গোলাঘাট, ১৭ জুন :"ৰাজনৈতিক নেতা, মন্ত্ৰীসকলে আহোম জনগোষ্ঠীৰ বাবে একো কৰা নাই । ৰাজনৈতিক পথাৰখনত আহোম জনগোষ্ঠীটোক কেৱল ট্ৰাম্প কাৰ্ড হিচাপেহে ব্যৱহাৰ কৰি আহিছে ।" এই মন্তব্য় আটাছুৰ কেন্দ্ৰীয় সভাপতি বসন্ত গগৈৰ ।
দেওবাৰে সদৌ টাই আহোম ছাত্ৰ সন্থাৰ নৱ-নিৰ্বাচিত গোলাঘাট জিলা সমিতিৰ শপত গ্ৰহণ আৰু সম্বৰ্ধনা অনুষ্ঠানত অংশগ্ৰহণ কৰি এইদৰে জনপ্ৰতিনিধিৰ বিৰুদ্ধে ক্ষোভ উজাৰি আটাছুৰ কেন্দ্ৰীয় সভাপতিগৰাকীয়ে পুনৰ কয়, "যেতিয়াই ৰাজনৈতিক স্বাৰ্থ সিদ্ধি হয়; মন্ত্ৰী, বিধায়ক হয়গৈ, তেতিয়া আহোম জনগোষ্ঠীৰ উত্তৰণ আৰু বিকাশৰ বাবে চূড়ান্তভাৱে পিঠি দিয়ে ।"
আটাছুৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া জ্যোতিপ্ৰসাদ গগৈৰ পৌৰোহিত্যত অনুষ্ঠিত এই অনুষ্ঠানটোত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় সভাপতিগৰাকীয়ে লগতে কয়, "আহোম জনগোষ্ঠীৰ পবিত্ৰ মাৰ্ঘেৰিটাই কেন্দ্ৰীয় মন্ত্ৰীসভাত স্থান লাভ কৰিছে আৰু যোৰহাট লোকসভা সমষ্টিৰ পৰা গৌৰৱ গগৈৰ সাংসদ হিচাপে নিৰ্বাচিত হৈছে । আগন্তুক সময়ত এই দুগৰাকী নেতাই সদনৰ মজিয়াত আহোম জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত কেনেদৰে সৰৱ হয়, উত্তৰণৰ বাবে কেনে ভূমিকা গ্ৰহণ কৰে আমি দৃষ্টি নিৱদ্ধ ৰাখিম ।"
ইপিনে,আহোম জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত সংগঠনটোৱে গ্ৰহণ কৰা এলানি আন্দোলনৰ কাৰ্যসূচীৰ বিষয়ে উল্লেখ কৰি তেওঁ কয় যে অহা ১৮ জুনত গুৱাহাটীত গণ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব । তদুপৰি অহা ২১ জুনত শিৱসাগৰত বাইক ৰেলী, ৬ ছেপ্তেম্বৰত নতুন দিল্লীত জনজাতিকৰণৰ দাবীত আটাছুয়ে গণ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব ।