অসম

assam

ETV Bharat / state

ত্ৰয়োদশ মৃত্যু দিনত সুধাকণ্ঠক স্মৰণ অসমীয়াৰ; সন্ধিয়া দীঘলীপুখুৰীৰ পাৰত জ্বলিব ১০ হাজাৰ বন্তি

গণ চেতনাৰে অসমীয়া জাতিক সমৃদ্ধ কৰি যুগ-যুগান্তৰলৈ সজাগ কৰি যোৱা সুধাকণ্ঠ ভূপেন হাজৰিকাৰ অসমীয়া জাতিটোলৈ অৱদানক আজি সুঁৱৰিছে অসমবাসীয়ে ৷

Bharat Ratna Bhupen Hazarika
ত্ৰয়োদশ মৃত্যু দিনত সুধাকণ্ঠক স্মৰণ অসমীয়াৰ (ETV Bharat)

By ETV Bharat Entertainment Team

Published : Nov 5, 2024, 10:51 AM IST

গুৱাহাটী : অসম আৰু অসমীয়াৰ সুধাকণ্ঠহীন ১৩ টা বছৰ ৷ আজিৰেপৰা ১৩ টা বছৰৰ পূৰ্বে মুম্বাইৰ পৰা অসমলৈ আহিছিল এটি দুঃসম্বাদ, সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকা আৰু নাই । বুঢ়ালুইতৰ দুয়োপাৰ জনচেতনা আৰু সুৰেৰে উজ্জ্বল কৰি চিৰ বিদায় মাগিলে ভূপেন হাজৰিকাই । আজীৱন মানুহৰ বাবে গীত গাই গাই বিদায় মগা শিল্পীগৰাকীক আজি শদিয়াৰ পৰা ধুবুৰীলৈ সুঁৱৰিছে অসম আৰু অসমীয়াই ।

অসমীয়া জাতিক সমৃদ্ধ কৰি গণ চেতনাৰে যুগ-যুগান্তৰলৈ সজাগ কৰি যোৱা সুধাকণ্ঠ ভূপেন হাজৰিকাৰ জাতিটোলৈ অৱদানক আজি সুঁৱৰিছে অসমবাসীয়ে ৷ আজিও নানা জাতি-উপজাতিৰ বৈচিত্ৰময় অসমৰ গণদেৱতাৰ প্ৰাণে প্ৰাণে স্পন্দিত হৈ আছে সুধাকণ্ঠ ৷

১৯২৬ চনৰ ৮ ছেপ্টেম্বৰত শদিয়াত জন্মগ্ৰহণ কৰা ভাৰতৰত্ন ভূপেন হাজৰিকাৰ ২০১১ চনৰ ৫ নৱেম্বৰৰ দিনটোতে ৮৫ বছৰ বয়সত দেহাৱসান ঘটিছিল ৷ তেওঁৰ ত্ৰয়োদশ মৃত্যু দিন উপলক্ষে আজি মঙলবাৰে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অগণন গুণমুগ্ধই আয়োজন কৰিছে বিভিন্ন শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ।

লগতে পঢ়ক :সুধাকণ্ঠ বিহীন 13 টা বছৰ

ড৹ ভূপেন হাজৰিকাক মঙলবাৰে দিনটোত পুৱাৰে পৰা ৰাজ্যজুৰি বর্ণাঢ্য অনুষ্ঠানেৰে অগণন গুণমুগ্ধই স্মৰণ কৰিছে ৷ সামাজিক মাধ্যমতো বিভিন্নজনে সুধাকণ্ঠৰ ফটো, তেওঁৰ গীত আদি প্ৰচাৰ কৰি শ্ৰদ্ধা জনাইছে । সুধাকণ্ঠৰ গীত-মাতৰ লগতে নানৰঙী অনুষ্ঠানৰ আয়োজন কৰা হৈছে ৷ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীতো সুধাকণ্ঠ ভূপেন হাজৰিকাক বর্ণাঢ্য কার্যসূচীৰে স্মৰণ কৰা হৈছে ।

অসম চৰকাৰৰ সাংস্কতিক সঞ্চালকালয়ৰ উদ্যোগত ড৹ ভূপেন হাজৰিকাৰ ত্ৰয়োদশ মৃত্যু দিন উপলক্ষে জালুকবাৰীত থকা সুধাকণ্ঠৰ সমাধিক্ষেত্ৰত বিশেষ অনুষ্ঠান আয়োজন কৰিছে । পুৱা ৯ বজাৰ পৰা সৰ্বধর্ম প্ৰার্থনাৰে দিনজোৰা কাৰ্যসূচী আৰম্ভ হৈছে ৷ দিনৰ ১১.৩০ বজাৰ পৰা সাংস্কৃতিক অনুষ্ঠানেৰে শ্ৰদ্ধাঞ্জলি জনাব ৰাজ্যৰ ন-পুৰণি ভালেমান শিল্পীয়ে ৷

একেদৰে প্ৰতিবছৰৰ দৰে গুৱাহাটীৰ দীঘলীপুখুৰীৰ পাৰত সদৌ অসম ছাত্ৰ সস্থাই সুধাকণ্ঠৰ প্ৰতিমূৰ্তিৰ তলত আয়োজন কৰিছে বিশেষ অনুষ্ঠানৰ । সন্ধিয়া ১০ হাজাৰ বন্তি প্ৰজ্জ্বলনেৰে সুধাকণ্ঠলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব দীঘলীপুখুৰীৰ পাৰত । একেদৰে গুৱাহাটীৰ চচলত ড৹ ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসেও আয়োজন কৰিছে বিশেষ অনুষ্ঠান ৷ এয়া কেৱল গুৱাহাটীত আয়োজিত কেইটামান শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ উল্লেখ । ৰাজ্যৰ চহৰে-নগৰে, গাঁৱে -ভূঞে এইদৰেই নিজা নিজা ধৰণেৰে সকলোৱে সুঁৱৰিছে ভাৰতৰত্ন ভূপেন হাজৰিকাক ।

লগতে পঢ়ক :এযোৰ চশমাৰ বাবে সুধাকন্ঠৰ কুঠৰীৰ আপোন ঘৰত সৃষ্টি হোৱা এক অপ্ৰকাশিত কাহিনী

ABOUT THE AUTHOR

...view details