ধুবুৰী, ২৬ মে':সবকা সাথ, সবকা বিকাশ শ্ল’গান মাথো কাগজী শব্দ হৈয়ে ৰ’ল । উন্নয়ন ধোঁৱাচাঙতহে ৰ'ল । গ্ৰামাঞ্চলৰ বহুতো ঠাইত যাতায়াতৰ ক্ষেত্ৰত ৰাইজে ভূগিছে যমৰ যাতনা । গ্ৰামাঞ্চলৰ কথাটো বাদেই চহৰাঞ্চলতো এতিয়াও বোকা-পানী গচকিয়েই বহিঃজগতৰ সৈতে যোগাযোগ ৰাখিবলগীয়া হৈছে একাংশ ৰাইজে ।
তেনে এক পৰিস্থিতিয়েই সৃষ্টি হৈছে দক্ষিণ শালমৰাত । দক্ষিণ শালমাৰা সমষ্টিৰ এটা গুৰুত্বপূৰ্ণ পথ হিচাপে পৰিচিত শালকাটা-ধেনাৰখুটী সংযোগী প্ৰায় ৫ কিঃমিঃ দৈৰ্ঘৰ পথটো সম্প্ৰতি যাতায়াতৰ বাবে অনুপযোগী হৈ পৰিছে ৷ পথৰ পৰা জহি-খহি গৈছে চি চি ব্লক, ঠায়ে ঠায়ে দ খাৱৈত পৰিণত হৈছে ৷ যাতায়াতৰ ক্ষেত্ৰত চৰম দুৰ্ভোগ ভূগিছে ৰাইজে ৷
স্থানীয় ৰাইজে জনোৱা অনুসৰি, ২০১৮-১৯ বৰ্ষৰ স্বাক্ষৰ প্ৰকল্পৰ অধীনত শালকাটাৰ পৰা ধেনাৰখুঁটিলৈ প্ৰায় ৫ কিঃমিঃ দৈৰ্ঘৰ পথচোৱা নিৰ্মাণৰ বাবে চৰকাৰে ৫ কোটি ৭০ লাখ ২৪ হাজাৰ টকা আৱণ্টন দিছিল ৷ উক্ত কামৰ ঠিকা লাভ কৰিছিল ফয়জাল হক নামৰ এগৰাকী ঠিকাদাৰে ৷ পিছে উক্ত কোটি টকীয়া পথচোৱা নিৰ্মাণৰ কামত নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ ফলত নিৰ্মাণৰ পিছতেই পথচোৱা জহি-খহি যোৱাৰ অভিযোগ উত্থাপন কৰে ৰাইজে ৷