অসম

assam

ETV Bharat / state

দুস্প্ৰাপ্য দেওহাঁহে হাঁহি বিৰিঙাইছে প্ৰকৃতিপ্ৰেমীৰ মুখত - NAMERI NATIONAL PARK

বৃদ্ধি পাইছে ৰাজ্যিক পক্ষী দেওহাঁহৰ সংখ্যা । ৰাজ্যিক পক্ষী দেওহাঁহৰ সংখ্যাবৃদ্ধিয়ে আশাৰ ৰেঙনি বিয়পাইছে পৰ্যটন ক্ষেত্ৰলৈ ।

Number of white winged wood ducks has increased in Nameri National Park and Tiger Project
দুস্প্ৰাপ্য দেওহাঁহে হাঁহি বিৰিঙাইছে প্ৰকৃতিপ্ৰেমীৰ মুখত (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : 15 hours ago

তেজপুৰ:অসম-অৰুণাচল সীমান্তৱৰ্তী তথা শোণিতপুৰৰ নামেৰী ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যঘ্ৰ প্ৰকল্পত ক্ৰমান্বয়ে বৃদ্ধি পাইছে ৰাজ্যিক পক্ষী দেওহাঁহৰ সংখ্যা । ক্ৰমান্বয়ে অৱলুপ্তিৰ মুখলৈ আগবঢ়া এইবিধ পক্ষী পূৰ্বে বিহালী সংৰক্ষিত বনাঞ্চল, ডুমডুমা, ডিব্ৰু ছৈখোৱা, দিহিং-পাটকাইকে ধৰি কেইবাখনো অৰণ্যত পোৱা গৈছিল ।

সময়ৰ লগে লগে ৰাজ্যৰ আন বনাঞ্চলত দেওহাঁহৰ অস্তিত্ব নোহোৱা হৈ পৰাৰ বিপৰীতে দিহিং-পাটকাইত সামান্যসংখ্যক দেওহাঁহৰ বাহিৰে নামেৰী ৰাষ্ট্ৰীয় উদ্যানতহে কিছুসংখ্যক দেওহাঁহৰ অস্তিত্ব বৰ্তি থাকিল । দেওহাঁহৰ এনেদৰে সংখ্যা হ্ৰাসে প্ৰকৃতিপ্ৰেমী তথা চৰকাৰকো চিন্তিত কৰি তোলাৰ পাছত দেওহাঁহৰ সংৰক্ষণৰ বাবে নামেৰীত আৰম্ভ কৰা হয় এক প্ৰকল্প । ৰাজ্যিক পক্ষীবিধৰ সংৰক্ষণৰ স্বাৰ্থত নামেৰী ৰাষ্ট্ৰীয় উদ্যানত যোৱা বছৰৰ পৰা আৰম্ভ কৰা বন বিভাগৰ এই প্ৰকল্পৰ অধীনত দেওহাঁহৰ সংৰক্ষণ তথা এই বিশেষ পক্ষীবিধৰ জীয়াই থকাৰ বাবে প্ৰয়োজনীয় সকলো উপাদানৰ বিষয়ে পৰীক্ষা নীৰিক্ষা চলোৱা হয় ।

বৰ্তমানেও অব্যাহত থকা এই প্ৰকল্পৰ অধীনত দেওহাঁহৰ বিচৰণ ক্ষেত্ৰ তথা বিলসমূহৰ পৰ্যবেক্ষণ কৰাৰ লগতে দেওহাঁহৰ বাবে উপযোগী হোৱাকৈ তিনিখন বিল আঁচনিৰ অধীনত সাজু কৰা হয় । মনকৰিবলগীয়া যে এই তিনিখন বিলৰ ভিতৰত দুখনলৈ দেওহাঁহৰ যথেষ্ট পৰিমাণে আগমন ঘটে আৰু নামেৰী ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যঘ্ৰ প্ৰকল্পত এইবিধ ৰহস্যময় পক্ষীৰ বংশবৃদ্ধিও আশানুৰূপভাৱে হ’বলৈ ধৰে ।

