অসম

assam

ETV Bharat / state

বিলাসী হোটেলৰ সলনি সন্তানৰ জন্মদিন পালন কৰিলে আশ্ৰয় শিবিৰত

Model Relief Camp : পাঁচ মাহে আদৰ্শ আশ্ৰয় শিবিৰতে বিনীদ্ৰ ৰজনী কটাবলগীয়া হৈছে অৰ্ধশতাধিক পৰিয়ালে । এই শিবিৰতেই আজি দেখা গ'ল আনন্দমুখৰ পৰিৱেশ ।

By ETV Bharat Assamese Team

Published : 10 hours ago

Model Relief Camp
সন্তানৰ জন্মদিন পালন কৰিলে আশ্ৰয় শিবিৰত (ETV Bharat Assam)

জোনাই:সন্তানৰ জন্মদিনত মহাধুমধামেৰে কেক কাটি গৰ্ব অনুভৱ কৰা লোকৰ সংখ্য়া কম নহয় । বিশেষকৈ আধুনিকতাৰ ধামখুমীয়াত বিলীন হোৱা লোকসকলে সন্তানৰ জন্মদিনক লৈ ক'ত যে কি নকৰে তাৰ হিচাপ নাই । সেয়া আন দহজনৰ দৃষ্টিত ভালেই হওক অথবা বেয়াই নহওক কিয় তালৈ ভ্ৰূক্ষেপ নাই । কিন্তু ইয়াৰ মাজতো একাংশ লোকে নিজৰ অথবা সন্তানৰ জন্মদিনটো ব্য়তিক্ৰমী ৰূপত পালন কৰা দেখা যায় ।

আশ্ৰয় শিবিৰত সন্তানৰ জন্মদিন পালন

নামী-দামী ৰেষ্টুৰেন্ট অথবা বিলাসী হোটেলৰ সলনি দুবছৰীয়া সন্তানৰ জন্মদিনটো পালন কৰিলে আশ্ৰয় শিবিৰত । ধেমাজি জিলাৰ জোনাইৰ আদৰ্শ বান আশ্ৰয় শিবিৰত থকা বানাক্ৰান্ত কণ কণ শিশুসকলৰ লগত একেলগে কেক কাটি পালন কৰিলে সন্তানৰ জন্মদিন । নিজৰ দুবছৰীয়া সন্তানৰ জন্ম দিনটোত কেক কাটি আশ্ৰয় শিবিৰত থকা কণ কণ শিশুসকলৰ মাজত বিলালে কেকৰ লগতে মিঠাই আদি ।

সন্তানৰ জন্মদিন পালন কৰিলে আশ্ৰয় শিবিৰত (ETV Bharat Assam)

কৃষ্ণ টায়ে নামৰ স্থানীয় লোক এজনে আজি দুবছৰীয়া সন্তানৰ জন্মদিন পালন কৰি আশ্ৰয় শিবিৰত থকা অৰ্ধশতাধিক পৰিয়ালক এসাজ খুৱালে । এই সন্দৰ্ভত কৃষ্ণ টায়ে কয় যে হোটেল-ৰেষ্টুৰেন্ট আদিৰ পৰিৱৰ্তে সন্তানৰ জন্মদিন এই শিবিৰত পালন কৰিবলৈ সুযোগ পাই খুবেই আনন্দিত হৈছো ।

পাঁচ মাহে আশ্ৰয় শিবিৰতে পঞ্চাশটা পৰিয়াল

ইফালে, জোনাইৰ শিৱগুৰি গাঁৱৰ পঞ্চাশটা পৰিয়ালে আজি পাঁচ মাহে আদৰ্শ আশ্ৰয় শিবিৰতে বিনীদ্ৰ ৰজনী কটাবলগীয়া হোৱা ঘটনাক দুখ প্ৰকাশ কৰি অতি শীঘ্ৰে চৰকাৰ তথা প্ৰশাসনক বানাক্ৰান্ত পৰিয়ালসকলক স্থায়ী সংস্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী উত্থাপন কৰে কৃষ্ণ টায়ে ।

লগতে পঢ়ক:জন্মদিনত ব্যতিক্ৰমী ৰূপত সাংসদ কামাখ্যা প্ৰসাদ তাছা

মহাকাশতে জন্মদিন উদযাপন সুনীতা উইলিয়ামছৰ; ভাৰতীয় সংগীতশিল্পীৰ বিশেষ উপহাৰ - Sunita williams Birthday

ABOUT THE AUTHOR

...view details