টীয়ক, 1 জুন:টীয়ক কলিয়াপানী ব্লক কংগ্ৰেছৰ উদ্যোগত দেওবাৰে টীয়কৰ শ্বহীদ ভৱনত যোৰহাট লোকসভা সমষ্টিৰ নৱ নিৰ্বাচিত সাংসদ, জনপ্ৰিয় যুৱনেতা গৌৰৱ গগৈক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যৰে এক ৰাজহুৱা অনুষ্ঠান অনুষ্ঠিত হৈ যায় ৷
উক্ত অনুষ্ঠানৰ অন্তত সংবাদ মাধ্যমৰ আগত সাংসদগৰাকীয়ে কয়, "নিৰ্বাচনৰ পূৰ্বে ৰাইজে মোক সাংসদ হিচাপে নিৰ্বাচিত কৰিলে ৰাইজক স্বাস্থ্য, উচ্চ শিক্ষা আৰু যাতায়তৰ ক্ষেত্ৰত উন্নতি সাধিম বুলি প্ৰতিশ্ৰুতি আগবঢ়াইছিলো আৰু এই প্ৰতিশ্ৰুতি পূৰণৰ বাবে মই অহৰহ প্ৰচেষ্টা চলাম ।’’
‘‘বিশেষকৈ টীয়কৰ একমাত্ৰ চিকিৎসাস্থলী টীয়ক এফ আৰ ইউৰ উন্নয়ন, যোৰহাটৰ পৰা শিৱসাগৰ পৰ্যন্ত ৰাষ্ট্ৰীয় ঘাইপথৰ কাম সম্পূৰ্ণ তথা ছাত্ৰ-ছাত্ৰীৰ উন্নত শিক্ষাৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা কৰা হ’ব । লগতে 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাম সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ সৈতে আলোচনা কৰাৰ লগতে সংসদতো বিষয়টো উত্থাপন কৰা হ’ব ।" তেওঁ কয় ৷
ইপিনে 8500/- টকাৰ লোভত গৌৰৱ গগৈক যোৰহাটৰ ৰাইজে ভোট প্ৰদান কৰিছে বুলি বিজেপি বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে কৰা মন্তব্যৰ প্ৰত্যুত্তৰ দি সাংসদগৰাকীয়ে কয়, "বিজেপি দলৰ বহুকেইজন জ্যেষ্ঠ নেতা, প্ৰাক্তন সভাপতিয়ে মই জয়ী হোৱাৰ পাচত শুভেচ্ছা জ্ঞাপন কৰিছে ৷ ৰূপজ্যোতি কুৰ্মীৰ এনেবোৰ মন্তব্যৰ কোনো গুৰুত্ব নাই আৰু সেইবোৰ কথা ভাবিবলৈও মোৰ সময় নাই ।"