অসম

assam

প্ৰযোজকৰ ভূমিকা লোৱা বিশালে কিয় আধাতে এৰিছিল ছবিৰ কাম ? - Online Trading Scam

By ETV Bharat Entertainment Team

Published : Sep 3, 2024, 7:14 PM IST

Online trading fraud: অনলাইন ট্ৰেডিঙৰ নামত প্ৰৱঞ্চনা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা বিশাল ফুকনে ছবি নিৰ্মাণৰ নামতো কৰিছিল ধন বিনিয়োগ । আদিত্যম শইকীয়াৰ পৰিচালনাৰে আহিবলগীয়া নতুন অসমীয়া ছবি 'দ্য ব্লেক আমব্ৰেলা'ৰ প্ৰযোজক হিচাপে আছিল বিশাল । পিচে আধাতে ছবিখনৰ কাম নকৰাৰ কথা পৰিচালকক জনাইছিল বিশালে ।

Online trading fraud, Bishal Phukan invested money in filmmaking
বিশালে কিয় আধাতে এৰিছিল ছবিৰ কাম ? (ETV Bharat Assam)

গুৱাহাটী,৩ ছেপ্টেম্বৰ:অনলাইন ট্ৰেডিঙৰ নামত কোটি কোটি টকাৰ প্ৰৱঞ্চনা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা বিশাল ফুকনে ক'লা ধন বগা কৰাৰ উপায় হিচাপে বাচি লৈছিল অসমীয়া ছবিজগত । শেহতীয়াকৈ এখন অসমীয়া ছবিত ধন বিনিয়োগ কৰিছিল বিশাল ফুকনে । বিগত বর্ষত মুক্তি লাভ কৰা অসমীয়া ছবি 'ৰঙাটাপু' ছবিখনৰ জৰিয়তে পৰিচালক হিচাপে আত্মপ্ৰকাশ ঘটা আদিত্যম শইকীয়াৰ দ্বিতীয়খন ছবি 'দ্য ব্লেক আমব্ৰেলা'ৰ প্ৰযোজক হিচাপে আছিল বিশাল ফুকন ।

বিশালে প্ৰযোজনা কৰা ছবি (ETV Bharat Assam)

জানিব পৰা মতে, প্ৰায় ১.৫ কোটি টকাৰ বাজেটত ছবিখন নিৰ্মাণ কৰাৰ এক সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল । অসমৰ কেইবাগৰাকী জনপ্ৰিয় অভিনেতা-অভিনেত্ৰীৰ লগতে 'হিৰামণ্ডী' খ্যাত বৃটিছ অভিনেতা জেচন শ্বাহৰ দৰে বিদেশী শিল্পীৰো সংযোগ ঘটোৱা হৈছিল ছবিখনত । কিন্তু ছবিখনৰ আধা কাম সম্পন্ন হোৱাৰ পাছত ছবিখন নকৰাৰ সিদ্ধান্তৰ কথা বিশালে জনাইছিল পৰিচালক আদিত্যম শইকীয়াক । এই সন্দৰ্ভত ই টিভি ভাৰতৰ সৈতে ফোনযোগে হোৱা বার্তালাপত ছবিখনৰ পৰিচালক আদিত্যম শইকীয়াই জনালে বহু কথা ।

পৰিচালক আদিত্যম শইকীয়া (ETV Bharat Assam)

কেনেদৰে বিশালৰ সৈতে চিনাকি হৈছিল আদিত্যম শইকীয়াৰ ?

এই সন্দৰ্ভত আদিত্যম শইকীয়াই কয়,"বিশাল ফুকনে প্ৰথমৱস্থাত মোৰ ওচৰত কাপোৰ বনাবলৈ আহিছিল । আমি তেনেকৈ লগ পাইছিলো আৰু সেইখিনি সময়তে মোৰ 'ৰঙাটাপু' মুক্তি লাভ কৰিছিল । যিহেতু আমি ছবি বনোৱা মানুহ সেইখিনি সময়তে মই 'দ্য ব্লেক আমব্ৰেলা' ছবিখনৰো পৰিকল্পনা কৰি আছিলো । তেখেতে সেই সময়ত ছবি এখন বনোৱাৰ বাবে আগ্ৰহী আছিল আৰু ময়ো মোৰ ছবিখন স্ক্ৰীপ্টৰ কথা তেওঁৰ আগত কৈছিলো । ছবিখনৰ কাহিনীটো বিশালক কোৱাৰ পিছত বিশালে ছবিখন নিৰ্মাণৰ বাবে সন্মত হৈছিল আৰু ছবিখন প্ৰযোজনা কৰিম বুলি মোক কৈছিল ।"

বিদেশত কৰা হৈছিল ছবিখনৰ চুক্তিত স্বাক্ষৰ:

আদিত্যম আৰু বিশালৰ কথাবাৰ্তাৰ পিছত 'দ্য ব্লেক আমব্ৰেলা'ক এখন বিগ বাজেটৰ ছবিৰ ৰূপত নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰা হৈছিল । বিদেশত এই ছবিখনৰ বাবে চুক্তিত স্বাক্ষৰ কৰাৰ কথা সামাজিক মাধ্যমযোগে শ্বেয়াৰ কৰিছিল পৰিচালক আদিত্যমে ।

