মৰাণ, ১৭ ছেপ্টেম্বৰ :ঐতিহাসিক চৰাইদেউৰ সোণাৰিত খিলঞ্জীয়াৰ অস্তিত্ব সুৰক্ষিত কৰাৰ বাবে একত্ৰিত হ'ল ২১ টা দল-সংগঠন । সোমবাৰে ভগৱতী প্ৰসাদ বৰুৱা সোঁৱৰণী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত খিলঞ্জীয়াৰ সুৰক্ষা আৰু স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে আয়োজিত গণ সমাৱেশত এই দল-সংগঠন কেইটাই দিলে হুংকাৰ ।
২১ টা দল-সংগঠনে ঐক্যবদ্ধ ঐক্য মঞ্চৰ উদ্যোগত অনুষ্ঠিত এই সমাৱেশত উজনি অসমৰ বিভিন্ন প্ৰান্তৰৰ হাজাৰ হাজাৰ লোকে অংশগ্ৰহণ কৰে । উল্লেখযোগ্য যে শিৱসাগৰৰ লগতে উজনি অসমৰ বহুকেইটা স্থানত অসমীয়া আৰু অনা অসমীয়া লোকৰ মাজত আৰম্ভ হোৱা সংঘাতৰ পাছতে যেন উজনি অসমত খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ দাবী উত্থাপিত হৈছে ।
উজনি অসমত খিলঞ্জীয়াৰ সুৰক্ষা বিষয়টোক লৈ তৎপৰ হৈছে জাতি জনগোষ্ঠীয় দল-সংগঠনসমূহ । সেয়ে সোমবাৰে ঐতিহাসিক চৰাইদেউত খিলঞ্জীয়াৰ সুৰক্ষাৰ দাবীত ২১ টাকৈ জাতি -জনগোষ্ঠীয় সংগঠন একত্ৰিত হৈ গণ সমাৱেশ অনুষ্ঠিত কৰিলে ।
সদৌ টাই আহোম ছাত্ৰ সন্থা, টাই আহোম যুৱ পৰিষদ, অসম ,সদৌ অসম চুতীয়া ছাত্ৰ সন্থা,সোণোৱাল কছাৰী ছাত্ৰ সন্থা,সদৌ অসম আদিবাসী ছাত্ৰ সন্থা,আহোম সভা, সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থা, কৃষক মুক্তি সংগ্ৰাম সমিতি, আহোম জাতীয় গণমঞ্চ, অসমীয়া যুৱ মঞ্চকে ধৰি জাতি- জনগোষ্ঠীয় ২১ টা সংগঠনে এই গণ সমাৱেশ অনুষ্ঠিত কৰাৰ পাছতেই স্মাৰ্ট মিটাৰ বাতিলৰ দাবীত বিশাল প্ৰতিবাদ সাব্যস্ত কৰে ।
- ঘেৰাও কৰিলে বিদ্যৎ উপ-সংমণ্ডলৰ কাৰ্যালয়
স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে ২১ সংগঠনে বিশাল পদযাত্ৰা কৰি ঘেৰাও কৰিলে চৰাইদেউ জিলাৰ বিদ্যৎ উপ-সংমণ্ডলৰ কাৰ্যালয় । চৰাইদেউ জিলাৰ সদৰ সোণাৰিত তিনি কিলোমিটাৰ পথ পদযাত্ৰা কৰি বাণফেৰা বিদ্যুৎ উপ-সংমণ্ডলৰ কাৰ্যালয় ঘেৰাও কৰে । এই বিশাল প্ৰতিবাদৰ জৰিয়তে স্মাৰ্ট মিটাৰ বন্ধ কৰিবলৈ দাবী জনালে ঐক্যবদ্ধ ঐক্য মঞ্চই ।
- ৰাজ্যত মিঞাৰ আগ্ৰাসন চলিছে