হাফলং, 4 মে’ : লামডিং-শিলচৰ লাইনত দিনৰ ভাগত চলিব যাত্ৰীবাহী ৰে’ল ৷ এই কথা জানিবলৈ দিয়ে লামডিং ডিভিচনৰ ডি আৰ এম প্ৰেমৰঞ্জন কুমাৰে ৷ শনিবাৰে নিউ হাফলং ষ্টেচনত এখন সংবাদমেল সম্বোধন কৰি ডি আৰ এম প্ৰেমৰঞ্জন কুমাৰে কয় যে, 25 এপ্ৰিলত প্ৰচণ্ড বৰষুণৰ বাবে জাতিংগা, লামপুৰ আৰু নিউহাৰেংগাজাও ষ্টেচনৰ মধ্যৱৰ্তী 110/7 কিলোমিটাৰত ৰে’ল লাইন বহি যোৱাৰ ফলত এখন মালবাহী ৰে’লৰ ইঞ্জিন লাইনচ্যুত হয় ৷ ইয়াৰ পিচতে ঘটনাস্থলীত বিভাগীয় কৰ্তৃপক্ষ উপস্থিত হৈ ৰে’ল লাইন মেৰামতি কৰি 2 খন যাত্ৰীবাহী ৰে’ল সফলতাৰে পাৰ কৰোৱা হয় ৷
তেওঁ কয় যে, 26 এপ্ৰিলত উত্তৰ পূব সীমান্ত ৰে’লৱেৰ জেনেৰেল মেনেজাৰ চেতন কুমাৰ শ্ৰীবাস্তব ঘটনাস্থলীত উপস্থিত হয় আৰু তেওঁৰ তত্ত্বাৱধানত ৰে’ল লাইন মেৰামতিৰ কাম চলে ৷ লামডিং ডিভিজনৰ অধীনত কিছু স্থানীয় যাত্ৰীবাহী ৰে’ল বাতিল কৰা হয় ৷ কিন্তু দূৰৱৰ্তীযাত্ৰীবাহী ৰে’ল চলাচল অব্যাহত থাকে ৷ তেওঁ জানিবলৈ দিয়ে যে, এই লাইনত মুঠ 21 খন যাত্ৰীবাহী ৰে’ল চলাচল কৰে ৷ ইয়াৰে বৰ্তমান 17 খন যাত্ৰীবাহী ৰে’ল চলাচল কৰি আছে ৷ চাৰিখন যাত্ৰীবাহী ৰে’লৰ চলাচল বাতিল কৰা হৈছে ৷ এই ৰে’লকেইখন হৈছে 15615/15616 শিলচৰ গুৱাহাটী-শিলচৰ বিশেষ যাত্ৰীবাহী ৰে’ল, 15888/15887 গুৱাহাটী-বদৰপুৰৰ মাজত চলাচল কৰা বিশেষ টুৰিষ্ট ৰে’ল, 15617/15618 গুৱাহাটী-দুল্লভচ’ৰা এক্সপ্ৰেছ আৰু 05638/05638 শিলচৰ-নাহৰলগুন বিশেষ এক্সপ্ৰেছ ৰে’ল ৷