে । সেই হেতুকে গোপালজাৰণিৰ ৰাইজে অগ্নিক সাক্ষী কৰি ফটকা নুফুটুৱাৰ বাবে প্ৰতিজ্ঞাবদ্ধ হৈছে ।
কাজিৰঙা ইক' ডেভলেপমেণ্ট ছ'চাইটিৰ সভাপতি গোপালজাৰণি গাঁৱৰ বাসিন্দা তথা পেছাত এগৰাকী পশু বিভাগৰ কৰ্মচাৰী বাসুদেৱ কুটুমে ই টিভি ভাৰতৰ লগত টেলিফোন বার্তালাপত কয়, "বিগত ২০১৭ চনৰ পৰা গাঁওখনৰ ৰাইজে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজনৰ সুবিধাৰ্থে দীপাৱলীত কোনো ধৰণৰ ফটকা, আতচবাজী ব্যৱহাৰৰ পৰা বিৰত আছে । দুখনকৈ গাঁও মিলি এই প্ৰচেষ্টা হাতত লৈছে । মুঠ ১০০০ জনসংখ্যাৰ বসতি গাঁওখন ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা প্ৰায় চাৰি কিলোমিটাৰ দূৰত্বত অৱস্থিত আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজনৰ পৰা মাত্ৰ ৫ কিলোমিটাৰ দূৰত ।"
তেওঁ লগতে কয় যে এই ফটকা, আতচবাজীৰ সময়ত পূৰ্বতে চোৰাং চিকাৰীয়ে বন্যপ্ৰাণী নিধন কৰাৰ বিশেষকৈ গঁড় হত্যাৰ সুযোগ গ্ৰহণ কৰে । এই কাৰণতে স্থানীয় ৰাইজে ফটকা,আতচবাজী বন্ধ কৰি বন বিভাগক দায়িত্ব পালন কৰাৰ বাবে সহায় কৰে । ফটকা,আতচবাজী ব্যৱহাৰৰ ফলত বায়ুৰ প্ৰদূষণ অতি বেছি হয়, যি বন্যপ্ৰাণী আৰু মানুহৰ স্বাস্থ্যৰ বাবে অতি বিপদজনক । গাঁওবাসীয়ে কেৱল ফটকা, আতচবাজী ব্যৱহাৰৰ বন্ধ কৰাই নহয় স্থানীয় কোনো দোকানত এই সামগ্ৰী বিক্ৰী কৰাতো বাধা দি আহিছে । গাঁৱৰ ৰাইজে একমাত্ৰ পোহৰেৰে চাকি জ্বলাই আৰু বিভিন্ন ধৰণৰ লাইট ব্যৱহাৰ কৰি উদযাপন কৰি আহিছে দীপাৱলী ।