উল্লেখযোগ্য যে থলুৱাভাৱে দেওহাঁহ বুলি পৰিচিত এই হোৱাইট উইং উড ডাক এতিয়া নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ গৌৰৱ । আনহাতে, সাধাৰণতে জনচক্ষুৰ আঁৰত থকা এইবিধ পক্ষী নামেৰীত আকৌ পৰ্যটকৰ আগমনস্থলীৰ আশে-পাশেও দেখিবলৈ পোৱা যায় আৰু সেয়ে কেৱল এইবিধ হাঁহৰ দৰ্শনৰ বাবেই বছৰি দেশ-বিদেশৰ বহুসংখ্যক পৰ্যটকৰ আগমন ঘটে শোণিতপুৰৰ এইখন ৰাষ্ট্ৰীয় উদ্যানলৈ ।

শোণিতপুৰ পশ্চিম বন সংমণ্ডলৰ প্ৰাধিকাৰী বি পিৰাইচুদনে কয়, "বৰ্তমান নামেৰীত প্ৰায় ৭০-৭২টা দেওহাঁহ আছে । এই দেওহাঁহ চাবলৈকে জাৰ্মানী, ৰাছিয়াকে ধৰি বিদেশৰ পৰা পৰ্যটকৰ আগমন হয় । এইবিধ পক্ষীৰ এনে সংখ্যাবৃদ্ধিয়ে এতিয়া ৰাজ্য চৰকাৰৰ লগতে বন বিভাগক যথেষ্ট উৎসাহিত কৰিছে । নামেৰীৰ বাবে দেওহাঁহ আৰু দেওহাঁহৰ বাবে নামেৰী ৰাষ্ট্ৰীয় উদ্যান অতি গুৰুত্বপূৰ্ণ । সম্প্ৰতি নামেৰীত কমেও দুটা দেওহাঁহত ৰেডিঅ’ কলাৰ লগোৱাৰ বাবেও পৰিকল্পনা কৰা হৈছে ।"

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পিছতেই সৰ্বাধিক দেশী-বিদেশী পৰ্যটকৰ আগমন হোৱা নামেৰী ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যঘ্ৰ প্ৰকল্পত দেশী-বিদেশী পৰ্যটকসকলে উদ্যানখনৰ ভিতৰত পক্ষী নিৰীক্ষন, ট্ৰেকিং আৰু ৰাফটিঙৰ আনন্দ লাভ কৰি আহিছে যদিও এতিয়াৰে পৰা জীপছী চাফাৰীৰ জৰিয়তে উদ্যানখনৰ নিৰ্দিষ্ট পৰিসীমাৰ ভিতৰত দেওহাঁহকে ধৰি বিভিন্ন প্ৰকাৰৰ জীৱ-জন্তু নিৰীক্ষনৰ সুবিধা লাভ কৰিব পাৰিব বুলিও তেওঁ কয় ।

বিগত বৰ্ষত নামেৰী ৰাষ্ট্ৰীয় উদ্যানলৈ ১,০৩৬ গৰাকী বিদেশী পৰ্যটকৰ লগতে ত্ৰিশ সহস্ৰাধিক দেশীয় পৰ্যটকৰ আগমন হোৱাত বন বিভাগে ২৭ লাখ টকা ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হয় ।

লগতে পঢ়ক:উমৰাংছ' কয়লাখনি ট্ৰেজেডী : উদ্ধাৰকাৰ্যৰ বাবে মহাৰাষ্ট্ৰৰ পৰা অনা হৈছে উচ্চ শক্তিসম্পন্ন পাম্প - ASSAM MINING TRAGEDY

উমৰাংছ' ট্ৰেজেডি : পত্নীসহ দেৱলাল গাৰ্লোচাক গ্ৰেপ্তাৰৰ দাবী বিধায়ক নুৰুল হুদাৰ - ASSAM COAL MINE TRAGEDY

ABOUT THE AUTHOR

...view details