অসম

assam

ETV Bharat / state

প্ৰসংগ স্মাৰ্ট মিটাৰ : মুখ্যমন্ত্ৰী গণবিচ্ছিন্ন হোৱা বুলি মন্তব্য কৃষক মুক্তি সংগ্ৰাম সমিতিৰ - APDCL Smart Meter Issue - APDCL SMART METER ISSUE

Protest against Smart Meter : স্মাৰ্ট মিটাৰৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ মন্তব্যক গৰিহণা দিছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৷ ৰাইজৰ প্ৰতিবাবাদক মুখ্যমন্ত্ৰীয়ে উপলুঙা কৰা বুলি অভিযোগৰ সংগঠনটোৰ ৷ শীঘ্ৰে স্মার্ট মিটাৰৰ সমস্যাটো সমাধানৰ দাবী কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ৷

Protest against Smart Meter
স্মাৰ্ট মিটাৰৰ প্ৰসংগত কৃষক মুক্তি সংগ্ৰাম সমিতি (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Aug 21, 2024, 9:19 PM IST

গুৱাহাটী, ২১ আগষ্ট :মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা গণবিচ্ছিন্ন হৈছে ৷ স্মার্ট মিটাৰৰ বিল বৃদ্ধিৰ বিৰোধিতা কৰি ৰাইজে কৰা প্ৰতিবাদক স্বয়ং মুখ্যমন্ত্ৰীয়ে উপলুঙা কৰি APDCL আৰু শক্তি বিভাগক ৰক্ষণাবেক্ষণ দিছে ৷ এই অভিযোগ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ৷

স্মার্ট মিটাৰত বিল বাঢ়িবই নোৱাৰে আৰু ই গ্ৰাহকৰ বাবে মিতব্যয়িতাৰ আহিলাহে বুলি কোৱা কাৰ্যৰ বিৰোধিতা কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৷ কেৱল পৰিয়ালৰ বৈধ-অবৈধ সম্পত্তিৰ দীঘলীয়া তালিকা হাতত লৈ সুযোগ পালেই ছাফাই গাই সুৰক্ষা দিয়াত মুখ্যমন্ত্ৰীগৰাকী ব্যস্ত হৈ পৰে বুলি সংগঠনটোৱে অভিযোগ উত্থাপন কৰিছে ৷ লগতে কয় যে মুখ্যমন্ত্ৰীগৰাকীৰ কার্যকালত আজি ৰাজ্যবাসী অসুৰক্ষিত ৷

শেহতীয়াকৈ অসমৰ প্ৰায় ৬০ শতাংশ ভূমি বানে ক্ষতিগ্ৰস্ত কৰাৰ সমান্তৰালভাৱে শিশু খাদ্যৰ পৰা ঔষধলৈকে নিত্য ব্যৱহাৰ্য প্ৰতিপদ সামগ্ৰীৰ অবাধ দামবৃদ্ধিৰ জুয়ে ৰাজ্যবাসীক দহি সময়তে সময়তে বিদ্যুৎ বিভাগে অসমৰ দুখীয়া আৰু মধ্যবিত্ত পৰিয়ালসমূহৰ তেজ শুহি খাইছে বুলি মন্তব্য কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৷

বুধবাৰে সংগঠনটোৰ গান্ধীবস্তিৰ মুখ্য কার্যালয়ত সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়া, মুখ্য সাংগঠনিক সম্পাদক বিতুমণি হাজৰিকা, আকাশ দলে, কার্যনিৰ্বাহক সদস্য অৰিন্দম গগৈয়ে সংবাদমেল সম্বোধন কৰে ৷ সংবাদমেলযোগে সংগঠনটোৱে অভিযোগ উত্থাপন কৰে যে প্ৰায় প্ৰতিগৰাকী গ্ৰাহকৰ ক্ষেত্ৰতে পূৰ্বৰ তুলনাত স্মার্ট মিটাৰ সংস্থাপনৰ পিচত বিলসমূহৰ আকাশ-পাতাল পার্থক্যই দেখা দিছে ৷ প্ৰিপেইড স্মার্ট মিটাৰ সংযোগৰ পিচত পূৰ্বতকৈ দহ-পোন্ধৰ গুণ বিদ্যুতৰ মাচুল বৃদ্ধি হোৱা বুলি উল্লেখ কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৷

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এপি ডি চি এল, শক্তি বিভাগক ৰক্ষণাবেক্ষণ দিয়াৰ পৰিৱৰ্তে স্মার্ট মিটাৰৰ সমস্যাটো সমাধানৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায় মুক্তি সংগ্ৰাম সমিতিয়ে ৷ অন্যথা সৰ্বস্তৰৰ জনসাধাৰণক একত্ৰিত কৰি ব্যাপক গণ প্ৰতিবাদৰ সূচনা কৰাৰ হুংকাৰ প্ৰদান কৰে সংগঠনটোৱে ৷

লগতে পঢ়ক :স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে নগাঁৱত দল-সংগঠনৰ প্ৰতিবাদ

স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে প্ৰতিবাদ: চৰকাৰক সমালোচনা আমছুৰ কেন্দ্ৰীয় সভাপতিৰ

জংগী আন্দোলনৰ হুংকাৰেৰে ৰাজ্যজুৰি আমছুৰ প্ৰতিবাদ: স্মাৰ্ট মিটাৰ স্থাপনৰ বিৰোধিতা

ABOUT THE AUTHOR

...view details