অসম

assam

ETV Bharat / state

শীৰ্ষ জনসম্পৰ্ক সন্মান চাণক্যৰে সন্মানিত গুৱাহাটীৰ নুৰুল লস্কৰ

এইবৰ্ষৰ PRCI ৰ চানক্য বঁটা লাভ কৰিছে উত্তৰ-পূব ভাৰতৰ জ্যেষ্ঠ জনসংযোগ বৃত্তিজীৱি তথা প্ৰেৰণাদায়ক বক্তা নুৰুল ইছলাম লস্কৰে ।

Nurul Laskar of Guwahati receives Chanakya award for public relations
চানক্য বঁটা (ETV Bharat)

By ETV Bharat Assamese Team

Published : Nov 11, 2024, 7:16 AM IST

গুৱাহাটী :ইতিমধ্যে প্ৰদান কৰা হ’ল এইবৰ্ষৰ চানক্য বঁটা ৷ ভাৰতীয় জনসংযোগ পৰিষদ (Public Relations Council of India চমুকৈপি আৰ চি আই)ৰ অখণ্ড জনসংযোগৰ বাবে এইবাৰ চানক্য বঁটা লাভ কৰিছে উত্তৰ-পূব ভাৰতৰ জ্যেষ্ঠ জনসংযোগ বৃত্তিজীৱি তথা প্ৰেৰণাদায়ক বক্তা নুৰুল ইছলাম লস্কৰে ।

কৰ্ণাটকৰ মাংগালুৰুত অনুষ্ঠিত হৈ থকা ১৮ সংখ্যক গ্ল’বেল কমিউনিকেচন কনক্লেভত শুকুৰবাৰে কেন্দ্ৰীয় শক্তি আৰু নৱীকৰণযোগ্য শক্তিৰ ৰাজ্যিক মন্ত্ৰী শ্ৰীপদ য়েছ’ নায়কৰ হাতৰ পৰা বক্তা নুৰুল ইছলাম লস্কৰে এই সন্মানীয় চানক্য বঁটা ২০২৪ গ্ৰহণ কৰে ।

এই বঁটা প্ৰদান অনুষ্ঠানত পি আৰ চি আইৰ জ্যেষ্ঠ কৰ্মকৰ্তাসকলৰ উপৰিও মিছ গ্ল’বেল ইণ্ডিয়া ২০২৪ ছুইজাল মাৰিয়া ফুৰ্টাডো উপস্থিত থাকে । মাংগালুৰু কনক্লেভত লস্কাৰক “কাৰ্যকৰী আন্তঃক্ৰিয়াৰ জৰিয়তে যোগাযোগ শৈলীসমূহৰ পুনৰ সংহতকৰণ” বিষয় পেনেল আলোচনাৰ কাৰ্যনিৰ্বাহকৰ দায়িত্বও দিয়া হয় ৷ য’ত দেশৰ আগশাৰীৰ কৰ্পৰেট মুখপাত্ৰসকলে অংশগ্ৰহণ কৰে ।

জনসংযোগৰ বিভিন্ন ক্ষেত্ৰত সাফল্য অৰ্জন কৰা ব্যক্তিসকলক স্বীকৃতি প্ৰদানৰ উদ্দেশ্যে ভাৰতীয় জনসংযোগ পৰিষদে (পি আৰ চি আই) ১৫ বছৰ পূৰ্বে প্ৰৱৰ্তন কৰিছিল ‘চানক্য’ বঁটা । ইয়াৰ পূৰ্বে ছেভেন চেন্স কমিউনিকেচনৰ প্ৰতিষ্ঠাপক সঞ্চালক শুভংকৰ বেনাৰ্জী আৰু অসম ডন বস্কো বিশ্ববিদ্যালয়ৰ জনসংযোগ বিভাগৰ মূৰব্বী ড৹ আল্পনা চৌধুৰীয়ে ক্ৰমে ২০২১ আৰু ২০২২ চনত এই চাণক্য বঁটা লাভ কৰিছিল ।

আই আই এম চি, মিজোৰাম কেম্পাছৰ প্ৰাক্তন সঞ্চালক এল আৰ চাইলোক ২০০৭ চনত ‘‘পি আৰ চি আই হল অৱ ফেম’’ত অন্তৰ্ভুক্ত কৰা হৈছিল ।

লগতে পঢ়ক :শৰতৰ পূৰ্ণিমাত ৰাসলীলা কৰিবলৈ সাজু ৰাজ্যৰ গোপিনী

ABOUT THE AUTHOR

...view details