তিনিচুকীয়া, 19 ফেব্ৰুৱাৰী :দেওবাৰে পুৱতি নিশা অৰুণাচল প্ৰদেশৰ চাংলাঙত কয়লাখনিৰ তিনি শ্ৰমিকক সন্দেহজনক আলফা স্বাধীন আৰু এন এছ চি এন-এ অপহৰণৰ ঘটনা সংঘটিত কৰাৰ আজি 24 ঘণ্টাৰ পাচতো নাই অপহৃতৰ কোনো সন্ধান ৷ চাংলাং জিলাৰ ফিনভিৰু অঞ্চলৰ মংগচা বস্তিত সংঘটিত হয় এই অপহৰণৰ ঘটনা ৷ অপহৃত হৈছিল ক্ৰমে চন্দন নাৰ্জাৰী, লেখক বৰা আৰু জ্ঞান থাপা ৷ তিনিচুকীয়া জিলাৰ লেখাপানীৰ লেখক বৰা আৰু জ্ঞান থাপাক আজি অপহৰণকাৰী সংগঠনে মুকলি দিয়া বুলি এক খবৰ বিয়পি পৰিছিল যদিও আৰক্ষী তথা সেনা-বাহিনীৰ হাতত নাই কোনো তথ্য ৷
শিবু সৰকাৰ আৰু ৰঞ্জিত থাপা নামৰ দুই কয়লা ব্যৱসায়ীৰ কৰ্মচাৰী আছিল তিনিওজন শ্ৰমিক ৷ লেখাপানীৰ শ্ৰমিক জ্ঞান থাপাৰ পিতৃয়ে এই অপহৰণকাণ্ডত দুখ প্ৰকাশ কৰি আটাইকে সুস্থ শৰীৰে ওভতাই পঠাবলৈ দেওবাৰে আহ্বান জনাইছিল অপহৰণকাৰী বিদ্ৰোহী সংগঠনক ৷ তাৰ পাচতে আজি পুনৰ অপহৃত শ্ৰমিক লেখক বৰাৰ পত্নীয়ে তেখেতৰ স্বামীক মুকলি কৰি দিবলৈ কাতৰ আহ্বান জনাইছে ৷ দুই কন্যা সন্তানলৈ চাই পিতৃ লেখক বৰাক মুকলি কৰি পৰিয়ালটোৰ মুখলৈ চাবলৈ আহ্বান জনাইছে আলফা স্বাধীনৰ সাৰ্বাধিনায়ক পৰেশ বৰুৱালৈ ৷