অসম

assam

ETV Bharat / state

প্ৰ-পত্ৰ পূৰণ কৰি চি বি আইক হিচাপ দিছে বিনিয়োগকাৰীয়ে

অনলাইন ট্রেডিং প্ৰৱঞ্চনাৰ তদন্ত । কোনে কিমান ধন বিনিয়োগ কৰিছিল দিব লাগিব হিচাপ ।

By ETV Bharat Assamese Team

Published : 4 hours ago

Online trading investment
অনলাইন ট্রেডিং প্ৰৱঞ্চনাৰ তদন্ত (ETV Bharat Assam)

গুৱাহাটী:ৰাজ্যত সংঘটিত অনলাইন ট্রেডিং প্ৰৱঞ্চনাৰ তদন্ত আৰম্ভ কৰিছে কেন্দ্রীয় তদন্তকাৰী সংস্থা চমুকৈ চি বি আয়ে । অনলাইন ট্রেডিং প্ৰৱঞ্চনাৰ ৪১টা গোচৰৰ তদন্তৰ বাবে নতুন দিল্লীৰ পৰা চি বি আইৰ দুটাকৈ দল অসমত উপস্থিত হোৱাৰ পাছতেই তদন্তৰ প্ৰাৰম্ভিক কাম-কাজ আৰম্ভ কৰিছে ।

গুৱাহাটীৰ বেতকুছিত থকা চি বি আইৰ কাৰ্যালয়ত শুকুৰবাৰে মহাপ্রৱঞ্চনাৰ অভিযোগ উত্থাপিত দীপাংকৰ বৰ্মনৰ হাতত প্রতাৰিত হোৱা কেইবাগৰাকী ভুক্তভোগীৰ সাক্ষ্য গ্রহণ কৰাৰ পিছত শনিবাৰেও পুৱাৰে পৰা ১০ গৰাকী বিনিয়োগকাৰী উপস্থিত হয় সাক্ষ্য প্ৰদানৰ বাবে । এইসকল বিনিয়োগকাৰীৰ পৰাও সাক্ষ্য গ্ৰহণ কৰিছে চি বি আয়ে ।

অনলাইন ট্রেডিং প্ৰৱঞ্চনাৰ তদন্ত (ETV Bharat Assam)

কোনে কিমান টকা বিনিয়োগ কৰিছিল ?

তদন্তকাৰী দলটোৱে একোখনকৈ প্ৰ-পত্ৰ পূৰণ কৰিবলৈ দিছে বিনিয়োগকাৰীসকলক । কোনে কিমান টকা বিনিয়োগ কৰিছিল সেই সকলোবোৰ তথ্য লৈছে চি বি আয়ে । ইতিমধ্যে দীপাংকৰ বৰ্মন সন্দৰ্ভত মহানগৰ আৰক্ষীৰ পল্টনবজাৰ থানাত ৰুজু হোৱা গোচৰৰ ভিত্তিত আৰক্ষীয়ে জব্দ কৰা কম্পিউটাৰৰ হার্ডডিস্ক, নথি-পত্র আদিও পৰীক্ষা কৰিছে ।

ৰাজ্য চৰকাৰে বিভিন্ন থানাত পঞ্জীয়ন হোৱা অনলাইন ট্রেডিং কেলেংকাৰীৰ ৪১ টা গোচৰ চি বি আইক হস্তান্তৰ কৰাৰ বাবে কেবিনেটত সিদ্ধান্ত লৈছিল । ৰাজ্য চৰকাৰৰ অনুৰোধৰ ভিত্তিত গৃহ মন্ত্রালয়ে এই বৃহৎ বিত্তীয় কেলেংকাৰীৰ তদন্ত কৰিবলৈ চি বি আইক নির্দেশ দিছিল । কেইদিনমান পূর্বে চি বি আইক গৃহ মন্ত্রালয়ে এই নির্দেশ দিয়াৰ পিছত শুকুৰবাৰৰ পৰা তদন্তকাৰী সংস্থাটোৱে অসমত সংঘটিত অনলাইন ট্রেডিং কেলেংকাৰীৰ তদন্ত আৰম্ভ কৰিছে ।

চি বি আয়ে প্রথমে পলাতক দীপাংকৰ বৰ্মনৰ ডি বি ষ্টক ব্র'কিং নামৰ প্রতিষ্ঠানটো আৰু ডিব্ৰুগড়ৰ বিশাল ফুকন, চুমী বৰাই সংঘটিত কৰা কোটি টকীয়া অনলাইন ট্রেডিং কেলেংকাৰীৰ তদন্ত আৰম্ভ কৰিছে । উল্লেখ্য যে বিনিয়োগকাৰীৰ পৰা প্রায় ৭০০ কোটি টকা আত্মসাৎ কৰি বৰ্তমানেও পলাতক হৈ আছে প্ৰৱঞ্চক দীপাংকৰ বৰ্মন । অৱশ্যে এই গোচৰটোত আৰক্ষীয়ে দীপাংকৰ বৰ্মনৰ পিতৃ-মাতৃৰ লগতে প্রেয়সী মনলিছা দাসক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে ।

ডিব্ৰুগড়তো চি বি আইৰ অভিযান

একেদৰে চি বি আইৰ এটা পাঁচজনীয়া দল ডিব্ৰুগড়ত উপস্থিত হৈছে । এই দলটোৱে বিশাল ফুকন, চুমী বৰাৰ কেলেংকাৰীৰ তদন্ত কৰিব । ডিব্ৰুগড় থানাত উপস্থিত হোৱা চি বি আইৰ দলটোৱে বিশাল ফুকন সংক্রান্তীয় গোচৰৰ সকলো নথি-পত্ৰ আৰু আৰক্ষীয়ে এতিয়ালৈকে কৰা তদন্তৰ খতিয়ান লৈছে ।

লগত পঢ়ক:অনলাইন ট্ৰেডিং: তন্ন তন্নকৈ তদন্ত কৰিবলৈ আহি পালে চি বি আই

অনলাইন ট্ৰেডিং গোচৰ: ধন বিনিয়োগকাৰীক তলব চি বি আইৰ

ABOUT THE AUTHOR

...view details