এই সন্দৰ্ভত তেওঁ কয়,' আচলতে সমাজিক মাধ্যমৰ প্ৰতিটো কথা সঁচা নহয় । আমি ফুৰিবলৈ যাওঁতে ফূৰ্তিতে বা আমাৰ অপৰিপক্কতা বুলিও ক'ব পাৰি যাৰ বাবে সেই স্বাক্ষৰ কৰা প'ষ্ট সামাজিক মাধ্যমত দিছিলো । ভাল ছবি এখন নিৰ্মাণ হ'ব বুলিয়ে আশা কৰিছিলো । এনেকুৱা এটা পৰিস্থিতিৰ সন্মুখীন হ'ম বুলি কেতিয়াও ভবা নাছিলো । কিন্তু চিনেমাৰ চুক্তি কৰিম বুলি আচলতে বাহিৰলৈ কেতিয়াও যোৱা হোৱা নাছিল ।"

ছবিখনৰ কিমান শতাংশ কাম সম্পন্ন হৈছে ?

চলিত বর্ষৰ মাৰ্চ মাহৰ পৰা চিত্ৰগ্ৰহণো আৰম্ভ কৰা হৈছিল ছবিখনৰ ৷ এই সন্দৰ্ভত শইকীয়াই কয়,"মাৰ্চ মাহত আমি ১৬ দিনমান শ্বুটিং কৰিছিলো আৰু মে' মাহৰ প্ৰথম সপ্তাহত কেইদিনমান শ্বুটিং কৰা হৈছিল । তাৰ পাছত আৰু শ্বুটিং হোৱা নাই ।"

ছবিখনৰ বাবে সমগ্ৰ ধনৰ লেনদেন কৰিছিল বিশালে

পৰিচালক আদিত্যমে কয়,"ছবিখনৰ বাবে হ'বলগীয়া খৰচ তথা ধনৰ লেনদেন বিশালে নিজে কৰিছিল । তাৰ বাবে মই এখন পাৰিশ্ৰমিকৰ তালিকা বিশাল ফুকনৰ হাতত অৰ্পণ কৰিছিলো । তেনেদৰে তেওঁ লেনদেন কৰিছিল আৰু ময়ো তেনেদৰে পৰিচালক হিচাপে মোৰ যি প্ৰাপ্য সেয়া তেওঁৰ পৰা পাইছিলো ।"

হঠাতে কিয় থমকি ৰ'ল 'দ্য ব্লেক আমব্ৰেলা'ৰ কাম ?

এই সন্দৰ্ভত পৰিচালকগৰাকীয়ে কয়,"মে' মাহৰ শ্বুটিঙৰ পাছত বৰষুণ আছিল, তাৰ পাছত তেখেতৰ ফালৰ পৰাও কোনো সেউজ সংকেত অহা নাছিল । তাৰ পাছত তেখেতে মোক আগষ্ট মাহৰ ১৯ তাৰিখে এটা মেছেজ দিছিল-"মই ছবিখন আৰু সম্পূৰ্ণ কৰিব নোৱাৰিম ।" এই মেছেজটোৰ পাছত মই তেওঁক লগ পাই কথা পাতিম বুলি কৈ থ'লো কিন্তু লগ পোৱালৈ মই প্ৰথম বাতৰিটো দেখা পাইছিলোৱেই । তাৰ পাছত মই তেওঁক প্ৰশ্ন কৰিছিলোঁ কথাবোৰ কিমান সঁচা, কিমান মিছা । কিন্তু তেখেতে মোক কলে চিন্তা নকৰিব, ব্যৱসায়ত উত্থান-পতন থাকেই । সোনকালেই সকলো ঠিক হৈ যাব ।"

ইফালে, বিশাল বাহিনীয়ে ৰচা এই জালত পৰিছে অসমীয়া ছবিজগতৰ অভিনেতা-অভিনেত্ৰীৰ লগতে বহু পৰিয়াল, আছে কেইবাগৰাকী কণ্ঠশিল্পীও । বাদ পৰি ৰোৱা নাই ৰূপসজ্জা শিল্পীও । আনহাতে বিশাল ফুকনক গ্ৰেপ্তাৰৰ পাছৰে পৰা অন্তৰ্ধান হৈ আছে অভিনেত্ৰী তথা বিশালে পাতি লোৱা ভগ্নী চুমী বৰা ।

লগতে পঢ়ক:অনলাইন ট্ৰেডিং প্ৰৱঞ্চনা ! কেনেদৰে কোটিপতি হৈছিল বিশাল ফুকন ? - ONLINE TRADING SCAM

পডকাষ্ট এটাত লাজ কিয় কৰিম বুলি কোৱা চুমী বৰা নিশ্চয় লাজত অন্তৰ্ধান নাই হোৱা ! - BISHAL PHUKAN SUMI BORA

ABOUT THE AUTHOR

...view details