অসম

assam

গাড়ীৰ ভিতৰ উদ্ধাৰ যুৱকৰ ক্ষত-বিক্ষত মৃতদেহ: কিছু দূৰৈত তেজেৰে তুমৰলি হৈ জীৱন্তে পৰি আছিল আন এজন - Sensational Murder

By ETV Bharat Assamese Team

Published : Sep 13, 2024, 12:04 PM IST

Crime in Guwahati : মহানগৰীত পুনৰ হত্যাকাণ্ড ৷ এইবাৰৰ স্থান গড়ভংগা সংৰক্ষিত বনাঞ্চল ৷ তেজেৰে লুতুৰি-পুতুৰি থকা অৱস্থাত উদ্ধাৰ আন এজন যুৱক ৷ কোনে, কিয় হত্যা কৰিলে, এতিয়াও পোহৰলৈ অহা নাই কোনো তথ্য ৷

Crime in Guwahati
মহানগৰীৰ গড়ভংগাত নৃশংস হত্যাকাণ্ড (ETV Bharat)

গুৱাহাটী, 13 ছেপ্টেম্বৰ :ক্ৰমাৎ যেন অপৰাধৰ নগৰীলৈ পৰ্যবসিত হৈছে গুৱাহাটী মহানগৰ ৷ প্ৰতিদিনেই উত্তৰ-পূবৰ দুৱাৰমুখ স্বৰূপ মহানগৰীখনত সংঘটিত হ’বলৈ ধৰিছে ন ন ঘটনা ৷ কেতিয়াবা যদি পদপথত ওলাই নৱজাতকৰ মৃতদেহ, আন কেতিয়াবা আকৌ পোহৰলৈ আহে আত্মীই আত্মীয়ক হত্যা কৰা ঘটনা ৷ চুৰি-ডকাইতিৰ ঘটনাৰো যেন লেখ নোহোৱা হৈছে ৷ বৃহস্পতিবাৰেও ব্যতিক্ৰম নহ’ল ৷ বৃহস্পতিবাৰৰ দিনটোতো গুৱাহাটী মহানগৰীত সংঘটিত বহু কেইটা অপৰাধ ৷

  • নৃশংস হত্যাকাণ্ড :

ৰাজ্যৰ ৰাজধানী মহানগৰীত পুনৰ সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড । এইবাৰ মহানগৰীৰ পাৰ্শ্বৱৰ্তী গড়ভংগা সংৰক্ষিত বনাঞ্চলত সংঘটিত হৈছে এই ঘটনা । জানিব পৰা মতে, বৃহস্পতিবাৰে দিনৰ প্ৰায় 4 বজাত অঞ্চলটোৰ কেইবাজনো ছাত্ৰই গড়ভংগাৰ অন্তৰ্গত জালুক পাহাৰ অঞ্চলৰ পথৰ দাঁতিত ৰখাই থোৱা অৱস্থাত এখন চাৰিচকীয়া বাহন প্ৰতক্ষ কৰে ৷ ছাত্ৰকেইজনে কাষলৈ গৈ গাড়ীখনৰ ভিতৰত প্ৰত্যক্ষ কৰে এজন যুৱকৰ ক্ষত-বিক্ষত মৃতদেহ ।

মহানগৰীৰ গড়ভংগাত নৃশংস হত্যাকাণ্ড (ETV Bharat)

কেৱল এয়াই নহয় ৷ ইয়াৰে পৰা কিছু দূৰৈত থকা পাহাৰৰ তলত আন এজন ব্যক্তিক অতি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত অৱস্থাত উদ্ধাৰ কৰে স্থানীয় লোকে । ইয়াৰ পিছতে ঘটনা সন্দৰ্ভত আৰক্ষীক অৱগত কৰা হয় ৷ ঘটনাৰ বিষয়ে জানিব পাৰি ঘটনা স্থলীত গড়চুক আৰক্ষী উপস্থিত হয় ৷

লগতে পঢ়ক :দৰ্শনৰ পত্নীয়ে জামিনৰ কথা নপতাকৈ কেৱল চাৰ্জশ্বীটৰ বিষয়েহে আলোচনা কৰিলে - RENUKASWAMY MURDER CASE

উক্ত অঞ্চলটো যিহেতু পলাশবাৰী আৰক্ষীৰ অন্তৰ্গত, সেয়েহে কিছুসময় পিছতে পলাশবাৰী আৰক্ষীও উপস্থিত হৈ তদন্ত আৰম্ভ কৰে । লগতে নিহত যুৱকজনৰ মৃতদেহ মৰোণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰাৰ লগতে আঘাতপ্ৰাপ্ত লোকজনক উদ্ধাৰ কৰি চিকিসালয়লৈ প্ৰেৰণ কৰে ।

ইফালে মৃতদেহটো পোৱা AS 01 QC 3994 নম্বৰৰ বাহনখনো আৰক্ষীয়ে উদ্ধাৰ কৰে । মহানগৰীৰ পৰা 22 কিলোমিটাৰ ভিতৰত এক দুৰ্গম অঞ্চলত কোনে, কি উদ্দেশ্যত এই হত্যাকাণ্ড সংঘটিত কৰিলে বৰ্তমানলৈ সেই সন্দৰ্ভত জানিব পৰা হোৱা নাই । ইফালে আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে যদিও ঘটনাস্থলী অতি দুৰ্গম হোৱাৰ বাবে তদন্ত প্ৰক্ৰিয়া কিছু লেহেমীয়া হৈছে বুলি জানিব পৰা গৈছে ।

  • মহানগৰীৰ লালমাটিত আটক পিষ্টলধাৰী গেং :

ইফালে মহানগৰীৰ লালমাটিত আৰক্ষীৰ অভিযানত এটা .32 পিষ্টল জব্দ কৰাৰ লগতে আটক পিষ্টলধাৰী গেঙৰ কেইবাজনো যুৱকক । জানিব পৰা মতে, এক দুৰ্ঘটনাক কেন্দ্ৰ কৰি আদিত্য শৰ্মা বৰুৱা নামৰ এজন লোকে মহানগৰীৰ দক্ষিণগাঁৱত এজন লোকক খেদি খেদি গুলীচালনা কৰি সেই স্থানৰ পৰা পলায়ন কৰে ।

পিষ্টলধাৰী গেং আটক (ETV Bharat)

ইফালে এই খবৰ ভগদত্তপুৰ আৰক্ষীয়ে লাভ কৰাৰ পিছতে পিষ্টলধাৰী গেংটোক বশিষ্ঠ আৰু হাতীগাঁও আৰক্ষীৰ সহযোগত অৱশেষত লালমাটিৰ গেম ভিলেজৰ সন্মুখৰ পৰা আটক কৰে । লগতে আৰক্ষীয়ে জব্দ কৰে AS 01 FS 6146 নম্বৰ এখন বিলাসী বাহন ।

অপৰাধ নগৰী ! (ETV Bharat)

এক সূত্ৰৰ খবৰ অনুসৰি, আদিত্য শৰ্মা বৰুৱাৰ ঘৰ লখিমপুৰত । RSS ৰ লখিমপুৰ জিলাৰ শাৰীৰিক প্ৰমুখ আদিত্য শৰ্মা বৰুৱা । লখিমপুৰত RSS ৰ সকলো প্ৰশিক্ষণ দিয়ে আদিত্য শৰ্মা বৰুৱাই ।

লগতে পঢ়ক :শোৱাপাটীতে দুৰ্বৃত্তই হত্যা কৰিলে জলসম্পদ বিভাগৰ কৰ্মচাৰীক - Sensational Murder

ABOUT THE AUTHOR

...view details