তেজপুৰ:তেজপুৰৰ পদপথত ঘূৰি ফুৰা গৰাকীবিহীন কুকুৰৰ অজ্ঞাত লোকে চোৰাং সৰবৰাহ কৰাৰ এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে । তেজপুৰৰ প্ৰায়বোৰ অঞ্চলতেই এনে গৰাকীবিহীন কুকুৰৰ একোটা দল থকাটো এটা সহজলভ্য দৃশ্য । আনহাতে এনেবোৰ গৰাকীবিহীন কুকুৰক খাদ্যৰ লগতে অসুস্থ হৈ পৰিলে প্ৰয়োজনীয় শুশ্ৰূষা তথা চিকিৎসাৰ ব্যৱস্থা কৰি আহিছে তেজপুৰৰ উই এনিমেল নামৰ সংস্থা এটাই ।
তেজপুৰ চহৰৰ স্থানীয় একাংশ জীৱ-জন্তুপ্ৰেমী যুৱক-যুৱতীৰ দ্বাৰা গঢ় লোৱা এই সংস্থাটোত প্ৰায় ২৫ জন সদস্য-সদস্যা আছে আৰু তেওঁলোকে ভাগে ভাগে নিজা দায়িত্ব পালন কৰি আহিছে । সংস্থাটোৰ শুভাকাংক্ষী হিচাপেও চহৰখনৰ একাংশ লোক জড়িত হৈ আছে উই এনিমেলৰ স’তে । বিগত প্ৰায় পাঁচবছৰে গৰাকীবিহীন পদপথৰ কুকুৰৰ বাবে খাদ্য তথা অন্যান্য সেৱা আগবঢ়াই অহা এই সংস্থাটোৱে তেজপুৰ চহৰৰ লগতে নিকটৱৰ্তী চানমাৰী ৰে’লগে’টকে ধৰি একাধিক স্থানত গৰাকীবিহীন কুকুৰৰ বাবে খাদ্যৰ বেংকো স্থাপন কৰিছিল ।
কৰ’ণা কালত এই সংখ্যা যথেষ্ট বৃদ্ধি পাইছিল । সেই সময়ত তেজপুৰৰ চহৰৰ লগতে মিছন চাৰিআলি, পৰোৱা, মাজগাঁও, ৰবৰবাগান, হজৰাপাৰ, লালমাটি, দেৱীসিং ঘাট আদিত গৰাকীবিহীন কুকুৰক খাদ্য যোগান ধৰে এই উই এনিমেলে । যোৱা সময়ছোৱাত সংস্থাটোৱে নিয়মীয়াকৈ এই কাম কৰি গৈছে । উল্লেখযোগ্য যে বৰ্তমান চানমাৰী ৰে’লগেট, হজৰাপাৰ, লালমাটি আৰু দেৱীসিং ঘাটত গৰাকীবিহীন কুকুৰক খাদ্য যোগান ধৰি আহিছে উই এনিমেলৰ অপৰূপা শৰ্মা আৰু মেধাবী পাণ্ডেই ।
তেওঁলোকে কেতবোৰ স্থানত সপ্তাহৰ তিনিদিন আৰু কেতবোৰ স্থানত দৈনিক এইদৰে খাদ্য যোগান ধৰি আহিছে । দৈনিক নিজৰ ঘৰত এনে কুকুৰৰ বাবে খাদ্য ৰান্ধি ঠায়ে ঠায়ে গৈ কুকুৰক সেই খাদ্য খুৱাই অপৰূপা আৰু তেওঁৰ সতীৰ্থসকলে । কিন্তু যোৱা লোকসভা নিৰ্বাচনৰ সময়ৰ পৰাই অঞ্চলবোৰত থকা গৰাকীবিহীন কুকুৰৰ সংখ্যা হ্ৰাস পোৱাটো চকুত পৰে উই এনিমেলৰ কৰ্মকৰ্তাসকলৰ ।
এটা নিশাৰ ভিতৰতে পাঁচ-ছটাকৈ কুকুৰৰ সংখ্যা হ্ৰাস পোৱাৰ বিষয়টোক লৈ চিন্তিত হৈ পৰা উই এনিমেলৰ সদস্যসকলে তেজপুৰ সদৰ আৰক্ষী থানাত লিখিত অভিযোগ দাখিল কৰে । এইদৰে কেৱল মাংসৰ বাবেই কুকুৰ সৰবৰাহ হোৱাৰো আশংকা কৰিছে সংস্থাটোৱে । কেৱল সিমানেই নহয়, উই এনিমেলে নিজাববীয়াকৈ চলোৱা অনুসন্ধানত ইয়াৰ সৈতে জড়িত লোকৰ বিষয়েও সম্ভেদ লাভ কৰে আৰু সেই বিষয়েও আৰক্ষীক অৱগত কৰা হয় বুলি জানিবলৈ দিয়ে ।