গোলাঘাট, 16 মে’: গোলাঘাটত এগৰাকী ব্যক্তিৰ সৰ্প দংশনত মৃত্যু ৷ জিলাখনৰ দেৰগাঁও মিছামৰা অঞ্চলৰ বাসিন্দা 65 বছৰীয়া ৰাজেন ভূঞা নামৰ এগৰাকী ব্যক্তিৰ এই সৰ্প দংশনত মৃত্যু ঘটে ৷
জানিব পৰা মতে, বাগিচাৰ মাজত ওলোৱা এডাল বিষাক্ত ফেঁটী সাপৰ সৈতে লোকজনে বহু সময় ধৰি ধেমালি কৰি আছিল ৷ পিছে বিধিৰ লিখন নাযায় খণ্ডন ৷ আকস্মিকভাৱে সাপডালে ব্যক্তিগৰাকীক দংশন কৰে ৷ এই সকলো দৃশ্য বন্দী হৈ ৰয় কেমেৰাত ৷ ঘটনাটোৰ পিছতে ৰাজেন ভূঞাক ততাতৈয়াকৈ বাগিচাৰ এম্বুলেঞ্চৰ সহায়ত গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হয় ৷
পৰৱৰ্তী সময়ত ব্যক্তিগৰাকীক উন্নত চিকিৎসাৰ খাতিৰত লৈ যোৱা হয় যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ ৷ চিকিৎসাধীন অৱস্থাতে ব্যক্তিগৰাকীয়ে মৃত্যুক আঁকোৱালি লয় ৷ জানিব পৰা মতে, ব্যক্তিগৰাকীক চিকিৎসালয়লৈ নিওঁতে কিছু পলম হৈছিল ৷ সঠিক সময়ত উপযুক্ত চিকিৎসা লাভ নকৰাৰ ফলতে ব্যক্তিগৰাকীৰ মৃত্যু ঘটা বুলি একাংশই ক’ব খোজে ৷